অনুভৱ

©Admin
0
কুঁহি অফিচলৈ বুলি খৰধৰ কৰি কোনোমতে ঘৰৰ পৰা ওলাই আহিল । ঘৰৰ পৰা কিছুদূৰ আগবাঢ়ি আহি থাকোতেই তাই দেখিলে ৰাস্তাৰ কাষৰ জোপোহাৰ ওচৰত বহু মানুহৰ ভিৰ আৰু অকণমান দূৰত পুলিচৰ গাড়ীখনো ৰৈ থকা দেখা পালে । কুঁহিয়ে মনতে কিবা হৈছে বুলি আগুৱাই গ'ল মানুহৰ ভিৰৰ মাজলৈ , তাই আগুৱাই গৈ থাকোঁত লক্ষ্য কৰিলে খোজে প্ৰতি তেজৰ চেঁকুৰা ৷ এনেতে 'আতঁৰি দিব আতঁৰি দিব' বুলি কোৱা শুনা পাই ঘূৰি চাই দেখে পুলিচৰ মাত । সেই সময়ত এম্বুলেন্স অহাৰ শব্দও শুনা পালে , তেতিয়াই কুঁহিয়ে দেখা পালে , তেজেৰেলুতুৰি-পুতুৰি হয় পৰি থকা ছোৱালী এজনীৰ মৃতদেহ । মানুহবোৰৰ মাজত আলোচনা ,ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰি এইদৰে পেলাই থৈ গৈছে ।হয় ,তাইয়ো দেখিলে বহুত কম বয়সৰ ছোৱালীজনী প্ৰায় ১৪-১৫ বছৰ  মানৰ হব । কুঁহিয়ে মনতে ভাবিলে সেই অত্যাচাৰী পিশাচবোৰৰ বাবে আজি কাৰোবাৰ এই নিৰ্দোষী ছোৱালীজনীয়ে নিজৰ মৃত্যুক সাৱটি ল'ব লগা হ'ল।কুুঁঁহিয়ে ভগৱানক প্ৰাৰ্থনা কৰিলে দোষীৰ যেন কঠোৰ শাস্তি হয় । 'বাইদেউ আতঁৰি দিব' তাইক যেন কোনোবাই আকৌ মাতিছে, আতঁৰি দিব ডেডবডী এম্বুলেন্সত উঠাব লাগে , কুঁহিয়ে পুনৰ ঘূৰি চাই দেখে যে কথাবোৰ ভাৱি ভাৱি তাই মৃতদেহ টোৰ একেবাৰে কাষত গৈ থিয় হৈছে, ৱাৰ্ডবয় দুজনে মৃতদেহটো গাড়ীত উঠাব লওঁতেই তাই দেখিলে যে 'বাইদেউ বাইদেউ' কৈ মাতি অহা তাইৰ ঘৰত দুই-এটা কাম কৰি দিয়া নিৰ্মালিৰ মুখখন।হিঃহিঃ কৰি নিৰ্মালি কুঁহি ঘৰত অহাৰ পৰা হাঁহি থকা দেখি                                      
: কি হ'ল অ' নিৰ্মালি, আজি দেখোন আহিবৰে পৰা হাঁহি আছা,                                   

: নাই বাইদেউ একো হোৱা নাই ।                             

:নাই নহয়, নিৰ্মালি অথনিৰ পৰাই হাঁহি আছা মই তোমাক লক্ষ্য কৰিহে আছো কোৱা এতিয়া ;                                  

