এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-১৫)

©Admin
0

মা_______ কি হল চকু দুটা ৰঙা পৰি আছে যে, কান্দিছিলি নেকি?
_________ নাই,চকুত কিবা এটা সোমাইছিল মোহাৰি দিওঁতে ৰঙা পৰি গল।
আকৌ এবাৰ ফাঁকি দিবলৈ মই বাধ্য।
মা_______ আহ চোন মোক কাম দুটা মান কৰিদেহি।
_______ ওম....
কাম কৰি থকাৰ মাজতে হাত দুখনলৈ চালো। হাত দুখন উকা এইবাৰ। প্ৰতিবছৰে মৰমত লোৱা জেতুকা খিনিয়ে মোৰ হাত দুখন ৰাঙলী কৰি ৰাখে,কিন্তু এইবাৰ জেতুকা খিনিও হাতত লাগিবলৈ নিবিচাৰিলে। মোক যেন এইবাৰ বিহুটোৱে বিষাক্ত কৰি পেলালে।

পৰো নপৰোকৈ আকৌ দুটোপাল চকুপানী পৰি গল। প্ৰান্তিকে কোৱা কথা বোৰ মনলৈ আহি আছে।বাৰে বাৰে কামৰ মাজত নিজকে ব্যস্ত ৰাখি কথাবোৰ পাহৰি থাকিব খুজিছোঁ। কিন্তু কোনোবা খিনিত যেন মই বহুত দুৰ্বল হৈ গ'লো। এইবাৰ আনন্দ স্ফুৰ্তি সকলো খিনি মোৰ হেৰাই গল। প্ৰান্তিকৰ সেইয়া খং, অভিমান নে অৱহেলা মই আজি বুজিব পৰা নাই। বাৰে বাৰে মনটোক সান্তনা দিছোঁ, তেওঁ দেৰি কৈ হলেও মোৰ লৈ ফোন কৰিব,ইমান কণ হলেও বিশ্বাস আছে যে তেওঁ মোক বুজি পায়...........
           
