এজাক বৰষুণৰ অপেক্ষাত- দ্বিতীয় অধ্যায় (খণ্ড-২৫)

©Admin
2
__________ ক' পাখি মনে মনে কিয় আছ'?  আৰু প্ৰান্তিক! প্ৰান্তিককো সুধিবলৈ বহুত কথাই আছে।নাজানো সোধা হ'ব নে নহয়। বহুত ডাঙৰ ভুল হল মোৰ। তোক কেতিয়াও বিশ্বাসত ল'ব নালাগিছিল মই। লাজ লাগিব লাগিছিল তোৰ।নিজৰ ৰুমতে থকা এজনীৰ লগত এনেকুৱা কৰিবলৈ। মোক মিছা কথা কৈ সেইদিনা তই প্ৰান্তিকক লগ কৰিবলৈ গৈছিলি।ছিঃ মোৰ তেতিয়াই অলপ অলপ সন্দেহ হৈছিল যে তই মোক মিছা কৈছ'।কিন্তু সন্দেহৰ কাৰণে এনে এনেই তোৰ লগত মই কাজিয়া কৰিব বিচৰা নাছিলো। প্ৰান্তিকে যিদিনা মোক আঙুঠিটো দিছিল সেইদিনা প্ৰথম প্ৰতিক্ৰিয়া তোৰ হৈছিল। মই তেতিয়াই বুজি পাব লাগিছিল।...... মোক উত্তৰ দে।
পাখি_________ তোক উত্তৰ লাগে। শুন তেতিয়া। প্ৰান্তিকক মই ভাল পাওঁ আৰু তাক পাবলৈ মই যি কোনো কাম কৰিবলৈ বাধ্য হ'ম। কাৰোবাৰ লাইফ শেষ কৰি দিবও পাৰিম মই। গতিকে তই তাৰ আৰু মোৰ মাজত সোমাই নিজৰ বিপদ নামাতিবি। ভাগ্য ভাল তই ইমানতে গম পালি আৰু নিজক বচালি। নহ'লে কথা ভাল নহলহেঁতেন।

পাখিৰ কথাবোৰ শুনি মোৰ মূৰটো ঘূৰাই গৈছে। তাই কি কৈছে এইবোৰ।মই সপোন দেখিছোঁ নেকি? প্ৰথমবাৰলৈ পাখিৰ মুখত এনেকুৱা কথা শুনি মোৰ অলপ সময়লৈ বিশ্বাস কৰিবলৈ টান হৈ গৈছে। ইমান দিনে মই যিজনী পাখিক চিনি পাইছিলো সেইজনী পাখিৰ আজি অন্য এখন মুখা দেখিলোঁ। ভালপোৱাৰ কাৰণে মানুহ কেনেকৈ ইমান তললৈ নামিব পাৰে?

___________ তই কি কৈছ' এইবোৰ? পাগল হ'লি নেকি? মই বিশ্বাস কৰিব পৰা নাই পাখি তই যে এনেকুৱা কথা ক'বি।
পাখি________ বিশ্বাস কৰ' নকৰ' তোৰ কথা। প্ৰান্তিকে তোক এৰিলে এতিয়া। তই এইবোৰত লাগি লাভ নাই। সি আৰু ঘূৰি নাহে গতিকে তই আমাৰ মাজত নোসোমাবি আৰু...

