জাতি - জনজাতিৰ বয়ন শিল্প আৰু ব্যৱসায় ভিত্তিকৰণৰ বাবে - সামান্য প্ৰয়াসৰ প্ৰয়োজন

©Admin
1
অসমৰ বহুতো ঠাইত বয়ন শিল্পৰ উদ্যােগ গঢ়ি উঠিছে । ধেমাজিৰ কাংকান উদ্যোগ, লক্ষীমপুৰত নিতেন পামে বোৱা কটা উদ্যোগ, ধাৰাপুৰৰ বয়ন উদ্যোগ, সোণাপুৰৰ বয়ন উদ্যোগ আদি বহতো.. এনেকৈ প্ৰতিখন জিলাতে গঢ়ি উঠিছে তাৰ মাজতে দুই এখন বয়ন উদ্যোগত যঠেষ্ট সুন্দৰ কাপোৰৰ বোৱা- কটা কৰা দেখা গৈছে ।

 সেই উদ্যােগ সমূহে চাদৰ-মেখেলাৰ উপৰিও  যদি  অন্য  বস্ত্ৰৰ যেনে, -- কুচন কভাৰ, চোফা বেক, বিচনা চাদৰ,  চুৰিদাৰৰ পিচ,  পৰ্দা, টেবুল ক্লথ  ইত্যাদি কাপোৰত বিভিন্ন ফুল বচা চেটৰ কাপোৰ নতুন ধৰণৰ দিজাইন দি  কৰে, তেতিয়া 
চাদৰ - মেখেলাৰ ওপৰিও ৰাষ্ট্ৰীয় বজাৰৰ প্ৰতিযোগিতাত নামিব পাৰিব  আৰু বজাৰ পাব ।

আপােনালোকৰ ফুলৰ আধাৰ লৈ তেনে ধৰণৰ বস্ত্ৰ  প্ৰস্তুত কৰিলে অসমৰ বাহিৰৰ মানুহৰ মাজত বহুত সমাদৰ লাভ কৰিব পাৰিব । কাপোৰত কৰা ফুলৰ দিজাইনবােৰ বৰ্ত্তমান যুগৰ লগত খাপ খোৱা দিজাইন লৈ এই থলুৱা শিল্প সমূহে আগবাঢ়িব পাৰে ।

আগতে কৰা নিয়মতকৈ অলপ দেখনিয়াৰ আৰু অত্যাধুনিক দেখনিয়াৰ অথচ সুলভ মূল্যত দিব পৰা কৰিব পাৰিলেহে উদ্যোগ তিস্থি থাকিব পাৰিব।

শাৰী :: এই সাজপাৰৰ ভিতৰত দুই এখন উদ্যোগত শাৰী ও বােৱা দেখা গৈছে ।
ধেমাজিৰ কাংকান উদ্যোগৰ এই পদক্ষেপ লোৱা দেখা গৈছে ।
    সৰ্ব্বভাৰতীয় পৰ্য্যায়ৰ ব্যৱসায়ৰ মাজলৈ মিছিং ডিজাইনৰ শাৰী অলপ কম মূল্যত বজাৰলৈ উলিয়াই দিব পাৰিলে অধিক সংখ্যক গ্ৰাহক  পোৱাৰ আশা  আছে । অধিক দাম হ'লে গ্ৰাহক বেচি পাব
 নোৱাৰি ।

তেওঁলোকৰ শাৰী বজাৰলৈ ওলাই আহিছে আৰু  ভৱিষ্যতে ভিন্ন দামত, ভিন্ন দিজাইনত  অসমৰ বাহিৰৰ বজাৰলৈ উলিয়াই দিব পৰাকৈ -ব্যৱসায় কৰিলে অধিক লাভজনক হ'ব । শুনিবলৈ বেয়া যেন লাগিলেওঁ কওঁ , " দিজাইনৰ ক্ষেত্ৰত মিছিং মহিলাৰ ফুল -বছা, ফুলৰ দিজাইন আদি দিয়াত  যঠেষ্ট উন্নত ।

আজি প্ৰায় দহ  বছৰ  মানৰ পৰা অসমৰ ছোৱালী আৰু তিৰোতাৰ মাজত নিজৰ থলুৱা দিজাইনৰ চাদৰ-মেখেলা পিন্ধাত বহুত-বেছি  আগ্ৰহী  হোৱা দেখা পোৱা গৈছে - ই  দেশৰ বাবে শুভ লক্ষণ ।

মিছিঙ জনজাতিৰ চাদৰ-মেখেলাৰ সমাদৰ অসমত আজি প্ৰায় চাৰি দশকৰ পৰা এতিয়ালৈকে চলি থকা প্ৰত্যক্ষ কৰা হৈছে । 
অসমৰ বহু জনজাতিৰ ভিতৰত অসমৰ মিছিঙ  জনজাতিৰ ফুলৰ দিজাইনৰ কাপোৰে মহিলা -ছোৱালীৰ মাজত আকৰ্ষিত হোৱা দেখা গৈছে । অসমত গঢ়ি উঠা থলুৱা উদ্যোগ সমূহে  এই চাদৰ- মেখেলা, ৰিহা আদি  বৈ উলিয়াই বজাৰত উপলব্ধ কৰা দেখিছো ॥

