এটা সপোন

সিহঁত আহিছে...
অৰুণ উদয়ৰ পৰত কংক্ৰীটৰ বাটেদি ,
ওঁঠযুগলত প্ৰস্ফুটিত অকৃত্ৰিম দুটি হাঁহিৰ চিক্ মিকনি ।
লগত‌‌ হেঁপাহৰ জোলোঙা ভৰাই আনিছে...
আপোনৰ উমাল আৱেশ-যি তাইৰ বাবে বৰ দুষ্প্ৰাপ্য 
শাসনসূলভ দায়িত্ব বিশেষ-যি তাইৰ বাবে উপহাৰ শ্ৰেষ্ঠ 
আৰু বাউলী প্ৰাণৰ সংগভিলাসী তাইও সন্ধান লাভ কৰিছে...
নিসংগতাৰ অশ্ৰু মচিবলৈ উদ্বাউল দুটি স্পৰ্শৰ 
অভিমানসূলভ দুষ্টালিৰে আজীৱন আগুৱাই নিয়া দুটি অগ্ৰজৰ 
দুয়োৰে বাহুবন্ধনত তাইৰ স্বস্তিৰ নিশ্বাস !
সুখৰ কান্দোনমুৱা চিঞৰ - "বা"..."দাদা"...

বিমূৰ্ত নিশাটিত শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পাইছিল তেতিয়া ।

🖋️হিমাশ্ৰী বৰা
ৱিমেনজ কলেজ , তিনিচুকীয়া ।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send