এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায়(খণ্ড-১৪)

Rinku Rajowar
0
আজি উৰুকা। ৰাতিপুৱাই গছৰ পৰা জেতুকা পাত কেইটামান চিঙি পটাত  পিছি আছো। তেনেকুৱাতে ফোন টো বজা শুনি ভিতৰলৈ লৰ মাৰি গৈছো।বৰ্ষাই ফোন কৰিছে।
________ হেল্ল,
বৰ্ষা_______ বিহুৰ শুভেচ্ছা থাকিল,পাগলী ।
________ thank You, তোৰলৈও বহুত বহুত শুভেচ্ছা আৰু মৰম থাকিল। মই ফোন কৰিম বুলি ভাবিছিলোৱেই তোৰ লৈ।
বৰ্ষা_______ হোহ, ভাবি হে থাক তই,কৰিব নোৱাৰ নহয়।
________ নহয় অ, ৰাতিপুৱা ইটো সিটো কৰি আছিলো।এতিয়া জেতুকা খুন্দি আছিলো,তাৰ পাছতে তোৰ লৈ কৰিলো হেঁতেন।
ফোন টো কান্ধতে গুজি জেতুকা খিনি সম্পূৰ্ণকৈ পিচি আছো।
বৰ্ষা________ জেতুকা আজি হে লগাবি মানে? মই কালিয়েই লগাই আজৰি।
________ ওম আমাৰ ঘৰলৈ আহিবি, আইতা আৰু মামিক লৈ,আৰু তোৰ লৈ মই কানফুলি এযোৰ লৈ থৈছোঁ।
বৰ্ষা_______ যাব পাৰিলে যাম বাৰু। মইয়ো তোৰ লৈ কিবা এটা লৈ থৈছোঁ।কিন্তু কি লৈ থৈছোঁ নকওঁ।
________ ইহ হয় নেকি?
তাইৰ লগত কথা পাতি পাতি জেতুকা খিনি লগাব লৈছো হাতত।
________ কি কৰিছ?
বৰ্ষা________ স্বাগতৰ লগত কথা পাতি আছিলো। বিহুত আহিব নোৱাৰে নহয়।মনটো ভাল লগা নাই,লগ নাপাম কাৰণে।
________ তইয়ো স্বাগত দাক স্বাগত বুলি হে ক' নেকি? 
বৰ্ষা_______ ওম,মই আগৰ পৰাই কওঁ তেনেকৈ। কিয় সুধিলি?
_______ নাই মানে মই প্ৰান্তিক দাক প্ৰান্তিক দা বুলি কওঁ যে এতিয়া তেনেকৈ কবলৈ মানা কৰিছে। অকল প্ৰান্তিক বুলি কবলৈ কৈছে।বেয়া পাই হেনো তেওঁ।

মা দেউতা পাছফালে বাৰীত আছে কাৰণে তাইৰ লগত কথা বোৰ এনেকৈ খোলা খুলিকৈ পাতিছো।

বৰ্ষা________ ওম মইয়ো তোক সেইটো কথা কম বুলি ভাবো কিন্তু তই বেয়া পাৱ বুলি হে নকওঁ।
________ ওম, আৰু শুন চোন। তই স্বাগত দাৰ লগত এতিয়া কথা পাতিছিলি মানে?
বৰ্ষা_______ ওম, বেছি দেৰি হোৱা নাই।তেওঁৰ ফোন টো কাটিয়েই তোৰলৈ কৰিছো। কিয়?

সময় টো চালো ১১ টা বাজিল। মনটো খেলি মেলি লাগিছে।

________ মই ৰাতিপুৱা শুই উঠিয়েই প্ৰান্তিকলৈ মেচেজ কৰিছিলো। বিহুৰ শুভেচ্ছা দিলো। তাৰ পাছত তেওঁ ৰাতিকৈ কথা পাতিম বুলি কলে। দিনত অফিচলৈ যাব বুলি হেনো।মই বিহুৰ দিনাও অফিচ খোলা আছে নেকি বুলি সোধাত তেওঁ খোলা বুলি কলে। কিন্তু স্বাগত দা আৰু প্ৰান্তিকে একেটা অফিচতে কাম কৰে দেখোন। তেওঁ ৰোমত আছে যেতিয়া প্ৰান্তিকো থাকিব ন'?
বৰ্ষা_______ ওম.... স্বাগত ৰোমতে আছে, মই কথা পাতোতে প্ৰান্তিক দাই ভাত বনাই আছে বুলি কৈছিল। বিহুৰ দিনা সৱ বন্ধ থাকে। ক'ৰ অফিচ খোলা থাকিব? তোক আকৌ কিয় তেনেকৈ কলে তেওঁ?

