সপোনৰ কঠিয়াতলিত সকলো সীমাহীন সম্পুৰ্ণতাৰে সপোন ৰচিছে হয়তো তেনে ক্ষন এছাটি ৰিব্-ৰিব্ মৃদু বতাহৰ জাঁকত নতুবা এজাক বৰষুণৰ লগত হৃদয়ঙ্গীমৰ সতে আও-কাণে ৰোমান্সৰ মাজত গঢ়ি এটি মিঠা ক্ষণ । পুষ্পবনৰ মাজত ফুলি থকা ফুল-পাহঁৰ প্ৰেম এজাক ৰঙা নীলা পখিলাই সেউতী,তগৰ-মালতীৰ দোপাত্তাত পৰি প্ৰেমৰ ৰং সিচা , বাগিছা খন বৈতাৰিত পুৰিলৈ ৰূপান্তৰিত কৰা পখিলা আৰু ফুলৰ মাজৰ অপৰম্পা প্ৰেমৰ লীলা । বসন্ত ঋতুৰ আগমনৰ পুৰ্বে বাতৰি দিয়া কুলি কটকীৰ আগজাননীয়ে প্ৰকৃতিৰ বুকুত পুৰনা বস্ত্ৰ ত্যাগ কৰি বসন্তক আদৰিবলৈ ডাল-পাতে নতুন কুহিপাত পিন্ধি যেন সেই সৌন্দৰ্য্যই বসন্ত প্ৰেমিক উত্তালিত কৰা । বসন্তৰ প্ৰেমিক বহাগীক মান্ডলিত কৰিছে বসন্তক কাষত পাইয়েই শিমলু মদাৰে শিৰত যেন ৰঙা তিলক গুপিছে ,কেতেকী কপৌফুলে ডিঙিত অলংকাৰ পিন্ধাইছে সেউজীয়া পাতে পাতে বহাগীক হাতত জেতুকা সানিছে কিন্তু বসন্তই বহাগীৰ প্ৰেমৰ নিচাত ধুমুহা বতাহেৰে নস্যাৰ বিৰঙনি দিছে তথাপিয়ো বহাগীয়ে বসন্তৰ প্ৰেমত গ্ৰহণ কৰিবলে সাজু হৈছে কাৰণ তাই প্ৰেম কৰে কেৱল বসন্তক ,বসন্তৰ সম্পত্তিস্বৰুপ ধুমুহা-বতাহকলৈ নহয়,সকলোবোৰ পিছতো বহাগীয়ে বসন্তক সুখীপ্ৰিয় কৰিবলে বহাগীয়ে মুকলি আকাশৰ তলত নাচনীৰ ৰূপ লৈ ঢুলীয়াৰ ঢোলনত ককাঁল ভাঙি নাচিব ,সুৰীয়াব প্ৰেমৰ বন্যাকলৈ সহযোগত নামি পৰিব বসন্তও কাৰণ কোন প্ৰেমিকে ৰখাব পাৰিব যত প্ৰেমিকেই ককাঁল ভাঙে। প্ৰেমিক দুজনৰ প্ৰেমৰ মেলাত মেঘে-বিজুলীৰ পৰশত মাতৃৰ গৰ্ভত থকা ন-মহীয়া সন্তানৰ দৰে ডাৱৰে শুকুলা বৰণৰ পৰা কলালৈ ৰূপান্তৰিত কৰিব ফলস্বৰূপে বৃষ্টিৰ ৰূপ লয় আকৌ ধৰিত্ৰীৰ বুকুতেই জন্ম গ্ৰহণ কৰিব ॥ চোৱাছোন ইহঁতৰ প্ৰেমত কিমান লাম্ভিত হব সেই পৃথিৱীৰ সদস্যসকলেওঁ,বৃষ্টিক কাষত পাই কিমান উৎফুল্লিত হব মৰহি যোৱা উদ্ভিদো । উৎফুল্লিত নহব কোনেনো বৰ্ষ-মাহ জুৰি বৃষ্টিৰ অপেক্ষাৰত বিৰিখবোৰ ,বৃষ্টিৰ পৰশে নকৈ জীৱন গঢ়াৰ সুযোত্ব দিছে শুষ্ক কংকাল ৰূপ লোৱা উদ্ভিদক যাৰ ফলত কংকালৰ পৰা সেউজীয়া আৱৰণ পিন্ধি ফুলে-ফলে জাতিষ্কাৰ হৈছে কিন্তু সেই প্ৰেমটো যে লন্সিত হৈছে প্ৰচন্ড ধুমুহাৰ খুবত নকৈ ঠাল টেঙুল মেলা বিৰিখৰ অপৰ্জিষ্ঠ হৈছে ।
প্ৰেমৰ সোঁত যেন স্ৰোতশ্বিনীৰ দৰে জলাশয় পৃষ্ঠত ,ইয়াতেই যদি উল্লেখ কৰো ভগ্নীস্বৰূপ নিহাৰিকা বৰাৰ কবিতা "লুহিত পৰীয়া বিননি" নামৰ কবিতাটিৰ মাজশাৰীৰ পৰা
যৌৱনৰ ভৰত বলিয়া লুহিতে
শ্যামলিৰ গাৰ পৰা
সেউজী বস্ত্ৰ খহাই পেলালে
উপায়হীন শ্যামলীয়ে আকৌ
পাত মেৰিয়াই ললে
এযোৰ বগা সাজ ॥(নিহাৰিকা বৰা বাইদেউৰ কবিতাৰ পৰা)
ক্ৰমান্নয়ে যেন প্ৰেমৰ সুতেঁ চিৰাল মেলিছে কোনে জানে কোন দেৱদাসে জনাব সেই প্ৰেমিক -প্ৰেমিকাক অধিক প্ৰেমে যে কেতিয়াবা কলা ডাৱৰো ঢাকে ৰাখে বুলি ॥ ভেকুলী সখাৰ জৰিয়তে সেউজীয়া সাজ পিন্ধা প্ৰেয়সী একমাত্ৰ "বৃষ্টি" দুয়োৰে মাজত ওত:প্ৰোত ভাৱে বিশাল প্ৰেম আৰু সেই প্ৰেমৰ বিশালতাই বৃষ্টিৰ ৰূপযেন মাতাল ৰূপলৈ ৰূপান্তৰিত কৰিছে । বৃষ্টিৰ পৰশে সেউজৰ বুকুত খনন কৰিছে এই খননে সেউজৰ সেউজীয়া বস্ত্ৰযোৰ খহাই লৈছে ,উক্ত নিহাৰিকা বৰা বাইদেউৰ কবিতাটিও তাৰেই স্বত:স্প্ৰোত হৈছে । সেউজৰ সকলো যৌৱনৰ ভাৰ খন বৃষ্টিৰ খাৰি লৈছে তাৰপিছতো সেউজীৰ বিষাদবোৰ এৰি নৈৰ সোঁতত কুলু-কুলু শব্দৰে ঢৌৰ চাপেৰে ,কহুৱা ফুলেৰে আপোনপতীয়াকৈ বিষাদবোৰ হাঁহি হাঁহিয়ে লুকুৱাইছে সেউজীয়ে বৃষ্টি প্ৰেমিকক ,প্ৰেম যেন অসীম বৃষ্টিৰ প্ৰতি সেইভাৱেইটো সেউজীয়া সাজৰ সলনি বগা চেলেং চাদঁৰ খন গাঁত মেৰিয়াই লৈছে ।