: বাইদেউ ইয়ালৈ আহি থাকোতে ল'ৰাটো এইবুলি তাই ক'ব খুজিওঁ ঘপককৈ চুপ হৈ যায় , : ঐ কি হ'ল , কোন ল'ৰা কি কৰিছে ;                   
   কুঁহিয়ে যেন আচৰিত হৈ সুধিলে আৰু ভাৱিলে কিজানি কোনোবাই নিৰ্মালিক অহা-যোৱা কৰোতেঁ বেয়া ব্যৱহাৰ কৰিছে তাক বাধা দিব আৰু এনে নকৰিবলৈ ক'ব । কিন্তু, এনেকোৱা একো নহয়। 
 : বাইদেউ একো কৰা নাই , আপোনাৰ ঘৰলৈ আহোঁতে সদায় ল'ৰা এজনক ল'গ পাওঁ সি সেই সৰু দোকানখনৰ কাষৰ ডাঙৰ বটগছ জোপাৰ ওচৰতে ৰৈ থাকে আৰু মোলৈ চাই হাঁহি এটা মাৰে সেইবাবে মইয়ো , : অ' নিৰ্মালি সেইবাবে তুমিও হাঁহি দিলা।                                     
:বাইদেউ' আজি আকৌ ল'ৰা জনে মাত দিয়াত  
 মই ৰৈ কথা পাতি আহিলোঁ। 
 : ভাল কথা, মানুহে মাতিলে মাতিব লাগে শত্ৰুয়ে বা নহওঁক কিয় ; পিছে নিৰ্মালি , কি কথা পাতিলা ?  কুঁহিয়ে হাঁহি পেলাই ধেমালিতে তাইক সুধিলে।  নিৰ্মালিয়েও হাঁহি মাৰি ক'লে                                     

 : বাইদেউ ল'ৰাজনে মোক মোৰ নামতো কি আৰু এইফালে সদায় অহা-যোৱা কৰাৰ কথা তাকে সুধিলে ; মই আপোনাৰ কথাকে ক'লো।   
কুঁহি: ভালে কৰিলা ।  
এইদৰে কিছুদিন পাৰ হ'ল এদিন নিৰ্মালি কুঁহিৰ ঘৰত সোনকালে অহা দেখি ... : আজি আগতেই আহিলা ,     
      কুঁহিয়ে মনতে ভাবিছে নিৰ্মালিৰ মুখত আনন্দৰ হাঁহি কিবা বিশেষ বাৰ্তাই চাগে তাইক উৎফুল্লিত কৰি তুলিছে : বাইদেউ আজি মই আগতেই আহিলোঁ, আপোনাৰ ইয়ালৈ কেইদিনমান আহিব নোৱাৰিম যে , মই গাওঁৰ ঘৰলৈ যাম ; ।
 : অ' হয় নেকি, এইকেইদিন মই তোমাৰ লগত কথা নপতা কৈয়ে পাৰ কৰিব লাগিব।                                 

 : বাইদেউ এনেকৈ কিয় কৈছে কেইদিনমানহে ।পাছতটো আকৌ আহিমেই । 
            
 : হয় নিৰ্মালি, পিছে তোমাৰ লগত কোন যাব ?             

: মাহী যাব ;

: নিৰ্মালি ভালে তেনেহ'লে, যোৱা আইতাই তোমালৈ বাট চাই থাকিব। 
                  আজি এইমূহূৰ্তত  
কুঁহিয়ে অনুভৱ কৰিছে, সেইদিনা নিৰ্মালিয়ে তাইক মিছা প্ৰতিশ্ৰুতি দি গৈছিল যে তাই আকৌ ঘূৰি আহিম বুলি কৈ , তাই আৰু কেতিয়াও ঘূৰি নাহে , কুঁহিৰ পৰা তাই যেন সেইদিনাই শেষ বিদায় লৈছিল কুঁহিয়ে এই কথা মানিবই পৰা নাই; তাইক কোৱা কথাষাৰ কুঁহিৰ আইতাই "তোমালৈ বাট চাই থাকিব" ।                
      আইতাকেও যে নাতিনী নিৰ্মালি লৈ সদায়ে বাট চাই ৰৈ থাকিব ।              
 
✍️জিন্তী মণি নাথ 
     বঙাইগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)