১৭ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২২৯তম দিন। বছৰ শেষ হ'বলৈ ১৩৬ দিন বাকী থাকে। আজিৰ দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হৈছে ~
🔹১৭৬১ চনৰ আজিৰ দিনটোতে ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম হয়।
🔹১৯৩২ চনৰ আজিৰ দিনটোতে নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক ভি. এচ্. নাইপলৰ জন্ম হয়।
🔹১৯৪২ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ খগেন মহন্তৰ জন্ম হৈছিল।
🔹১৯৬০ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা (‘‘মাকাম’’ৰ স্ৰষ্টা) ড॰ ৰীতা চৌধুৰীৰ জন্ম হৈছিল।
🔹১৯৬৯ চনৰ আজিৰ দিনটোতে নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী অটষ্টাৰ্নৰ মৃত্যু হৈছিল।
🔹১৯৮৮ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়াউল হকৰ এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়।
🔹আজি ইন্দোনেছিয়াৰ স্বাধীনতা দিৱস।
🔹আজি গেবনৰ স্বাধীনতা দিৱস, ১৯৬০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
সংগ্ৰহ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