তাইৰ কথা বোৰ শুনি শুনি মোৰ খঙে চুলিৰ আগ পাইছিলগৈ। বৰ আচৰিত হৈছো মই।

_________ মাজত তই সোমালি নে মই সোমাইছো? কাৰ কাৰণে আজি এইবোৰ হ'ল? তোৰ কাৰণে! কেতিয়াৰ পৰা এইবোৰ হ'ল ক'?
পাখি__________ এইবোৰ মই নাজানো। তই ইয়ালৈ অহাৰ পাছত যিদিনা প্ৰান্তিকক লগ পাইছিলি আৰু মইয়ো যেতিয়া প্ৰথম বাৰলৈ প্ৰান্তিকক লগ পাইছিলো সেইদিনাৰ পৰাই প্ৰান্তিকে ফেচবুকত মোলৈ মেচেজ কৰি যিটি কথা কৈ থাকে। তোক সি ভাল নাপাই বোলে। আগতে পাইছিল কিন্তু এতিয়া নাপায়।তাৰ ঘৰত তোক গ্ৰহণ কৰিব নোৱাৰে মাকে। আৰু সেইদিনাৰ পৰা কথা পাতি পাতি এদিন তাৰ মাজতে প্ৰান্তিকে মোক প্ৰ'পজ কৰিলে।এতিয়া সি মোক বহুত ভাল পাই। প্ৰান্তিকক পাবলৈ মই সকলোখিনি কৰিবলৈ ৰাজি আছো।
_________ ওহো...... কেতিয়াও হ'ব নোৱাৰে।এইটো অসম্ভৱ কথা।প্ৰান্তিক ইয়ালৈ প্ৰথম অহা পাছতো মই তাক লগ পাইছো। সি মোৰ লগত তেতিয়াও আগৰ দৰেই কথা পাতিছিল। তেতিয়াও ভাল পাই আছিল মোক। আৰু তই কৈছ' প্ৰথম বাৰ প্ৰান্তিক ইয়ালৈ আহোঁতেই তোক ভাল পাওঁ কৈছিল। যিটো প্ৰান্তিকক মই জানো সেইটো প্ৰান্তিক এনেকুৱা কেতিয়াও হ'ব নোৱাৰে। আৰু তোক তেতিয়াই ভাল পোৱা হ'লে মোক আঙুঠিটো কিহৰ কাৰণে দিলেহেঁতেন?
পাখি__________ নাজানো মই, তোক আঙুঠি কিহৰ কাৰণে দিলে। কিন্তু এইয়াই সঁচা। তই মেচেজ দেখিলিয়েই এনেও আৰু মই তাক সেইদিনা লগ কৰিও আহিছো।
____________ মই কেতিয়াও মানি ল'ব নোৱাৰো।এনেকুৱা হ'বই নোৱাৰে। তোক দেখাৰ লগে লগে যে প্ৰান্তিকে তোক ভাল পাবলৈ বিচাৰিব। ইয়াত বেলেগ কিবা কথা লুকাই আছে যিবোৰ মই গম পোৱা নাই। সঁচা কথা ক' পাখি।মই তোক হাতযোৰ কৰিছো। প্ৰান্তিকে এৰি যোৱাৰ দুখ এতিয়াও মোৰ অন্তৰত জ্বলি আছে। সি মোক এৰিলে মানি লৈছোঁ।কিন্তু তোক প্ৰান্তিকে কেতিয়াও ভাল পাব নোৱাৰে। প্ৰান্তিক তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে যে সি ছোৱালী দেখিলেই ভাল পাব বিচাৰিব।তাকো মোৰ লগৰে কাৰোবাক।
পাখি________ তই এতিয়া সান্তনা ল'ব নালাগে।এইয়াই সঁচা।
কথাটো কৈ তাই বাহিৰলৈ ওলাই আহিল। মই একো সিধান্ত ল'ব পৰা নাই। প্ৰান্তিকে ইমান ডাঙৰ বিশ্বাসঘাটকতা কৰিলে মোৰ লগত। মই মানি ল'ব নোৱাৰো এইটো কথা। বহুত কথা সুধিবলৈ আছে প্ৰান্তিকক। আৰু পাখি তাই মোৰ কথাও এবাৰ ভাবি নাচালে যে মোৰ অন্তৰত কি চলি আছে,মোৰ কেনেকুৱা লাগিব? পাখি ভালপোৱাৰ কাৰণে ইমান অত্যাচাৰী হৈ গ'ল? ভাবি চালেই মোৰ আচৰিত লগা হৈছে।যদি পাখিয়ে সঁচা কথা কৈছে তেন্তে মোৰ আৰু ক'বলগা একো নাই। থাকক প্ৰান্তিক আৰু পাখি শান্তিত থাকক। পাখিৰ লগত প্ৰান্তিকৰ সকলো কল্পনাই পূৰণ হওঁক।মই হাৰি গ'লো।মই প্ৰতাৰিত হ'লো বন্ধুৰ ফালৰ পৰা আৰু এবাৰ প্ৰেমৰ ফালৰ পৰা। প্ৰেম আৰু বন্ধু এই দুয়োটা বস্তুক বিশ্বাসত লৈ মই শেষত কি পালো এটা ডাঙৰ শূণ্য।

      আজিৰ পৰা পাখিক চিনি নাপাওঁ মই। তাইৰ লগতো সকলো সম্পৰ্ক শেষ মোৰ। ৰুমটো সলাই পেলাই মই আজিয়েই ঘৰলৈ যাবলৈ ওলোলো।

আগলৈ......

🖋️পূৰ্ণিমা হালৈ

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. "এজাক বৰষুণৰ অপেক্ষাত"-- আপোনাৰ সৃষ্টি
    আজি গোটেইকেইটা খণ্ড পঢ়িলো.. গ্ৰন্থ সুবাসত পঢ়িবলৈ আৰম্ভ কৰিছিলো...ধৈৰ্যয়ে নুকুলালে.. কাহিনীৰ আগত দৌৰিবলৈ মন গ'ল ... সেইকাৰণে আপোনাৰ profile চাই এই link টো পালো
    পঢ়ি খুব ভাল লাগিল
    শুভকামনা যাচিলো দেই
    নতুন খণ্ড ইয়াতেই পাম নে? ?

    ReplyDelete
  2. সম্পূৰ্ণ খণ্ড কেইটা পঢ়িবলৈ ইয়াত ক্লিক কৰক
    https://www.axomiyahahitiyarsaneki.com/search/label/%E0%A6%8F%E0%A6%9C%E0%A6%BE%E0%A6%95%20%E0%A6%AC%E0%A7%B0%E0%A6%B7%E0%A7%81%E0%A6%A3%E0%A7%B0%20%E0%A6%85%E0%A6%AA%E0%A7%87%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE%E0%A6%A4

    ReplyDelete
Post a Comment