 
           কথা বোৰ ভাবি আগফালৰ বিছনা খনতে কেতিয়ানো টোপনি গ'লো গমকে নাপালো। সন্ধিয়া ৫ বাজিল। দৌৰ মাৰি গৈ ফোনটো চাইছো কিন্তু এতিয়াও তেওঁৰ একো খবৰ নাই। নিজেই মেচেজ কৰিলো। তেওঁ reply কৰিব বুলি ফোন টো কোচতে লৈ বহি আছো। প্ৰায় এক ঘণ্টা হৈ গল মই মেচেজ কৰা।কিন্তু এতিয়া লৈকে তেওঁৰ reply নাই। খং উঠিছে বহুত। শেষত ফোন টো লগাই চালো ছুইচ অফ। বুকু খনে চিৰিং কৰি গল।আজি প্ৰথম বাৰলৈ অনুভৱ কৰিলো প্ৰান্তিক যে মোৰ পৰা দূৰলৈ গৈছে। মনটোৱে সহিব পৰা নাই। কাক কম কথা বোৰ? কোনে শুনিব? এবুজা দুখে মোক হেঁচা মাৰি আনিছে। এটা যন্ত্ৰৰ দৰে যথৰ হৈ আছো। খুব চিঞৰি কান্দিব মন গৈছে। বৰ্ষাক কথাখিনি কৈ দিওঁ ভাবি ভিতৰলৈ আহি দৰ্জা খন বন্ধ কৰি ল'লো। ফোন টো লগালোঁ।
বৰ্ষা________ হেল্ল, অথনি ফোন কৰিলো কিয় ৰিচিভ নকৰিলি?
মই তাইক একো কব পৰা নাই।কেৱল কান্দি আছো।
বৰ্ষা_________ জীয়া তই ঠিকেই আছ নহয়! কান্দিছ' কিয় ?
_________ প্ৰান্তিকে মোৰ লগত কিয় এনেকুৱা কৰিছে বাৰু? ৰাতিপুৱা মই সন্দেহ কৰো বুলি যিটি কলে আৰু এতিয়ালৈকে তেওঁৰ এটা খবৰ নাই।মই মেচেজ, ফোন কৰিছো, ফোন টো অফ হৈ আছে। এইবোৰ কি কৰি আছে বাৰু তেওঁ?
বৰ্ষা_________ ৰ' চোন তই অধৈৰ্য্য নহ'বি। মইয়ো ভাবি পোৱা নাই প্ৰান্তিক এনেকৈ তৎক্ষণাৎ কেনেকৈ চেঞ্জ হব পাৰে? ৰ'বি মই স্বাগতক ইয়াৰ বিষয়ে প্ৰান্তিকক সুধিব কওঁ।
তাই ফোন টো স্বাগত দালৈ লগালে।মই তেতিয়াও ৰোমতে সোমাই আছো। গোঁসাই ঘৰত মায়ে প্ৰাৰ্থনা কৰিছে। মই ভিতৰৰ পৰাই নেদেখা জনক প্ৰণাম জনাই কাকুটি কৰিছো-
_________ হে প্ৰভু তুমি এইবোৰ কি  কৰিছা? তুমিয়ে এদিন তেওঁক মোক লগ কৰাই দিছিলা আৰু আজি এইবোৰ হঠাতে কি কৰিছা?
কান্দিব লাগিছো হুক-হুকাই।
তেনেকুৱাতে আকৌ বৰ্ষাৰ ফোন আহিল।
__________ ক'
বৰ্ষা________ মোৰ বহুত খং উঠিছে প্ৰান্তিক দাৰ ওপৰত। তেওঁক মই বহুত ভাল বুলি ভাবিছিলো। গুৱাহাটী গৈ ইমান সোনকালে তেওঁ যে সলনি হৈ যাব। মানুহ দুৰণিলৈ গলেই যে সলনি হৈ যাব সেইটো কি কথা নেকি? আচৰিত! প্ৰান্তিক দাক হে দেখিলোঁ এনেকুৱা মানুহ।
__________ তই কি কৈ আছ মই একো বুজি পোৱা নাই। ভালকৈ ক' চোন।
বৰ্ষা_________ মই স্বাগতক সব কথা ক'লো। মোৰ লগত ফোন লগাই থৈয়ে স্বাগতে প্ৰান্তিক দাক কথা বোৰ সুধিলে।প্ৰথমতে তেওঁ কথা বোৰত একো গুৰুত্ব দিয়া নাছিল। শেষত কলে তই হেনো মিছা কৈ প্ৰান্তিক দাক সন্দেহ কৰি এইবোৰ কৰিছ'। তেওঁ তোৰ লগত কথা পাতিবলৈ নিবিচাৰে। কথাবোৰ মই সব শুনি আছিলোঁ।
বহুত খং উঠিছে মোৰ জীয়া। তই বেয়া নাপাবি কোৱা কাৰণে।প্ৰান্তিক দাই অজুহাত উলিয়াইছে । তেওঁৰ গাতে দোষ আছে, এতিয়া তই সন্দেহ কৰিছ' বুলি কৈ তেওঁ আপদ সাৰিছে।
__________ কথা পাতিবলৈ নিবিচৰা কাৰণটো কি? আজি ইমান দিনে সকলো ঠিকেই থাকে চলি আছিল।কিন্তু এতিয়া হঠাৎ কি হৈ গল মানে? এইবাৰ তেওঁ ঘৰ আহোঁতেও ঠিকেই আছিল। জান' মোক আঙুঠি এটাও দিছিল।
বৰ্ষা________ আঙুঠি দিছিল মোক কোৱাই নাই তই!
_________ ওম.....
কন্দাৰ বাহিৰে মই বেলেগ একো কৰিব পৰা নাই।
বৰ্ষা________ আঙুঠি দিছিল যদি তেওঁ কিবা এটা ভাবিয়েই দিছিল ন"? এনেই টো আঙুঠি এটা কোনেও কাকো নিদিয়ে। কিন্তু এতিয়া ......
হব চোন তই কান্দি নাথাকিবি।মায়ে আকৌ গম পালে দিব তোক।
________ মই নোৱাৰো এনেকৈ থাকিব। তেওঁৰ যদি কিবা অসুবিধা হৈছিল মোক কব লাগিছিল। মই এতিয়া কি কৰো।ভালপোৱা জন হঠাতে আঁতৰি গলে কেনেকুৱা লাগে সেইয়া কেৱল হেৰুৱা জনে হে গম পাই। 
বৰ্ষা_______ ওম বুজিচো। এতিয়া সেইবুলি তই কান্দি থাকিবি নেকি বিহুৰ দিনা। বাদদে! তেওঁ যদি নিজৰ ভুল বুজি পাই আকৌ নিজেই তোক বিচাৰিব। তহঁতৰ সম্পৰ্ক এতিয়া দুবছৰ হব।ইমান দিনে তোক যদি প্ৰান্তিক দাই সঁচাকৈ ভাল পাইছিল তেওঁ ঠিক হৈ যাব আকৌ। চাবি তেওঁ তোৰ লৈ নিজেই ফোন কৰিব।
