এজাক বৰষুণৰ অপেক্ষাত-১৯

Rinku Rajowar
0
এনেকৈয়ে বৰ্ষাৰ লগত অলপ দেৰি ইটো সিটো কথা পতাৰ পাছত মই ফোন টো কাটি দিলো। ফোনৰ স্পিকাৰ টো লাউদত আছিল কাৰণে মায়ে কথা বোৰ শুনি আছিল।
______ ভালেই হল দে এতিয়া ছোৱালী জনীৰ অলপ শান্তি হব। 
মায়ে কলে।
________ ওম নহলে টো মোকেই সন্দেহ কৰিছিল মাকে। বৰ্ষাৰ মোমায়েকৰ ঘৰত থাকোতে তাইৰ মাকে মোৰ লৈ ফোন কৰা কথা টো মই মাক কোৱা নাছিলো এতিয়া কৈ দিলো। বৰ্ষাৰ চিন্তা টো কমিল।
অলপ দেৰি মাৰ ওচৰতে ইটো সিটো কৰি থাকিলো। ভাত খাব হল। দেউতাও আহি ওচৰতে বহিলে।
ভাত খাই মই ভিতৰলৈ গুচি আহিলো।প্ৰান্তিক দাই মেচেজ কৰিব বুলি ফোন টো হাততে লৈ আছো। মই মেচেজ নকৰোঁ। পঢ়ি হলে তেওঁ নিজেই মেচেজ কৰিম কৈছে। টোপনিও ধৰিছে আৰু অলপ দেৰি চাই লওঁ যদি মেচেজ নকৰে মই শুই থাকিম। শুই থাকিম বুলি ভাবোতে  কেতিয়া নো টোপনি গলো গমেই নাপালো। একেবাৰে ৰাতিপুৱা সাৰ পাইছো।ফোন টো চালো দুটা মিচ কল আৰু কেইবাটাও মেচেজ প্ৰান্তিক দাৰ । ইচ ইমান বেয়া কৈ শুলো নে মই? সাৰ পাই লগালগ মই মেচেজ কৰিলো তেতিয়া ৭ টা বাজিবৰ হৈছে।
_________ বেয়া নাপাব কালি একদম টোপনি গুচি গলো গমেই নাপালো একো।
মেচেজ reply নকৰি তেওঁ লগা লগ ফোন কৰিছে।
প্ৰান্তিক_______ গুদ মৰনিং,,,, গম পাইছো তুমি শুই গলা বুলি দিনটো ভাগৰ জানো অলপ লাগিছিল।
ভাল লাগিছে তেওঁ নুকুৱাকেই মোৰ ভাগৰ খিনিৰ কথা যে বুজি পাইছে।
________ ওম মই আপুনি মেচেজ কৰিব বুলি ভাবি আছিলো কেতিয়া টোপনি গুচি গলোঁ জানো। আৰু ৰাতি এবাৰো সাৰ নাপালোঁ।
প্ৰান্তিক_______মেচেজ কৰিম বুলি ভাবি হে আছিলা মানে কৰিব নোৱাৰিলা।
________ নহয় আপুনি পঢ়ি আছিল যে মই সেইকাৰণে নকৰিলোঁ আৰু।
প্ৰান্তিক_______ ওম গম পাইছো দিয়া। এতিয়া উঠিলা নে?
________ উঠিব লৈছো আপুনি ? আৰু exam কেই বজাৰ পৰা আছে?
প্ৰান্তিক________ তুমি মেচেজ কৰোতে মইও সাৰ পাইছো। ৯ বজাৰ পৰা exam,,,, ওলাব হবই এতিয়া।
_______ ওম
প্ৰান্তিক_______ উঠা যোৱা ছোৱালী মানুহ ইমান দেৰি শুই থাকে নেকি?
________ ইহ আপুনি বৰ জানে,,,,
প্ৰান্তিক_______ আৰু কি সঁচা কথাই কৈছোঁ।
________ huh
প্ৰান্তিক_______ লাগি গ"লা ন" ৰাতিপুৱাই কাজিয়া কৰিব।
_______ ক'ত নো মই কাজিয়া কৰিলো।হব sorry
প্ৰান্তিক______ আকৌ sorry কিহৰ? মই ধেমালি হে কৰিছো।
_______ ওম
প্ৰান্তিক_______ হব এতিয়া আহি পাতিম একেবাৰে,,,,দেৰি হব নহলে মোৰ।
_________ ঠিক আছে
_________ অ শুনক,,,,
প্ৰান্তিক________ কোৱা
_________ এক্সাম ভাল কৈ দিব bye
প্ৰান্তিক________ okey পোৱালি bye
ফোন টো কাটি মুখত এটা হাঁহি লৈ বাহিৰলৈ গৈছো।
_________ কি হল,,,,ৰাতিপুৱাই হাঁহি হাঁহি ওলাইছ" যে?
মই লগা লগ গহীন হৈ দিলো
________ কত নাই হঁহা
ৰাতিপুৱা চাহ খাই যি টি কৰি তেনেকৈয়ে সময় বোৰ পাৰ কৰিলো। কলেজৰ পৰা ওলাই য়েই প্ৰান্তিক দাই মোৰ লৈ মেচেজ কৰিছে। Exam ভালেই হল তেওঁৰ। এনেকৈয়ে তেওঁৰ বাকী কেইটা পৰীক্ষাও শেষ হল। আমাৰো ৰিজাল্ট দিব দুই এদিনতে। ভয় ভয় লাগি আছে। মায়েও ৰিজাল্টৰ কথা কৈ কৈ বৰ ভয় খুৱাই থাকে। ,,,,,,,,,,,,

