সাপ এটাই মানুহক কিয় দংশন কৰে

Rinku Rajowar
0
বহুলোকৰ এটা ভ্ৰান্ত ধাৰণা আছে-  সাপে মানুহক খেদি আহি আক্ৰমণ কৰে।সাপ বা অন্য জীৱই হওক আপুনি নোজোকালে বা আক্ৰমণ নকৰিলে বা আক্ৰান্ত নহ'লে এনেয়ে মানুহৰ গালৈ খেদি নাহে।মানুহলৈ বনৰ ৰজায়ো ভয় কৰে।
অলপমান সচেতনতাই আপোনাক সৰ্প দংশনৰ পৰা বহুদূৰ নিলগাই ৰাখিব পাৰে।কেতিয়াও আঁঠুৱা নতঁৰাকৈ মাটিত নুশুব।গৰমৰ দিনত অথবা বাৰিষা কালচোৱাত গৰমৰ প্ৰকোপ বৃদ্ধিৰ বাবেই বহুলোকে মাটিত অকল ঢাৰি/পাটি এখন পাৰি বিচনা তঁৰি শুৱে।সাপবোৰ বাৰিষাকালত বেছি সক্ৰিয়,খাদ্যবস্তুৰ পাছে পাছে আহি কেতিয়াবা সাপ ঘৰৰ ভিতৰত প্ৰৱেশ কৰে।অকল পাটীখন মজিয়াত পাৰি শুৱাৰ বাবে আপুনি ব্যৱহাৰ কৰা আঁঠুৱাখন ভালকৈ গুজি ল'ব পৰা নাছিল,সাপে খেদি অনা জীৱটো(বেং-ডালশলীয়া)আপুনি শুই থকা বিচনাখনৰ কাষতে নোহোৱা হ'ল।মজিয়াৰ পৰা উন্মুক্ত হৈ থকা আঁঠুৱাখনৰ ফাঁকেৰে খাদ্য বস্তুটোৰ সন্ধানত সাপটো আপোনাৰ বিচনালৈ উঠি গ'ল।তেনেপৰতেই আপুনি বিচনাতে বাগৰ সলালে,আপোনাৰ দেহৰ ভৰ বিচনাত উঠি থকা ক'লা শংখচূড়টোৰ গাত পৰিল,সি আক্ৰান্ত হ'ল আৰু আপোনাক দংশন কৰিলে।মাটিত বিচনা পাৰি শুৱক,মাথোঁ আঁঠুৱাখন ভালকৈ গুজি ল'ব পৰা পৰাকৈ ব্যৱস্থা কৰি লওক।

আপুনি ৰাস্তা এটাইদি খোজ কাঢ়ি গৈ আছিলে,আপোনাৰ সন্মুখতে সাপ এটাই ৰ'দ পুৰাই পৰি আছিল।সাপটো দেখাৰ লগে লগে নিঃসন্দেহে আপোনাৰ মুখৰ পৰা আতংকত শব্দ বাহিৰ হ'ব পাৰে,সেয়া চিন্তনীয় বিষয় নহয়।কিয়নো আপোনাৰ মুখৰ শব্দ সাপে শুনা নাপায়,বায়ুমণ্ডলৰ শব্দতৰংগ গ্ৰহণ কৰিব পৰা ক্ষমতা সাপৰ নাথাকে,সাপৰ বহিকৰ্ণ নাই।বিপদজনক কথাটো হ'ল আপোনাৰ তাৎক্ষণিক প্ৰতিক্ৰীয়া,এই ধৰক আপুনি সাপটো দেখি পিছুৱাই অহাৰ সলনি জঁপিয়াবলৈ আৰম্ভ কৰিলে।সাপ বা অন্যজীৱই কেতিয়াও উপলব্ধি কৰিব নোৱাৰে যে তেনে আচৰণ আপুনি ভয়তহে কৰিছে।তেনে প্ৰতিক্ৰীয়াৰ বাবেহে কেতিয়াবা ফেঁটী সাপে মানুহলৈ চোঁচা লয়,সেয়া মাথোঁ বন্যজীৱৰ আত্মৰক্ষাৰ তাড়নাহে।সাপ দেখাৰ লগে লগে পিছুৱাই আহক,যদি অহা-যোৱা কৰা বাটত থাকে গুচি নোযোৱালৈকে অপেক্ষা কৰক।মানুহৰ উমান পালে সি নিজে আঁতৰি যাব।
বহুলোকে ভাবে সাপ ধৰাতো ল'ৰা-ধেমালিৰ খেলা।বহুতে এটা ভ্ৰান্ত ধাৰণা মনতে পুহি ৰাখে যে সাপটোৰ নেজৰ ফালে ধৰি ষ্টীক এডালত মূৰৰ অংশটো উঠাই দিলেই সাপ এটাক নিয়ন্ত্ৰণ কৰিব পাৰি।আপুনি জানিলে আচৰিত হ'ব বিশ্বৰ বহু বিখ্যাত সৰ্পবিদ সাপ ধৰিবলৈ যাওঁতে বিষাক্ত দংশনৰ চিকাৰ হৈ মৃত্যুমুখত পৰিছে।সাপ ধৰাটো একপ্ৰকাৰৰ কলা।বহু সাধনা-অভিজ্ঞতাৰ মূৰকতহে এজন ব্যক্তিয়ে এটা সাপক নিয়ন্ত্ৰণ কৰিব পাৰে।সাপ ধৰা ব্যক্তিজন ইমান বেছি কৌশলগত ভাবে পাকৈত হ'ব লাগে যে বিষাক্ত দংশনৰ পৰা মাথোঁ এটা ছেকেণ্ড তেওঁ আৰু বিষাক্ত সাপটোৰ মাজত ব্যৱধান থাকে।বহুতে দেখি-শুনি সাপ ধৰিবলৈ চেষ্টা কৰে।এনে কাৰ্য বহুক্ষেত্ৰত ভয়ংকৰ দূৰ্ঘটনাৰ কাৰক হৈ আহিছে।প্ৰশিক্ষিত ব্যক্তিয়েহে সাপক নিয়ন্ত্ৰণ কৰিব পাৰে,সাপ ধৰিবলৈ যোৱাৰ দৰে মাৰাত্মক ভুলি কোনেও নকৰিব।

