দক্ষিণ কামৰূপৰ যাত্রাদল এক মোহনীয় কৃষ্টি (খণ্ড-০৬)

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা
    দক্ষিণ কামৰূপত যি কেইজন নাট্যকাৰে নাট ৰচনা কৰিছে , তাত তেখেত সকলৰ সৃজনী প্রতিভাৰ অপূৰ্ব আৰ্টৰ মিলন আৰু কল্পনা দেখা পাওঁ আঙ্গীকৰ ফালৰ পৰা ই আধুনিক উচ্চ পৰ্যায়ৰ | নাটবোৰত সন্নিবিষ্ট গান সমূহ আধুনিক নৃত্য শৈলীৰ | নাটসমূহত আধুনিক বাস্তব ধৰ্মী পৰিবেশ এটা ফুটাই তোলাত নাট্যকাৰ সকল সফল হৈছে | 
      আনহাতে অংকীয়া নাট শংকৰদেবেই প্রৱৰ্তন কৰি সুকুমাৰ কলা চৰ্চাৰ পথ সুগম কৰি তোলে | সত্র সংস্কৃতিৰ এটা প্রধান অলংকাৰ হল অংকীয়া ভাওনা | শংকৰদেবেই বৰদোৱাত সাতদিন সাতৰাতি তেওঁৰ প্রথম নাট চিহ্নযাত্রা মঞ্চস্থ কৰি গোটেই বিশ্ববাসীক চমক খুৱাইছিল | সত্রত ৰঙ্গীয়াল গৃহ স্থাপন কৰি তেওঁ ৰঙ্গমঞ্চ প্রতিষ্ঠা কৰিছিল | শংকৰ মাধৱৰ বাহিৰেও গোপাল আতা , দৈতাৰি ঠাকুৰ , ৰমাকান্ত , ৰামচন্দ্র আদি ধৰ্মগুৰু সকলে অংকীয়া নাট ৰচনা কৰি আমাক দান দি গ'ল | দক্ষিণ কামৰূপত অনেক সত্র আছে যদিও বৰ্তমান বৰদুৱাৰ মৌজাৰ লেংটা সত্র আৰু ভোলাগাঁও মৌজাৰ বৰফুলগুৰি সত্রতহে বৰ্তমানেও অংকীয়া ভাওনা চলি আছে | এই অংকীয়া নাট কিছুমান সত্রৰ বুঢ়াভকত সকলেও ৰচনা কৰিছিল | যদিও ইয়াৰ ভাষা শৈলীৰ মানদণ্ড গুৰুজনাৰ ৰচনাৰ সমকক্ষ নাছিল | সংস্কৃত আৰু ব্রজাৱলী শব্দৰ প্রয়োগ যথেষ্ট কম আছিল | দুখৰ বিষয় সত্রৰ সংখ্যা বাঢ়িছে যদিও ভাওনা দেখাৰ সৌভাগ্য দিনে দিনে কমি আহিছে  |
       ভাওনাৰ বাবে মঞ্চৰ প্রয়োজন নাই | অভিনয়ৰ বাবে প্রয়োজনীয় অংগ হ'ল সাজ-পোছাক , ৰং-বৰণ , মুখা আৰু নাটকৰ বাবে বিভিন্ন সা-সঁজুলি | আগৰ দিনত অংকীয়া নাটত পোহৰৰ বাবে আৰিয়া , চোতৰা , ভোটা ,আদি ব্যৱহাৰ কৰিছিল | এনেদৰেই গুৰুজনাই পোহৰৰ ব্যৱস্থাৰে নিশা অংকীয়া নাট মঞ্চস্থ কৰিছিল  |  
                  আগলৈ....

   📝হেমেন হাজৰিকা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)