_________ তথাপিও মই নোৱাৰো অ তেওঁক এৰি থাকিব। মই কেনেকৈ আছো এবাৰো তেওঁ মোক সুধি চোৱা নাই। তেওঁৰ কাৰণে মই আগতে এদিনো কান্দি পোৱা নাছিলোঁ।কিন্তু এতিয়া......?
মই কি ভুল কৰিলো যাৰ কাৰণে তেওঁ মোক ইমান বেছি অবহেলা কৰিব লৈছে।
বৰ্ষা_________ পাগল হ'লি নেকি তই? নিজকে কান্দি কান্দি শেষ কৰিম বুলি ভাবিছ' নেকি? প্ৰান্তিক দাই যেতিয়া তোক এৰি থাকিব পাৰিছে তই কিয় নোৱাৰিবি? তই পাৰিবই লাগিব জীয়া।ইমান সহজে ভাগি পৰিলে কেনেকৈ হব?
_________ ওহো।
বৰ্ষা________ তইয়ো দেখোন এদিন মোক বুজাইছিলি তেতিয়া মই তোৰ কথা কেনেকৈ বুজিছিলো,এতিয়া তইয়ো মোৰ কথা শুনিব লাগিব,বুজিব লাগিব। আৰু স্বাগতে তোক এইবোৰ চিন্তা বেছিকৈ কৰি থাকিবলৈ মানা কৰিছে। স্বাগত সৰুৰ পৰা প্ৰান্তিক দাৰ লগত থকা।তেওঁ কৈছে প্ৰান্তিক দাই তোক বহুত ভাল পাই, সি এতিয়া এনেই এইবোৰ কৰি আছে,আকৌ আগৰ নিচিনা হৈ যাব। আৰু ভালপোৱাতটো কাজিয়া পেছাল হয়েই। তই এইবোৰ ভাবি নাথাকিবি,আগৰ নিচিনাকৈ থাক।তেওঁৰ মন ভাল হলে আকৌ মেচেজ ফোন কৰিব।তোক এৰি নাযায় পাগলি।
_________ ওম.....
বৰ্ষা________ বুজি পাইছ' নে? তোৰ ঠাইত মই হোৱা হলে মোৰো এনেকুৱা হল হেঁতেন।খংটো উঠিবই।বাৰু হব দে এতিয়া কাজিয়া নকৰিবি আৰু তেওঁ ফোন কৰিলে ভালকৈ কথা পাতিবি।
_________ ওম..... হব।
বৰ্ষাৰ কথাবোৰত যেন অলপ সকাহ পালো।তাই যে মোক ইমান বুজি পাই। সেইকাৰণে কিবা এটা হলে মই আগত তাইক কওঁ।জানো তাইৰ পৰা মই ভাল কিবা এটা উপদেশ পাম। মনৰ কথাবোৰ তাইক কলে হে মোৰ শান্তি লাগে।
       চকুপানী খিনি মচি ল'লো। বৰ্ষাই কোৱা পাছত প্ৰান্তিক আৰু মোৰ ভালপোৱাত থকা বিশ্বাসটো আৰু অলপ শক্তিশালী হৈ উঠিল। তেনেকুৱাতে চোতালত ঢোলৰ গুমগুমনি শুনিলো। খিৰিকীয়েদি চালো আমাৰ গাঁৱৰে মোৰ সমবয়সীয়া ল'ৰা-ছোৱালী এজাকে হুঁচৰি মাৰিবলৈ আহিছে। আমাৰ গাঁৱত উৰুকা দিনাৰ পৰাই বিহু ধৰা হয়। একেৰাহে সাত দিন ৰাতি বিহু মৰা হয়।আগতে মইয়ো গৈছিলো ইহঁতৰ লগত।কিন্তু এতিয়া কলেজ যোৱাৰ পৰা হুঁচৰি মাৰিবলৈ নোযোৱা হ'লো। সিহঁতক দেখি মই কব নোৱাৰা হৈ গ'লো। তাতে ঢোলৰ মাত।দৌৰ মাৰি বাহিৰলৈ ওলাই গ'লো। মা দেউতাও বাহিৰতে আছিল।
"জীউ ক'ত আছিলি? যা চাদৰ মেখেলা এযোৰ পিন্ধি আহগৈ"।
মাৰ একেষাৰ কথাতে মই ৰোমলৈ আহি আটোম- টোকাৰি কৈ চাদৰ মেখেলা যোৰ পিন্ধি আহিলো। ক'লা ৰঙৰ মেখেলা আৰু ব্লাউজ, ৰঙা ৰঙৰ চাদৰ। খোপাটোও আতিলকৈ বান্ধি ল'লো। বহুত দিনৰ মূৰত চাদৰ মেখেলা যোৰ পিন্ধি নিজকে বহুত ধুনীয়া দেখিছোঁ। বাহিৰলৈ ওলাই যোৱাত মায়ে মোৰ লৈ চাই মিচিককৈ হাঁহি টো মাৰি দিছে।হুঁচৰি দলে প্ৰায় নাম জুৰিলেই....
"কৃষ্ণাই মুৰতে বকুল ফুল এপাহি
                নিয়ৰ পাই মুকলি হল ঐ       
                                গোবিন্দাই ৰাম"

ঢোলৰ চাপৰ শুনি বাৰাণ্ডাতে ৰৈ ৰৈ কঁকাল টো অলপ অলপ কৈ ভাঙি আছিলো।পতককৈ  দলটোৰ পৰা নাচনী এজনী আহি মোক হাত খনত ধৰি টানি সিহঁতৰ লগত নাচিবলৈ লৈ গল। প্ৰথমতে বহুত লাজ লাগিছিল।গুচি আহিব লৈছিলো কিন্তু সিহঁতে আহিবলৈ নিদিলে। গোটেই সোপাই ঘেৰি ধৰিলে। উপাই নাপাই নাচিলো সিহঁতৰ লগতে।বহুত দিনৰ মূৰত  ঢোলৰ চেৱে চেৱে হালি-জালি নাচিছো। আনন্দত আত্মহাৰা হৈ মই পাহৰি গ'লো যে মই অলপ আগত ৰোম এটাত সোমাই উচুপি আছিলো।

আগলৈ......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)