দক্ষিণ কামৰূপৰ যাত্রাদল এক মোহনীয় কৃষ্টি-০৭

যোৱা সংখ্যাৰ পিছৰ পৰা
         ভাওনাত ব্যৱহৃত বাদ্যযন্ত্রৰ ভিতৰত খোল , তাল , কাঁহ , দবা আৰু নাগাৰাই আছিল প্রধান | কেতিয়াবা আকৌ ঘোষা , ধেমালি , আদি ধেমালি গোৱা আৰু বজোৱাৰ সময়ত ঘোষাৰ সুৰে, সুৰে বা অন্য ঘোষাৰ সুৰত কালীও বজোৱা হৈছিল  |
       আগৰ দিনৰ ভাওনা চোৱাৰ বৰ কঠোৰ নিয়ম কানুন আছিল | গোঁসাইসকল ভাওনা চাবলৈ আহোতে নামঘৰৰ উত্তৰে লাইখুঁটাৰ কাষত বহিছিল | আনহাতে যেতিয়া জীয়াৰী-বোৱাৰীসকল ভাওনা চাবলৈ আহিছিল তেওঁলোকৰ বাবে বাবে পাতল আৰু ৰঙীন কাপোৰেৰে কৰা আঁৰকাপোৰ তৰি দিয়া হৈছিল | তাৰ ভিতৰত বহিহে গোঁসানী জীয়াৰী-বোৱাৰীসকলে ভাওনা চোৱাৰ নিয়ম আছিল | নাট আৰম্ভনীৰ দিনা শৰাই এখন আগবঢ়োৱা হয় আৰু তাৰ এভাগ ৰাতিলৈ থোৱাৰ নিয়ম | ঠিক তেনেদৰে আখৰা অৰ্থাত নাট মেলোতেও শৰাই এখন আগবঢ়োৱা নিয়ম | 
        ভাওনা বিশেষকৈ ধৰ্মগুৰু সকলৰ তিথি , উচব , সত্রৰ অধিকাৰ মহন্তৰ তিথি উচবত ভাওনা পতা হৈছিল | ভাওনাত ব্যৱহৃত ভাষা আছিল ব্রজাৱলী | কিন্তু আজিকালি মাতৃভাষাতে বচন মাতে | সূত্রধাৰে নাটৰ কথাবিলাক দৰ্শকৰ আগত অৱতাৰণা কৰে | ভাওনাৰ মাজত বিবিধ ধুৰা , পদ , পয়াৰ , বিলাপ , লেছাৰী , মুক্তাৱলী , একাৱলী , সোমাইছে , সেয়ে সিবোৰত বিভিন্ন সুৰ লগাই গায় | যিবোৰ ভাওনাত খৰমান আৰু মুক্তিমংগল ভটীমা নাই , সেই নাট ভাওনা বেলেগ ধৰণে সামৰা হয় | নাট মেলাৰ দৰে নাট সামৰাৰ দিনাও শৰাই এখন আগবঢ়োৱা নিয়ম |
         পৰিশেষত অত্যন্ত দুখেৰে কব পাৰি ঊনবিংশ শতিকাৰ পৰা বৰ্তমানলৈ কিমান টে আধুনিক নাট আৰু পাঁচশ বছৰে কিমান যে অংকীয়া নাট বিস্মৃতিৰ বুকুত চিৰকাললৈ লোপ পালে , তাৰকোনো সীমা সংখ্যা নাই | বৰ্তমানেও অসমৰ চুকে কোণে  প্রকাশিত অপ্রকাশিত ৰূপত যিবোৰ নীট পৰি আছে তাক সকলো শ্রেণীৰ লেকে সংৰক্ষণ নকৰিলে নাট্য সাহিত্যৰ ভেঁটি চিৰদিনৰ বাবে লোপ পাব  |
            সমাপ্ত

     🖋️হেমেন হাজৰিকা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send