হৃদয়খন লৈয়েই দিন ৰাতি জীৱন যাপন কৰিছো।
দুচকু মুদিলেই বুকুয়েদি উজাই আহে
এটি হৃদয় কঁপোৱা গান
মেৰিয়াই ধৰে উশাহৰ স'তে
দুখৰ ৰ'দে পোৰা হিয়াখন
তন্দ্ৰাহীন ৰাতিৰ নিৰৱতাৰ সাঁচত
গঢ় লয় বিষাদৰ ক'লাজে
হাজাৰ প্ৰশ্নৰ ছুনামীত
থৰকাচুটি হেৰুৱাই হৃদয়খন
জীৱনৰ প্ৰাপ্তি-অপ্ৰাপ্তিৰ
হিচাপ-নিকাচতো।
অতৃপ্ত হয় ভাগৰুৱা মনটো
এতিয়া তুমিবিহীন মোৰ সপোনবোৰ
থাউনি নোপোৱা দুখৰ নদীটো
স-জোৰে খামুচি ধৰো।
ভঙা কলিজাটো
তেতিয়া ভাৱো নিৰৱে
এই পঙ্কিল হৃদয়খন যদি
ড্ৰয়িং ৰুমত সজাই থোৱা
পূৰণি আচবাব হ'ল হেতেন
তেতিয়া মন গ'লেই
সলাই পেলালো হেঁতেন
সজালো হেঁতেন প্ৰেম ভাল পোৱা আৰু
সুখ-শান্তিৰে পৰিৱেষ্টিত
এখন তৃপ্ত শ্যামলী হৃদয়।
দ্বীপ দীপাংকৰ লাহন
বিশ্বনাথ,গহপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