আপুনি বেলেগ কিবা কামত নধৰে কিয় ? এনেকৈ ভগৱানৰ নামত মানুহক ঠগি কিমানদিন চলিব ? জানি বুজি পাপ চপাই লব নালাগে ! কথাকেইষাৰে হুলে বিন্ধা দিছিল বিশালৰ বুকুত ৷ যাত্ৰী গৈ শেষ হোৱাৰ পাছত মন্দিৰৰ মূল দ্বাৰৰ একেবাৰে তলৰ চিৰিটোত বহি ছোৱালীজনীয়ে তাক কৈ যোৱা কথাকেইষাৰেই পাগুলি থাকিল সি ৷ তাৰ ঘৰ মন্দিৰৰ ওচৰতে ৷ সৰুৰে পৰা মন্দিৰৰ আদৱকায়দাবোৰ সিহঁতে দেখি আহিছে ৷ শক্তিপীঠ খনক সিহঁতৰ সমাজ খনে বৰকৈ মানি চলি আহিছে ৷ তাৰ প্ৰয়াত দেউতাক মন্দিৰৰ দেউৰী আছিল ৷ বলিকটাত সিদ্ধহ্স্ত দেউতাকে এফালৰ পৰা ছাগলী, পাৰচৰাইৰ বলি দিয়া দেখিছিল সৰুৰে পৰা ৷ কেচা তেজৰ গোন্ধ তাৰ চিনাকি ৷ বলিশালত জন্তুবোৰৰ কৰুণ চকুযুৰি আৰু গৰাকীৰ উৎফুল্লিত মুখবোৰো তাৰ অতিকৈ চিনাকি ৷ দেউতাকে বিশালকো হয়তো এইটো কাম শিকাব বিচাৰিছিল ৷ মাঁকে নিদিলে ৷ তাৰ মনেও নিবিচাৰে এইবোৰ ৷ সি আঁতৰি থাকিল ৷ দেউতাকৰ মৃত্যুৰ পিছত সি ঘৰৰ দায়িত্ব লব লগা হ’ল ৷ এই মন্দিৰটোৰ পৰা আঁতৰি থাকিব নোৱাৰিলে সি ৷ দেৱীৰ লীলা নে সহজ পন্থাৰে ধন ঘটাৰ লোভ ঠিৰাঙকৈ কব নোৱাৰে সি ৷ লগৰ দুজনমানৰ দৰে সিওঁ দৰ্শনাৰ্থীৰ গাইডৰ কামত নামিল ৷ ফুল ধূপকাঠিৰ যোগাৰ কৰি দিয়াৰ পৰা মন্দিৰৰ ইতিহাসৰ বৰ্ণনা দি পূজাৰীক লগ কৰাই দিয়ালৈ সকলোখিনি কৰে বিশালে ৷ বিনিময়ত ৰাইজে টকা এশ দিলেওঁ যথেষ্ট ৷ কিছুমানে সৰহকৈ দিয়ে ৷ মন্দিৰত ধন বিলোৱাৰ এচামৰ প্ৰৱণতা দেখি ভিতৰি হাঁহিও উঠে তাৰ ৷ সেই একেকেইটা মানুহেই বাহিৰত ৰৈ থকা ভিক্ষাৰীজনক দহ টকা দিবলৈ হাজাৰবাৰ চিন্তা কৰা দেখি তাৰ মনতো গধুৰ হৈ পৰে ৷ মনতে ভাবে জানি বুজি কৰা পাপ খণ্ডন কৰাৰ বাবে দেৱীমাক ঘোচ দিব আহে এইবোৰে ৷ দিনবোৰ ভালকৈয়ে গৈ আছিল তাৰ ৷ দিনত তিনি চাৰিটা দৰ্শনাৰ্থীৰ দল পাইয়ে সি ৷ দোকানৰ কমিছনো পায় ৷ তাৰ লগৰ বহুতেই পাঁচ হাজাৰ টকাৰ বাবেই কোম্পানীৰ চাকৰিত দিনটো খাটি আছে, অথচ ঘৰৰ ওচৰতে মুখখন চলাইয়ে সি তিনিগুণ ঘটি আছে ৷ মাজে মাজে অৱশ্যে দুই এটা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হব লগাওঁ হয় সিহঁত ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