আমাৰ উত্তৰ পুৰুষৰ ব্যক্তিগত আৰু সামাজিক গুণসমূহ-০১

©Admin
0
আমাৰ  ভৱিষ্যত প্ৰজন্মৰ বংশধৰসকলৰ জীৱনত বিদ্যালয়ে মুখ্য ভূমিকা গ্রহণ কৰে | বিশেষকৈ তেওঁলোকে ভালেকেইটা বছৰ বিদ্যালয়ত বিভিন্ন অভিজ্ঞতা আৰম্ভ কৰে , যিবিলাক শিকণ সম্পৰ্কীত শ্ৰেণী কোঠাৰ শিক্ষণ সফলতা অথবা বিফলতা , শিক্ষকৰ সৈতে আদান-প্রগান , অধ্যক্ষ আৰু অন্য শিকাৰুৰ লগত সম্পৰ্কিত | যিটোৱে তেঁলোকৰ জীৱনত অসীম প্রভাৱ পেলায় | ছাত্ৰ ছাত্ৰীৰ কাৰণে তেনেবোৰ ব্যক্তিগত সামাজিক গুণসমূহ বিকাশ কৰিবলৈ বিদ্যালয়ৰ পৰিৱেশে এটা প্রসংগৰ সৃষ্টি কৰে যিটোৱে তেওঁলোকৰ জীৱনৰ সকলো ক্ষেত্ৰতে শিকণ আৰু আচৰণক প্রভাৱান্বিত কৰে  |
               শিকাৰুৱে কেনেদৰে শিকণৰ দৃষ্টিভংগী ল'ব আৰু কি শিকিব এই বিষয়ত অনুভূতি আৰু আৱেগে এক উল্লেখযোগ্য ভূমিকা পালন কৰে | ইতিবাচক অনুভূতি যেনে... সুখ , আনন্দ , উত্তেজনা আদিয়ে শিকণক অভিৰোচিত কৰে আৰু প্রদৰ্শন বৃদ্ধিক সহজ কৰে | নেতিবাচক অনুভূতি আৰু অনুভৱে যেনে... খং , দুখ-বিষাদ , দোষী অনুভৱ, নিৰাপত্তাহীনতা( অ-সুৰক্ষিত)আৰু সম্পৰ্কিত অনুভৱৰ সৈত্য জড়িত শাস্তিৰ ভয় , ঠাট্টা কৰা , অপবাদ আদিয়ে অভিৰোচন আৰু শিকনৰ সৈতে হস্তক্ষেপ  কৰাৰ পৰা সাধাৰণতে আঁতৰাই ৰাখে  |
                এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী কোঠালৈ আৱেগ আৰু এক পূৰ্বানুৰাগ লৈ অহা বিষয়টোক সেইবাবে স্বীকৃতি শ্ৰেণীকোঠাত দিয়াটো গুৰুত্বপূৰ্ণ ।ছাত্ৰ-ছাত্ৰীয়ে যাতে সুৰক্ষিত আৰু নিজকে গ্রহণযোগ্য বলি অনুভৱ কৰে তাৰ বাবে এক ইতিবাচক পৰিবেশৰ প্রয়েজন ।যেতিয়া শিক্ষক সকলে এনেদৰে ভূমিকা ল'ব তেতিয়া তেওঁলোকে কিবা জানিবলৈ আগ্রহী হ'ব আৰু শিক্ষকসকলৰ প্রদৰ্শনত তেওঁলোক আগ্রহী হ'ব  ইয়ে তেওঁলোকক সহায় কৰিব ।ছাত্ৰ-ছাত্ৰীয়ে যে কেৱল সুৰক্ষিত আৰু নিৰাপত্তা আৱেগিকভাৱে অনুভৱ নকৰে বৰং কেনেধৰণৰ গুণসমূহ তেওঁলোকে প্রতিদিনৰ শ্ৰেণীকোঠাৰ আদান প্রদানত স্থান দিয়ে  |

আগলৈ••

     🖋️ হেমেন হাজৰিকা  |
              মিৰ্জা,কামৰূপ অসম  |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)