ফাঁকি দি আনিলো আচাম ~ হেমেন হাজৰিকা

©Admin
0
   অসম মোৰ মাতৃভূমি | সুজলা সুফলা শস্য শ্যামলা আই মোৰ গৌৰৱৰ প্ৰাত্ৰী | যাৰ অপৰূপ সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে , আকৰ্ষিত কৰে আইৰ সেউজ বুকুলৈ | মোৰ আইৰ বুকুত প্ৰথম সুৰুয উদয় হয় | ইয়াৰ নদ- নদী ,পৰ্বত-পাহাৰ , সেউজ উপত্যকাই কাক আকৰ্ষণ নকৰাকৈ থাকে | ইয়াত ওপজা বীৰ-বীৰঙ্গনাৰ শৌৰ্য-বীৰ্যৰ কাহিনীয়ে সকলোকে ঈৰ্ষান্বিত কৰি তোলে | আইৰ বুকুৰ হাবি বননিত চেকুৰা চ্কুৰী সোণে জিক্ মিকাই থাকে | আমি গম নলওঁ , আমাৰ যে সকলো আছিল , সকলো আছে | যিয়ে আইৰ বুকুৰ নিৰ্মল পানী, নিৰ্মল জলবায়ুৰ সোৱাদ পাইছে সি আহি নিগাজীকৈ ইয়াত বহি গৈছে | এয়া মোৰ আইৰ বিশেষত্ব | ইয়াত বসবাস কৰা মোৰ ভাই-ককাই, বাই-ভনী, ইষ্ট- কুটুম্ব বৰ মৰমীয়াল | পৰক আপোন কৰি ল'ব পাৰে সহজতে | তাতেই সুখ পোৱা যায় | সেয়েহে আমাৰ অগ্ৰজ কবিয়েও লিখি গৈছিল '' পৰক আপোন কৰিব পাৰিলে সংসাৰ সুখৰ ঠাই |"
     ইমানেই আপোন ভোলা , আনৰ দুখ , আনৰ আলৈ আথানি দেখিব নোৱাৰে সেয়েহে বুকুতে ঠাই দিয়ে | কিন্তু সেই চতুৰ বিলাকে বুকুত কামোৰ মাৰি খায় | আমাক ফাঁকিৰে ঠগিব জানে | চিক্ মিকিয়া বস্তুবোৰক সোণ বুলি দেখুৱাই আৰু তাতে আমি ভুল যাঁও | পিছত কপাল থপৰিয়াই মৰো | ইমান সহজ সৰল হোৱাটোও ভাল নহয় | সৌ আমাৰ আজো ককাকৰো ককাকৰ দিনৰ পৰা আমাৰ সৰলতাৰ সুযোগ লৈ লৈ আমাৰ বৰ অসমৰ ভেটী টচনচ কৰি আমাৰ ৰাজহাড় ভাঙি পেলালে | আজিও আমি পোন হ'ব পৰা নাই | হয়তো আজীৱন নোৱাৰিম | বিশেষকৈ আমাৰ ঘৰ বিভীষণবোৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নিজৰ জোলোঙা ডাঙৰ কৰিবৰ কাৰণে সিহঁতে নিজৰ মাককো বিক্ৰী কৰিব পাৰে | তেনে কৰোতে আমাৰ সুজলা সুফলা শস্য শ্যামলা আইজনীৰ মুখৰ হাঁহি বেলি চিৰদিনৰ বাবে মাৰ যোৱাৰ উপক্ৰম | তথাপি কাৰোৰে টোপনী ভগা নাই | সিহঁতৰনো কি ? কিবা বিপদ হ'ব উৰি গৈ ওখ গছত বাহ ল'ব | মৰণ আমাৰ গুৰি পৰুৱাৰ | এতিয়া আমি মাউঠে উটিবও নাজানো | আমিয়েই আমাৰ ঘোৰ শতৰু হলো | সিহঁতবোৰে আমাৰ সেই সুযোগ গ্ৰহণ কৰি আমাক লুটা আৰম্ভ কৰিলে | আমাক লালিপপ দেখুৱাই সৰ্বস্বান্ত কৰিলে | সকলো শেষ কৰি দিলে | এতিয়া আমাৰ ফোপোলা অৱস্থা | দেখাত সকলো আছে | কিন্তু একো নাই | আমাক ৰমকজমক দেখুৱাই চামেলিহঁতে ফাঁকি দি আমাৰ মৰমৰ অসমখন লৈ গ'ল | ফাঁকি কেৱল ফাঁকি , জীয়া ফাঁকি | আমাৰ আৰু গত্যন্তৰ নাই | এদিন আমাৰ সকলো যাব | যিখিনি আছেগৈ সেয়াও নোহোৱা হ'ব | গতিকে কি হ'ব আমাৰ অহা কালিটো | ভাবিছোঁ অহাকালি সদাই সুন্দৰ হ'ব | কাৰণ কথাতে কয় অহা কালিটো সদায় সুন্দৰ |
    আমিও ঐক্যবদ্ধ হওঁ যাতে আমাক পুনৰ ক'ব নোৱাৰে ........ফাঁকি দি আনিলো আচাম |

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)