ধাৰাবাহিক উপন্যাস অনুতাপ-০৩

Rinku Rajowar
0
মহাপ্ৰলয়।অকল্পনীয় দৃশ্য।তীব্ৰবেগী ধুমুহাই সকলো শেষ কৰি পেলাইছে। বিজুলী-ধেৰেকনিত কাণ এডোখৰ এডোখৰ হোৱাৰ উপক্ৰম। চাৰিওফালে মানুহৰ চিঞঁৰ,বতাহৰ হু-হোৱনি।তামোলৰ গছডাল  আমাৰ ঘৰটোতে পৰিব লোৱাত মই চিঞঁৰিলো দেউতা,মা,ভণ্টি উলোৱা,পলোৱা,মা.....মা...... সোনকালে।মাকে জোকাৰি দিয়াত তাৰ চেতনা আহিল।দুফালে লোতক বাগৰি পৰিল। এইয়া আচলতে বাস্তৱ নহয় দু:স্বপ্নহে । দু:স্বপ্নৰ বিষাদে তাক চুই গ'ল। জীৱনটো বৰ জটিল অ'।একা-বেঁকা পথেৰে সি গৈ আছে আৰু গৈ থাকিব।কাষতে থকা বগা কাগজখনত আঁক-বাক কৰি গ'ল।
              অভিশপ্ত বাস্তৱ

মন্থৰ ৰুদ্ধ মোৰ এই জীৱনে আৰু আগুৱাব   নোখোজে,
কাৰণ আলোড়িত জীৱনৰ কঠোৰ বাস্তৱে
হঠাৎ অনিচ্ছাকৃতভাৱে স্তব্ধ কৰি দিয়ে
মোৰ জীৱনৰ জয়যাত্ৰা।
মৃত্যুয়ে মোক আমন্ত্ৰণ জনাইছে, মৃত্যুৰ দেশলৈ।
মোৰ তেজবোৰ গোট মাৰিছে 
ৰঙাৰ পৰা হৈ পৰিছে ক'লা,
বুকুৰ কান্দোনে কিবা ক'ব খুজিছে, কিন্তু....................... নোৱাৰো 
মোৰ উশাহবোৰ ক্ৰমাৎ চুটি হৈ আহিছে
মোৰ নিঠৰ শৰীৰ লৰচৰবিহীন
চাৰিওফালে অন্ধকাৰে আৱৰি ধৰিছে,
সিৰে সিৰে বিষাদবোৰে বৰ আমনি কৰিছে 
নিষ্ঠুৰ বাস্তৱৰ বাবে।
নীৰৱ আৰু নিদ্ৰাহীনতাৰ উজাগৰী নিশাৰে
পাৰ কৰিছোঁ মই মৃত্যুৰ সতে। 
 মৃত্যুৰ চেঁচা আঙুলিৰ স্পৰ্শত,কঁপি  উঠিছে
  বুকুত যেন কিহবাই গধুৰ হেঁচা   দিছে........,
 বিৰহ বিষাদৰ কৰুণ তালত,অপ্ৰাপ্তিৰ পৰাজয়ত
 বন্ধ কোঠালীৰ ক্ষীণ পোহৰত 
মৃত্যুৰ সংজ্ঞা বিছাৰি 
  মই অচিন বাটৰ পথভ্ৰষ্ট পক্ষী।
  মোৰ তেজৰঙা ৰক্তজবা মৰহি পৰিছে
  ছানি ধৰিছে নিতাল মৰা লাগি ধৰা  উশাহে।
   অব্যক্ত বেদনাবোৰ উথলি উঠিছে
  মোৰ বিধস্ত হৃদয়ে উচুপিছে
 দুৰ্বাৰ হেপাঁহ আছিল অ' জীয়াই থকাৰ...
 কিন্তু অভিশপ্ত বাস্তৱৰ বাবে
  মোৰ জীৱনে ইমানতে বিদায় মাগে।
          নাই মই কেতিয়াও হাৰি নাযাঁও। মই কেতিয়াও পৰি নৰওঁ।হাজাৰটা  দু:স্বপ্নই মোৰ মগজুত ভুমুকিয়াই গ্ৰাস কৰিব খোজে কিন্তু মই দ্বীপ দ্বীপেই হৈ থাকিম।
         বাহিৰত গভীৰ অপেক্ষা।মাক আৰু দ্বীপে হাতে-মূৰে আশা লৈ হস্পিটেলৰ বাৰাণ্ডাত ৰৈ আছে।আজি দেউতাৰ যি অৱস্থা হৈছিল সেইয়া মোৰ বাবে অসহনীয়। এনেকুৱা আৰু নহওক দেউতা । তুমি সুস্থ হৈ উঠা।তেনেতে ডাক্তৰে আহি ক'লে ।আপোনাৰ দেউতা সোনকালে সুস্থ হৈ উঠিব মাথোন দৰৱ-পাতি বোৰ সময় মতে খুৱাব। এটা নতুন জীৱন পোৱা যেন লাগিল দ্বীপৰ। দেউতাকক লৈ উভতি আহিল। 
   ‌‌       ভনীয়েক দুজনীয়ে কৈ আছে মা আমাকো নতুন কাপোৰ লাগে। এইবাৰ দেউতাৰ ঔষধ কিনা টকাখিনি ধাৰ শুজি শেষ হলেই ভনীয়েকহঁতলৈ নতুন কাপোৰ আনি দিব । এনেকৈয়ে দ্বীপৰ জীৱনটো খলা-বমাৰ মাজেদি পাৰ হৈছে।নিজক সফল আৰু সুখী কৰাৰ লগতে পৰিয়ালৰ সুখবোৰ সেউজীয়া কৰি  তোলাৰ প্ৰয়াসেৰে দ্বীপ এতিয়া জাগ্ৰত। এদিন আশাবোৰ জীপাল হ'ব,সপোনবোৰে ঠাই পাব।

🖋️পংখী মৰাণ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)