বৰ্ষাৰ কথা কেইটা শুনি মই আৰু নিজক চম্ভালিব নোৱাৰিলো। চকুপানী ওলাব লৈছে।। বুকু খনেও চিৰিং চিৰিং কৰিছে। ইমান মৰমত লগোৱা জেতুকা খিনিয়ে ৰং ধৰিব লৈছিল হে, ধুই পেলালো হাত খন।

________ মই নাজানো বৰ্ষা তেওঁ কিয় এইবোৰ কৰিব লৈছে।
সেইদিনা খন মোক জুখি চাইছো বুলি কোৱা কথাবোৰ  কৈ দিলো তাইক।
________ তেওঁৰ কি হৈছে মানে? তইয়ে ক' মোৰ কিবা বুজাত ভুল হৈছে নেকি বাৰু নে তেওঁক হেৰুওৱাৰ ভয়ত মোৰ মনটোৱে এনেই যিটি কথা ভাবি থাকিব লৈছে।
বৰ্ষা______ আচৰিত! তেওঁ এনেকৈ ফাকি কিয় দিব লাগে মানে। তোৰলৈ  দিনত ফোন কৰে নে প্ৰান্তিক দাই নে অকল ৰাতিয়ে কথা পাত'?
_________ নাই অকল ৰাতি হে? আগতে দিনতো পতা হৈছিল,আজিকালি তেওঁৰ সময় নহয়।
বৰ্ষা_________ কিয় দিনত ১ ঘণ্টা তেওঁলোকক লান্স ব্ৰেক দিয়ে দেখোন।তেতিয়াও কথা পাতিব পাৰে।
__________ ১ ঘণ্টা ব্ৰেক দিয়ে বুলি গম নাপাওঁ। হব,নালাগে বাৰু তেওঁ দিনত মোৰ লগত কথা পাতিবলৈ। তেওঁৰ জিৰণিৰো কথা আছে। কিন্তু......? এই কেইদিনমানৰ পৰা তেওঁৰ কথা পতা ধৰণেই সলনি হৈ গৈছে।
বৰ্ষা________ তই তেওঁৰ লগত কথা পাতি চা চোন। কিবা হৈছে নেকি সোধ। কথা বোৰ খোলা কৈ পাত।
________ ওম....
ফোন টো কাটি তেওঁলৈ লগালোঁ।
দুবাৰ ফোন কৰিলো,ৰিচিভ কৰা নাই। তিনি বাৰত ফোন টো ৰিচিভ কৰিলে।
প্ৰান্তিক_________ মই অফিচত আছো। কিয় ফোন কৰি আছা?

কথা কেইটা খঙত কৈছে অলপ।
__________ আপুনি ফাকি কিয় দিছে বাৰু মোক? আজি বিহুৰ দিনা কোনো অফিচ কছাৰী খোলা নাথাকে মই জানো।কিন্তু মই নিজতকৈও  আপোনাক বেছি বিশ্বাস কৰিছিলো,আপুনি সঁচাকৈ কৈছে বুলি ভাবিছিলো। কিন্তু এতিয়া ৰোমত থাকি মোক এনেই কিয় কলে?
হু-হুৱাই কান্দি দিলো।
প্ৰান্তিক_______ কোনে কলে মই ৰোমত আছো বুলি, তোমাক আকৌ মই ফাকি কিয় দিম?
_________ মই গম নাপাওঁ বুলি ভাবিছে নেকি আপুনি? কি হৈছে মই আপোনাক সুধি আছো নহয়।কিবা হৈছে যদি কৈ দিয়ক চোন। আজিলৈকে মই আপোনাক কিবা ফাকি দিছোঁ জানো, কিন্তু আপুনি আজি কিয় মোক মিছা কথা কলে।আপোনাৰ যদি কথা পাতিবলৈ মন নাছিল,মোক কোৱা হলেও হয়।মই অলপো আপত্তি নকৰিলোঁ হেঁতেন,কিন্তু এনেকৈ.......?
প্ৰান্তিক________ ইমান কিয় লেকচাৰ দিছা অ তুমি? তুমি মোক মিছা কথাত চলো বুলি ভাবিছা নেকি? বিশ্বাস নকৰিলে নাই আৰু সিমানেই। সব কথা কান্দি কান্দি নকবা,মই ভাল নাপাওঁ।
_________ অহ আপুনি এতিয়া মোৰ ওপৰত খং কৰিব পৰাও হল নেকি? 
প্ৰান্তিক_________ খং নকৰি আৰু কি কৰিব লাগে? লোকৰ কথা শুনি মোক সন্দেহ নকৰিবা।