আজি সোমবাৰ। আমাৰ ৰিজাল্ট দিব। বৰ্ষা লৈ ফোন কৰিছো তাইৰো ভয়,,,,, পৰীক্ষাৰ সময়ত তাইৰ ঘৰত সেইবোৰ হোৱা কাৰণে তাইৰ অলপ অসুবিধা হল। বাৰু একো নাই। নিজৰে ভয় তাৰ পাছতো তাইক ভাল হব বুলি কৈ সান্তনা দিলো। ৰাতিপুৱা ৯ বাজিছে। মায়ে ভাত দিছে খাবলৈ। খাই থাকোতেই পৰীক্ষাৰ কথা ভাবি আছো।কি হব কি নহব। ভাত খাই চিধাই কলেজলৈ বুলি ওলাইছো। গাড়ীত গৈ আছো তেনেতে প্ৰান্তিক দাই ফোন কৰিলে। গম পালোৱেই কি কব তেওঁ
_______ হেল্ল"
প্ৰান্তিক_______ পাৰ্টি টো পাম নহয় আজি। কত দিবা কোৱা।
_______ কিনো কথা নাই বতৰা নাই চিধাই পাৰ্টি। ৰিজাল্ট কেনেকুৱা হব সেইটো সুধিব পৰা নাই।huh
প্ৰান্তিক_______ মই জানো নহয় পোৱালিৰ ৰিজাল্ট এনেও ভালেই হব।
________ ইহ আপুনি এনে সৰৱ জানৰ ভতিজাক টো। সব জানে!
হাঁহি দিলো
প্ৰান্তিক________ কি কি কি কলা?
_______ সৰু লৰাই বুজি নাপাব।
মই অলপ ধেমালি কৰিলো
প্ৰান্তিক________ আা,,,,, পোৱালিৰ কথা শুনা এতিয়া মই হে সৰু হলো মানে?
________ ওম
প্ৰান্তিক________ আৰু কোৱা কত আছা এতিয়া?
_______ কলেজ গৈ আছো।
প্ৰান্তিক_______ ওম ঠিক আছে আহা তেতিয়া হ"লে।
______ ওম

আজি বহুত দিনৰ মূৰত সৱকে লগ পাম। ভাল লাগিছে মনটো। লাষ্ট বৰ্ষাক থবলৈ যাওঁতেই লগ পোৱা।
কলেজ পালো গৈ। ভিতৰলৈ সোমোৱা আগতে বৰ্ষা লৈ ফোন কৰিলো। তাই আহি আছে পাবহিয়ে এতিয়া ।ৰৈ দিলো সেইখিনি তে অলপ ,,,,অকলে যাবলৈ কিবা লাগিছে। 
_______ hey puwali
ঘূৰি চালো। প্ৰান্তিক দা। ক"ৰ পৰা  নো ওলাই হি জানো ? লাজ লাগে তেওঁক অকলে লগ পালে। বুকু খন ধপ ধপ কৰিছে। তেওঁ লৈ  অলপ কৈ চাই আকৌ তলমুৰ কৰি দিলো।
প্ৰান্তিক_______ লাজ কৰিছা? 
________  uhu,,,, কিয় লাজ কৰিম মই?
________ গছত থাকে নেকি আপুনি?  পতককৈ যে মুখৰ আগতে ওলাই।
প্ৰান্তিক_______ তুমি আহিবা বুলি ৰৈ আছিলো আকৌ।
_______ এহ ৰৈ থাকিবলৈ বা কি আছে?
প্ৰান্তিক______ পোৱালি মানুহ ভয় কৰিবা যে সেইকাৰণে।
________ হব বেছি কৰে আপুনি
প্ৰান্তিক______ কত বেছি কৰিলো। ব"লা কলেজ নোযোৱা নেকি ? নে মোৰ কাৰণে ৰৈ আছা?
হাঁহি দিলে
______ কিনো অ মই আপোনাৰ কাৰণে ৰৈ থকা নাই। বৰ্ষা আহিব কাৰণে ৰৈ আছো। নিজকে নিজে কিনো ভাবি থাকে।
প্ৰান্তিক______ হব আই মই ধেমালি কৰিছো।
তেনেকুৱা তে বৰ্ষা আহিল। কলেজলৈ গলো। লগত প্ৰান্তিক দাও। কলেজত বহুত ভিৰ। আৰু অলপ দেৰি পাছত ৰিজাল্টৰ বোৰ্ড বাহিৰলৈ উলিয়াই আনিছে। বহুত ভয় লাগিছে। তাতে মানুহ বোৰ দেখি আৰু ভয় লাগিছে। স্বাগত দাও আহিছে। কাকো মতা নাই মই এতিয়া আগত ৰিজালট চাই লওঁ ভাবিছো। মোৰ ভয় লাগিছে বুলি গম পাই প্ৰান্তিক দাই লাহে কৈ হাত খনত ধৰি আছে। ভিৰ লাগি আছে কাৰণে দেখা নাই কোনেও। তেঁও হাত খনত ধৰি আছে মই গম পাইছো যদিও চোৱা নাই তেওঁলৈ। বোৰ্ড খনত মোৰ নামটো বিচাৰি বিচাৰি পোৱা নাই। কান্দো কান্দো লাগি গৈছে। বৰ্ষাৰ ৰিজাল্ট ওলালে ভাল কৈ পাছ কৰিছে। মোৰ কি হব।

আগলৈ,,,,,,,

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)