জোনালী নিশাৰ চোতালত বহি আকাশৰ লগত কথা পাতিবলৈ তাইৰ আকৌ মন যায়।এতিয়াও সেইয়া অসম্ভৱ নহয়....আকাশ এতিয়াও মুক্ত ...তাই ভালকৈয়ে জানে।কিন্ত আকাশত থকা প্ৰতিটো বস্তুৰ আকৰ্ষণ আজিৰ দিনটোৰ দৰে নাছিল সেই সোণোৱালী শৈশৱত।
"শৈশৱে জোনৰ বুকুত ঘৰ সাজিবলৈ বিচাৰিছিল....খেলিব বিচাৰিছিল সেই মৃগ পহুটোৰ লগত আৰু তৰাবোৰ ধৰি সজাবলৈ বিচাৰিছিল পদূলিৰ তগৰ জোপাত মনৰ হেপাঁহেৰে।"আইতাকৰ লগত মাজে মাজে ঠেহ পাতিছিল এইবাবেই যে আইতাকে কেতিয়াও বুজাব পৰা নাছিল আকাশেদি লাহে লাহে গৈ থকা উজ্জ্বল তৰাটোনো কি?মনে মনে ভাবিছিল শুকুলা ডাৱৰৰ বুকুৰে সচাকৈয়ে বাৰু ৰাজকুমাৰে চলাই নিলেনেকি দোলাখন?নেজাল তৰাৰ নেজবোৰ তাইৰ আকাশত পৰীয়ে উৰাই ফুৰা
চিলাযেন অনুভৱ হৈছিল।আজি তাইৰ ভাবি এনে লাগিছে যেন শৈশৱেই অনুভৱ কৰাই জগতৰ স্নিগ্ধ অনুভূতি।ইয়েই জীৱন যাপনৰ আদি আখৰা,সৰলতাৰ প্ৰথম অনুভৱ।
জেঠাইৰ মূখৰ সাধুকথাবোৰ আজিও এক মিঠা স্মৃতি হৈ আছে.....নজনাকৈয়ে সাধুৰ ৰজা-ৰাণীয়ে সপোনত আহি তাইৰ লগত কথা পাতিছিল,তেজীমলাৰ দুখত চকুপানীৰে গাৰু তিতিছিল,চম্পাৱতীৰ সাধু শুনি সাপৰ ভয়ত কেতিয়াবা গা জিকাৰ খাই উঠিছিল আৰু ক'ত যে ভাল লগা কাহিনীৰ সমাহাৰ আছিল সেই অতীত।আজিও সেই সকলো জীৱন্ত ....যেন কালিৰ এটা ভাল লগা সপোন আছিল।
বহু সময়ৰ মূৰত মিছেছ নাথ বাস্তৱ জীৱনলৈ ওভতি আহিল।তেওঁ অনুভৱ কৰিলে হয়তো জীৱনৰ কোনোবা নহয় কোনোবা সময়ত সেই সাধু আৰু আকাশৰ কথাই সকলোকে সৰল আৰু প্ৰানৱন্ত কৰি ৰাখিছিল,হয়তো এতিয়াও প্ৰভাৱিত কৰি আছে বহুজনক।
শিশুৰ জীৱনত এতিয়াও সিহঁতৰ মনত উদ্ভৱ হ'ব পৰা হাজাৰটা প্ৰশ্নৰ উত্তৰ দিয়া আৰু সাধুকথাৰ জৰিয়তে নিৰ্মল জ্ঞান প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে।যদিও নতুন সময়ে নতুনত্বৰ সুবাস চৌদিশে সঞ্চাৰ কৰিছে।
🖌️ জংকী বৰুৱা
টীয়ক,যোৰহাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