কেতিয়াবা কিছুমান মানুহৰ ঘৰত চকু থৰ হৈ ৰয়।ভাল ফুল ফুলে বুলিয়েই লতাজাতীয় ফুলৰে ঘৰখন হাবিসদৃশ কৰি ৰাখে।ফুলবোৰ যাতে অত্যাধিক ডাঠ হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব।ফুলৰ টাববোৰৰ মাজত ব্যৱধান ৰাখিব।জাবৰ-জোঁথৰৰ দ'ম ঘৰৰ কাষতে নোগোটাব।উল্লিখিত সকলোতে এন্দুৰ-নিগনীৰ বাস কৰিব পাৰে যাৰ সন্ধানত সাপ আহিব পাৰে।ঘৰৰ পৰিৱেশটো সদায়েই চাফ-চিকুন কৰি ৰখাটো খুবেই দৰকাৰ।বাৰিষাকালৰ ৰাতি একমিনিটৰ বাট হ'লেও পোহৰ নোহোৱাকৈ নাযাব।সন্ধিয়া কাৱৈলাঙী-পুঠিলাঙী জাল পাতিবলৈ নাযাব,অসমৰ প্ৰধান বিষাক্ত সাপকেইটা সন্ধিয়া পৰত বেছি সক্ৰিয়।আনকি দিনত পাতি থোৱা জালো ৰাতি চাবলৈ নাযাব।এঁৰাবাৰী বা পৰিত্যক্ত ঘৰলৈ যাওঁতে খুউব সাবধানে যাব,মানুহ নথকাৰ সুযোগতে তেনে ঠাইত সাপে বাঁহ সাজে।

আমাৰ কলাবাৰীৰ(গহপুৰ) ফালে এই সাপ যেতিয়া কাৰোবাৰ গাৰ কাষেৰে পাৰ হৈ যায়,মায়াভৰা সংলাপ এফাঁকি আওৰাই সকলোৰে মুখৰ পৰা স্বতঃস্ফূৰ্তভাবে ওলাই আহে- 'মূগীফেটী'!ইয়াৰ মূগা বৰণৰ দেহটোৰ বাবেই বহুতে ইয়াক মূগীফেঁটী বুলি ক'ব খোজে।প্ৰকৃতাৰ্থত মূগীফেঁটী অথবা মাটিফেঁটী বুলি কোনো ফেঁটী সাপৰ প্ৰজাতি নাই।ঠাইভেদে এই সাপৰ নামৰ ভিন্নতা আছে।কিছুলোকে ইয়াক গোমফেটী বুলিও কয়।সৌকাগোম এবিধ ভয়াতুৰ সাপ।ইয়াৰ গতিবেগ বেছি।বিপদৰ উমান পালেই ইহঁতবোৰে পলাব খোজে।দীঘল নেজৰ  শকত চেহেৰাটো দেখিয়েই মানুহে ইয়াক বিষাক্ত বুলি ধৰি লয়।মূৰৰ আকাৰ সৰু সেয়ে দেহৰ পৰা স্পষ্ট।দেহৰ বৰণ পাতল মূগা অথবা ধোঁৱা বৰণৰ।পেটৰ অংশৰ ৰং মূগা অথবা মাখনৰঙী।বাকলিৰ সংযোগ স্থানত ক'লা ৰহণবুলোৱা থাকে।দিবাচৰ এই সাপবিধ মাটি-পানী উভৈয়তে ক্ষীপ্ৰ।গছ বগোৱাত পাকৈত।ওখ গছ,জোপোহা বাঁহত ইহঁতবোৰক বেছিকৈ দেখা যায়।কেতিয়াবা খাদ্য বস্তুৰ সন্ধানত আহি ভিতৰো সোমায়।চকুদুটা ডাঙৰ।প্ৰিয় খাদ্য এন্দুৰ,ডালশলীয়া,নিগনী,ভেকুলী,সৰু চৰাই আদি।ৰঙৰ বাহিৰে ক'লা মচোৱাগোমৰ সৈতে ইহঁতৰ স্বভাৱ-চৰিত্ৰ একে।আক্ৰান্ত হ'লে ডিঙিটো ফুলাই দিয়ে।

বহুতে বিষহীন সৌকাগোমক বিষাক্ত বুলি ভাবে।কেতিয়াবা ভুলক্ৰমে ই আপোনাক দংশন কৰিলেও শংকিত নহ'ব কিয়নো মানুহক অপকাৰ কৰিব পৰা ক্ষমতা ইহঁতবোৰৰ নাই।

ফেচবুকৰ পৰা সংগ্ৰহ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)