অৱহেলিত কিয় আমি

©Admin
0
মানুহ সমাজ প্ৰিয়। মানুহৰ দ্বাৰাই সমাজৰ সৃষ্টি।ৰীতি-নীতি,পৰম্পৰা, আচাৰ ব্যৱহাৰ সমাজৰ মাজত আবদ্ধ। তথাপিও কিয় জানো সমাজ প্ৰিয় মানুহবোৰে কৰে অৱহেলিত?
          আধুনিক শিক্ষা আৰু যান্ত্ৰিকতাত আমি প্ৰত্যেকেই পৰিচিত। বৰ্তমান চৰকাৰে প্ৰত্যেক পুৰুষ-মহিলাৰ সম-অধিকাৰ প্ৰদান কৰিছে,তৎস্বতেও বহু ক্ষেত্ৰত আমি আজিও বঞ্চিত।
        নিজ ঘৰখন প্ৰত্যেকৰে প্ৰিয়। আৰু সেই প্ৰিয় ঘৰখনৰ সুখ-দুখৰ পিতৃ-মাতৃৰ কষ্টক সাৰ্থকতাক ৰূপান্তৰিত কৰিবৰ বাবে  দূৰৈত কৰ্মৰত কন্যা  সন্তানটিকে  সমাজে    কিয় তাছিল্ল্য কৰে।যদি দূৰৈত কৰ্মৰত ল'ৰা সন্তান ঘৰখনৰ হিয়াৰ দাপোন হয়। তেন্তে কন্যা সন্তান অৱহেলিত....?
         পৃথিৱীৰ আটাইতকৈ গাম্ভীয্য পূৰ্ণ তথা মনোৰম মাদকতা পোৱা সুন্দৰ শব্দটি হ'ল মা। কিন্তু সেই মা-মাতৃগৰাকীয়ে যেতিয়া এজনী কন্যা সন্তান জন্ম দিয়ে তেতিয়াই হৈ পৰে কুলক্ষণী। আনহাতে, পুত্ৰ সন্তান যদি জন্ম হয় তেতিয়া আকৌ সকলোৱে হাত চাপৰিৰে স্বাগতম জনাই কয় লক্ষী বা ভাগ্যৱতী।
         
      ‌যদি ছোৱালীজনী ওলাই গৈ কেনেবাকৈ ক'ৰবাত অলপ দেৰি কৰে তেতিয়া সমাজে সেই ছোৱালীজনিৰ চৰিত্ৰৰ ওপৰত আঙুলিয়াই তাইৰ সন্মানত আঘাত লাগে বা নালাগে অলপো কোণ্ঠাবোধ নকৰি অসৎ শব্দ ব্যৱহাৰ কৰি তালিচছ্য কৰে। আনহাতে, ল'ৰাকটোক কিন্তু জ্ঞানৰ পাঠ পঢ়ায়।

        ৰাস্তাত কোনোবা অচিনাকি লোকে যদি ছোৱালীজনিক অসৎ ব্যৱহাৰ/কু কৰ্মৰ প্ৰত্যাখ্যান কৰি তাৰ সঠিক প্ৰত্যাৱৰ্তন দিয়ে তেতিয়া ছোৱালীজনীক বহুতে অহংকাৰীৰ নামকৰণ কৰে। কিন্তু সেই একেটা কামকে যদি ল'ৰাই কৰে সকলোৱে আদৰ বুলি ভাবে। কেতিয়াবা বৰ দুখ লাগে সমাজে কিয় আজিও আমাক পুতৌৰ পাত্ৰ সজাব খোজে..।

         📝জয়া বড়ি
(বোকাখাত/ৰজাবাৰী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)