-- আপুনি এতিয়া লাহে লাহে চকু মেলিবলৈ চেষ্টা কৰক চোন ।
বহুত যত্ন কৰাৰ পাছত মই চকুৰ পতা মেলিব পাৰিলো । ডাক্তৰ ভৰালীয়ে আকৌ সুধিলে ,
- আপুনি বাৰু পোহৰ দেখিবলৈ পাইছেনে ?
--হয় অলপ পোহৰ দেখিবলৈ পাইছো ।
--ভেৰি গুড । এটা দীঘল উশাহ লৈ ডাক্তৰে কলে ।
--আপোনাৰ অপাৰেচন চাকচেচফুল হৈছে । আৰু এক সপ্তাহৰ পাছত আপুনি ঘৰলৈ যাব পাৰিব ।
সেই এটা সপ্তাহত সদায় মোৰ চকুৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলিল ।
আৰম্ভণিতে দুদিনমান ছয়াময়া দেখিছিলো । লাহে লাহে ডাক্তৰৰ হাতৰ আঙুলিবোৰ দেখা পোৱা হলো ।
যিদিনা ম ই ঘৰলৈ ঘূৰি যোৱাৰ কথা সেই দিনা খিৰিকীৰ কাষত ঠিয় হৈ দূৰৰ ঘৰ,বাৰী,আকাশ ,মেঘ সকলোবোৰ দেখিবলৈ পালো । মোৰ জীৱনটো পুনৰ পোহৰেৰে ভৰি পৰিল ।
--আজি মাই তুমি ভাল পোৱা ৰৌ মাছৰ আঞ্জা ৰান্ধিছে । টেক্সিত বহোতেই দেবজানীযে কলে ।
মাকৰ কথা শুনি আকৌ খং উঠি আহিল । সেই জনীৰ মুখলে চাব লাগিব । তথাপিও কলো,
--আজি ভালেমান দিনৰ মূৰত নিজৰ ঘৰ খন দেখিম অ মাতু-- । সেয়ে মনটো খুব ভাল লাগিছে ।
টেক্সিত খিৰিকীৰে বাহিৰলৈ চাই চাই দেবজানী নীৰৱ হৈ পৰিল । আনকি টেক্সিৰ পৰা নামি ভিতৰ সোমোৱালৈকে তাই নীৰৱ হৈয়েই থাকিল ।
গা পা ধুই একে বাৰে খোৱাৰ টেবুলত বহিলোগৈ । ডাঙৰ ৰৌ মাছৰ টুকুৰাৰে দেবজানীৰ মাকে নিজেই ভাতৰ থাল আগবঢাই দিছিল। দৃষ্টি লাভৰ দিনটোত বসন্তৰ দাগেৰে ভৰা মুখখন নাচাও বুলি তললৈ মূৰ কৰি থাকিলো । মানুহজনী মোৰ ওচৰৰ পৰা উচাট মাৰি যোৱাৰ দৰে আতৰি গ'ল । যেন ম ই এটা ঘীন লগা বস্তুহে । মাত্ৰ এষাৰ কথাই কৈছিল,
-- তোমাক ভালে ভালে ঘূৰাই অনাৰ বাবে ভগৱানক প্ৰনাম জনাইছো ।
--আৰু ঘৰ চলাবলৈ দিয়া টকাৰ পৰা বচাই ৰাখি ইমান ডাঙৰ কাম এটা কৰাৰ বাবে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছো কমলা ।
বোধকৰো জীৱনত প্ৰথমবাৰৰ বাবে মই পত্নীক নাম ধৰি মাতিলো । লগতে ম ই এইটোও বুজালো যে তুমি যি টকা ৰাহি কৰিছিলা সেয়া আচলতে মোৰেই টকা আছিল । তেনেকৈ কৈ মনটো কিছু পাতল লাগিল । পত্নীয়ে লৰালৰিকৈ আৰু এটা বাতি মোৰ সন্মুখত দি আতৰি গ'ল
আৰু বেৰৰ ফালে মূখ দি উচুপি উঠিল ।
--আজি মই আনন্দ পাইছো ! ভীষণ আনন্দ ।
কান্দোতে পাছ ফালৰ পৰা মানুহ জনী খুব কুৎসিত দেখা গৈছিল ।
ঠিক এনে সময়তে দেবজানী কৰবাৰ পৰা ওলাই আহি মাকক সাবটি ধৰি চিঞৰি উঠিল ।
---মা তুমি এতিয়াও কথা বোৰ লুকুৱাই ৰাখিব খুজিছা কিয় ? তুমি কিয় কৈ দিয়া নাই যে তোমাৰ সো চকুটোকে তুমি দেউতাক দিছা । দেউতা তোমাৰ নতুন চকু টো কোনো হেন্দিমেনৰ চকু নহয়--------সেইটো মাৰ চকু দেউতা ------যাক তুমি সদায়ে ঘৃণা কৰি আহিছা । -------দেবজানীযে হুক হুকাই কান্দি উঠিল ।
-কিন্তু ডাক্তৰে ??
-ডাক্তৰে কিয় তেনেকৈ কৈছিল জানা ? মাৰ কথা মতে । মাই ভাবিছিল মাৰ চকু বুলি জানিলে তুমি ঘৃণাত নলব ও পাৰা ।
মোৰ গোটেই শৰীৰ কপি উঠিল । যেন এটা বিজুলি সোঁতহে বৈ গল মোৰ শৰীৰৰ মাজেৰে
। মই ঢলংপলং কৈ কমলাৰ ওচৰলৈ উঠি গলো । দুয়ো হাতে দুইটা বাউসীত ধৰি মোৰ ফালে ঘূৰাই দিলো । কমলাৰ সো চকু টো নাই । তাৰ ঠাইত এটা পাতল বেন্দেজ ।
অজানিতে মোৰ মুখৰ পৰা ওলাই আহিল
।
--মোক ক্ষমা কৰা কমলা । তুমি দেবী ,ম ই তোমাক চিনি পোৱা নাছিলো । ম ই তোমাক বহুত ------
কমলাই মোৰ ওঠত হাতৰ তলুৱাৰে হেচি ধৰিলে ।
--নাপায় তেনেকৈ কব । তুমিহে মোৰ দেবতা । সেয়ে এপাহ ক'লা-গোলাপেৰেই তোমাক পূজা কৰিলো ।-
--নহয় নহয় কমলা ---ম ই আৰু কেতিয়াও ভুল নকৰো------ ৰংচঙীয়া সৌন্দৰ্য্য মোক নালাগে । তুমি কলা' গোলাপ হৈয়েই চিৰদিন মোৰ অন্তৰত ফুলি থাকিবা ।
পৰম আস্থাৰে ম ই কমলাক আকোঁৱালি ধৰিছিলো । দেবজানী কেতিয়াবাই কোঠাৰ পৰা ওলাই গৈছিল ।
-----------কাহিনীটো শেষ হ'ল । এইটো একুৰি দহ বছৰৰ আগৰ লেখা । নতুন গল্প আছে । মৰমৰ পাঠকে ভাল পালে দিম ।
ধন্যবাদ --------------
🖋️ভৰত ৰাজখোৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