কি কম মই ভাবি পোৱা নাই।হাত খন মুঠি মাৰি ধৰিছো। তেওঁ মিছা কৈছে বুলি মই গম পালো কিন্তু এতিয়া লৈকে তেওঁ নিজৰ ভুল স্বীকাৰ কৰা নাই।

__________ ঠিক আছে আৰু একো কব নালাগে আপুনি। ঘৰ কেতিয়া আহিব কওঁক? কথা অলপ পাতিবলৈ আছে আপোনাৰ লগত।
প্ৰান্তিক________ নাই ঘৰ নাযাওঁ মই, সেইদিনা লগ পাওঁতে কৈছিলোৱেই সোনকালে ঘৰলৈ যাব নোৱাৰিম বুলি,আকৌ কিয় সুধি আছা?
________ আপুনি কথা বোৰ কিয় এনেকৈ কৈছে? আৰু আপোনাক এইকেইদিন ঘৰলৈ অহা কথা সুধি থাকোতে আহিম বুলিয়ে কৈছিল চোন।
প্ৰান্তিক_________ তোমাৰ মন বেয়া লাগিব বুলি যাম কৈছিলো তেতিয়া।
________ অহ হয় নেকি? মোৰ মন বেয়া লাগিব। এতিয়া কি মোৰ মন ভাল লাগি আছে?
প্ৰান্তিক________ সেইবোৰ মই নাজানো।
__________ এনেকৈ কথা বোৰ কিয় কৈছে বাৰু? মই আপোনাক সন্দেহ কৰা নাই , সুধিছো হে কথাটো।
প্ৰান্তিক________ হব তুমি যি ভাবা ভাবি থাকা।bye

Bye কৈয়ে ফোন টো কাটি দিলে।মই কিবা কোৱালৈ নৰ'লেই।আকৌ ফোন নকৰিলোঁ মই। প্ৰথম বাৰ আজি তেওঁ মোৰ বিশ্বাস ভাঙিলে তাৰ পাছতো তেওঁ নিজৰ ভুলটো এবাৰলৈ হলেও ভাবি নাচালে।
তেওঁ যে এতিয়া সলনি হল তাত কোনো সন্দেহ নাই। তেওঁ এতিয়া আগৰ প্ৰান্তিক হৈ থকা নাই, মোৰ দুখত দুখী,মোৰ সুখত সুখী হোৱা। মোৰ কথা বোৰ এতিয়া লেকচাৰ হল। ইমান দিনে নেদেখা ৰূপ এটা আজি দেখি মই তেওঁ সলনি হৈ যোৱা স্বভাৱ টো সহজ ভাৱেই মানি লব পৰিছো। তেওঁ দিয়া আঙুঠিটোলৈ চাইছো। আঙুঠি টোৱে মোক তেওঁৰ ভালপোৱা প্ৰমাণ দিছে যদিও তেওঁৰ আজি কথা বোৰত মোৰ যেন আজি স্থিৰতা হেৰাই গৈছে। খুলি পেলাই আঙুঠি টো বেগত ভৰাই থলো।

ফোন টো সেইখিনিতে পৰি আছে। বৰ্ষাই বাৰে বাৰে ফোন কৰিছে।মই ৰিচিভ কৰা নাই। কোনটো সতে তাইক মই এইবোৰ কথা কওঁ। 

" জীউ কত আছ'?"
মা- হঁত ঘৰ আহিলে।
লৰা- লৰি কৈ চকুপানী খিনি মচি ওলাই গ'লো।

আগলৈ......

🖍️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)