মিছিং ক'লা মেখেলাৰ বোৱণ শৈলীৰ বিষয়ে ::
ইয়াতে এটা কথা মন কৰিছো, মিছিঙ ক'লা মেখেলাৰ মূল ফুলটো "ঘাইফুল" ৰ  পূৰ্ব্বৰ মূল দিজাইন কিছুমানে ৰাখিছে -  তাৰ কলা - কুশলী মন কৰিব লগীয়া আছিল আৰু এটা বিশেষত্ব  আছে ; এই মূল ফুলৰ কৌশল সকলোৱে প্ৰয়োগ নকৰে । 
আৰু ঘাইফুলৰ দুয়ােপাৰে "আৰৰে" দিয়া নিয়মবােৰো প্ৰায় হেৰাই গৈছে তাৰ ঠাই একেবাৰে সৰল প্ৰথাৰে " আৰৰে" কৰে ।
মিছিঙ মেখেলাৰ মূল কলা- শৈলীৰে কৰা মেখেলা চাদৰৰ বোৱণ বেছি সুন্দৰ ।

থলুৱা উদ্যোগ বহুত হৈছে সেয়ে প্ৰতিযোগিতাও বহুত তাৰ মাজতে তিষ্ঠি থাকিবলৈ হ'লেগুণগত কাপোৰ উৎপাদন কৰিব লাগিব ।

থলুৱা দিজাইনেৰে কৰা শাৰীৰ যদি দেখনিয়াৰ হয় -তেতিয়া গ্ৰাহকৰ অভাৱ নহ'ব । এই  পদক্ষেপ তেওঁলোকে ব্যৱসায়িক ভিত্তিত বৈ উৎপাদন কৰিলে নিশ্চয় লাভ‍ৱান হব ।

মাফলা,জেকেট  আদিৰ ফুলকৰা কলা কুশলী উত্তৰ পূৰ্ব্বাঞ্চলৰ যিমানবােৰ ৰাজ্য আছে, তাৰে প্ৰতিখন ৰাজ্যৰে  সুকীয়া  সুণিপুণতা বা  দক্ষতা মন কৰিব লগীয়া ।
নাগা সকলৰ জেকেট আৰু নাগা ছা'ল আজি  সকলোতে বিখ্যাত  আৰু বৰ 
সুন্দৰ ।

গাৰো সকলৰ মাজত তিৰোতাই যি যোৰ ককাঁলৰ ফালে পিন্ধে সেই কাপোৰত ফুল আৰু দিজাইন  আজিকালি বহুত সুন্দৰভাৱে প্ৰস্তুত কৰে ।

লিখিলে বহুতেই দীঘল হ'ব অকল এই জাতি - গােষ্ঠীয়েই নহয় অন্য পাহাৰীয়া জনজাতি বা গোষ্ঠীৰ মাজতো  বিশেষভাৱে নিজস্ব শৈলীৰে কাপোৰত  ফুল বাচে  সেই শৈলীবােৰ উত্তৰ পূৰ্ব্বাঞ্চলৰ আপুৰুগীয়া কলা -সম্পদ ।
তেনে শৈলী অকল সেই জাতি - জনগােষ্ঠীৰ মাজতহে দেখা গৈছে -- অন্য জাতিৰ মাজত তেনে দিজাইন - কাপোৰত ফুল বচা শৈলীৰ লগত মিল নাই ।

সেইদৰে মণিপুৰী সকলেও শিল্প -উদ্যোগতো যঠেষ্ট উন্নতি কৰিছে ।
সেয়ে সামৰণীত ইয়াকে ক'ব খোজো
ব্যৱসায়ীক ভিত্তিত কৰিবলৈ হ'লে ৰাষ্ট্ৰীয় পৰ্য্যায়ত  উলিয়াব পৰা বিভিন্ন ধৰণৰ বস্ত্ৰ প্ৰস্তুত কৰিলে বেচি লাভৱান হ'ব ॥

📝মীনা পামে গাম

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. শুনিবলৈ বেয়া যেন লাগিলেওঁ কওঁ , " দিজাইনৰ ক্ষেত্ৰত মিছিং মহিলাৰ ফুল -বছা, ফুলৰ দিজাইন আদি দিয়াত যঠেষ্ট উন্নত । ছাৰ এইটো বোজি নাপালোঁ যে শুনিবলৈ বেয়া লাগিলেও ,,, এই শব্দটো কিয় কলে ? আমাৰ কিয় বেয়া লাগিব । কোনোবা জনজাতি এ যদি উন্নতি পথত আগবাঢিছে তেন্তে আমি ভাল হে পাব লগে । আপুনি কিবা হিংসা কৰি লিখা যেন লাগিছে ! মানে আপোনাৰ মতে কোনটো জাতি এ ডিজাইনৰ সেত্ৰত আগবাঢ়িব লাগিছিল ?

    ReplyDelete
Post a Comment