প্ৰেম জানো টকা-পইচা,সোণ-ৰূপেৰে জুখিব পাৰি জানো , প্ৰেমে মাথো জানে সময়ৰ ঠিকনা ,প্ৰেমৰ মাথো চিনাকি হৰ্ষ-বিষাদ ,সুখত হাহে দুখত চকু থুপে প্ৰেমিক প্ৰেমিকাই । প্ৰেম জানো প্ৰিয়জনৰ সতেই হয়,হয়তো কোনোবা প্ৰেমিকে প্ৰকৃতিৰ সতে গভীৰ সম্পৰ্ক সেই ভাৱেইটো পদ্মশ্ৰী যাদৱ পায়েং আজি বিশ্বৰ "অৰণ্য মানৱ" হিচাপে খ্যাত আকৌ কোনোবা ব্যক্তিয়ে কবিতাৰ প্ৰেমত পৰে ,কবিতাৰ সতে অধিক প্ৰেম থকাৰ বাবে নোবেল বিজয়ী ৰবীন্দ্ৰ নাথ ঠাকুৰ আজি "বিশ্ব কবি নতুবা কবিগুৰু" হিচাপে পৰিগনিত । প্ৰেম জানো সীমিত হয় প্ৰেমে হয়টো কাৰুবাৰ বাবে অমৃত আকৌ আনকাৰু বাৰ ভাৱে বিহ ! কেনেকৈনো বিহ নহব পিছে ভুল নুবুজিব পঢ়ুহৈ ধেমেলীয়াকৈয়ে বক্তব্য কৰিছো ঘাইকৈ লৰাৰ ক্ষেত্ৰতে লক্ষ্য কৰো ॥ এজন প্ৰেমিকে কত দিনৰ পৰা তিলোত্তমা সুন্দৰীৰ সৈতে প্ৰেমত তুংগত হৈছে ,হয়তো কিছুদিনৰ পিছত গম পোৱা যায় প্ৰেমিকাই আন এজন প্ৰেমানন্দৰ লগত বাকৰুদ্ধ হৈছে তাৰ শোকতেই কামদেৱ ৰূপি প্ৰেমিকে দাড়ি চুলি দীঘল ৰাখি উচুপি থাকিব ৰূদ্ৰকোঠাত আৰু দিব চছিয়েল মেডিয়ায বৰ্তমানৰ সমশব্দ "single life is the best life" বেচেৰাটো লৰাটোলৈ বেয়াই লাগে (ধেমালী সুৰত প্ৰকাশ কৰিলো) ।
সচাকৈ এই প্ৰেম কিমান বিষাক্ত । ইয়াৰ মাজতেই স্বৰচিত কবিতাটিৰ মাজশাৰীৰ পৰা উল্লেখ কৰিছো--
হয় বন্ধু আপুনি ! ঠিকেই শুনিছা
ছলনাময়ী সুন্দৰীৰ মুগ্ধত পৰি
মছগুল হোৱা ভাংঙৰ নিচাত পৰাদি
কেতিয়াবা মজনু হৈছানেকি ??
প্ৰেম হওঁক খেতি অাৰু খেতিয়কৰ দৰে , নতুবা প্ৰকৃতিৰ দৰে । খেতিয়কে শস্যতলিক ৰসাল কৰে নিজৰ কৰ্মশক্তিৰে ।এই প্ৰেমত যেন কৃষক খনিকৰৰ ৰূপত।ঋতুৱে ঋতুৱে সময়ৰ সোঁতত দি যায় নতুন উৰ্বৰ দিয়ে আৰু খেতিয়কে নতুন নতুন সাজ পিন্ধায়,চোৱাছোন ইহঁতৰ অশীষ প্ৰেম । দুয়োৰে মাজত কেতিয়াবা হালধীয়া কেতিয়াবা ৰঙা কৃষকে যেন মনি মুকুতাহে পিন্ধায় প্ৰেমিকা খেতিধৰাক ,প্ৰেমত কিমান লুকুৱাই আছে অফুৰন্ত সুখ আৰু সজ্জিত হৈ আছে সজস্ৰ বিষাদ ॥
📝শ্ৰী তপন পায়েং
ল:তে:ক মহাবিদ্যালয়
উদ্ভিদ বিজ্ঞান বিভাগ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