বগাকৈ বগলী বহলাই বলিছে

Rinku Rajowar
0
আকৌ এবাৰ শিশু হৈ পৰিলো মনেৰে | মনটো ঘুৰি গ'ল শিশু অৱস্থালৈ | বিদ্যালয়ৰ বাৰান্দা গচকি পাওঁতেই পঢ়িছিলো কবিতা এটা | কোনে জানো লিখিছিল ইমান সোৱাদ লগাকৈ , নাম ধাম হ'লে মনত নাথাকিল | সঁচাকৈয়ে পৰাণ জুৰুৱা , কবিতা আজিও পাহৰিব পৰা নাই , নাপাহৰিমো কিজানি |
বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা ।
বকুল বাগৰিছে ববছা বনতে
বুটলি বিলাওঁগৈ ব'লা |
ব্যঞ্জন বৰ্ণৰ ব আখৰটোৰে ইমান সুন্দৰকৈ , ইমান মৰম লগাকৈ লিখা কবিতা এবাৰ পঢ়িলেই মনত সাঁচ বহাকৈ ৰৈ যায় স্মৃতিৰ পটত | বলুকাত বগলী বহলকৈ বহিছে , তাতে আকৌ বিয়লি বেলা , কি সুন্দৰ |
বগলীয়ে মাছ খায় | মাছ বোকাত থাকে সেয়ে সিহঁতে জাক পাতি পাতি বিয়লি বেলা মাছ খাবলৈ আহে | বগলীৰ ৰং বগা | এই বগা বগা বগলী জাকে  জাক পাতি বহে তেতিয়া দেখি কিমান যে ভাল লাগে | প্ৰকৃতিৰ বিমোহন সৃষ্টিয়ে আমাৰ মন পুলকিত কৰে |
মই কেতিয়াবা কেতিয়াবা অলপ প্ৰাতঃ ভ্ৰমণ কৰো | এদিনৰ কথা তেতিয়া মাত্ৰ পোহৰ হৈছে | পূবে ঢলফাট দিছে | মই খোজ কাঢ়ি গৈ আছো | এখন মুকলি ঠাই | তাত ছাঁ পোহৰৰ খেলা | অলপ আঁতৰৰ পৰা দেখিলো বগা বগা কিবা চৰি ফুৰিছে | কি অপূৰ্ব দৃশ্য | ওচৰলৈ গৈ দেখিলো সেয়া বগলী | বগা বগা বগলীৰ জাক | এই সুন্দৰ পুৱাটো বগলীজাক দেখি মনটো ভৰি পৰিল | সিহঁত আনন্দমনেৰে পুৱাৰ আহাৰ খাই আছে | ক্ষন্তেক ৰৈ সিহঁতক চাই থাকিলো | এনে দুৰ্লভ দৃশ্য কেতিয়াবাহে প্রত্যক্ষ কৰা যায় | চাৰিওফালৰ পৰা মুকলি ঠাই সংকুচিত হৈ অহাৰ ফলত সিহঁতৰ বিচৰণ ভূমি নোহেৱা হৈ আহিবলৈ ধৰিছে | ফলত এনে বহু প্ৰাণী নোহোৱা হোৱাৰ উপক্ৰম হৈছে | শগুন প্ৰায় নোহোৱা হ'ল | বৰটোকোলা, হাড়গিলা কেতিয়াবাহে দেখা পোৱা হ'লো | আগতে কাউৰীৰ মাতত সাৰ পাইছিলো | আজি কালি সেয়াও প্ৰায় নোহোৱা হ'ল | গছৰ আগত ৰমলীয়াই থকা কাউৰীৰ জাক জানো ক'ত হেৰাই গ'ল | আমাৰ আগৰ দিনৰ খেৰৰ ঘৰবোৰ নেহোৱা হোৱা বাবে ঘৰচিৰিকা চৰাইবোৰ ক'লৈ জানো গ'ল | মই যে কিমান দিন দেখা নাই সিহঁতক আৰু তামোল ,নাৰিকল, তাল আদি গছবোৰত যে ওলমি ওলমি আছিল টোকোৰা চৰাইৰ বাহঁবোৰ হায় ৰে সেয়াও নোহোৱা হ'ল | কিহৰ বাবে , আমি এনেবোৰ প্ৰাণী হেৰুৱাবলৈ লৈছো | এই পৃথিৱীখন আমি কেৱল আমাৰ মানুহৰ বাবেহে বুলি ভাবিছো নেকি ? যদি ভাবিছো তেতিয়াহ'লে ভুলকৈ ভাবিছো | এই পৃথিৱীখন কেৱল আমাৰ বাবে নহয় , আমাৰ লগত আন আন জীৱবোৰৰো সন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে | সেই সুবিধা আমি সিহঁতক দিব লাগিব | অন্যথা আমি নহলেও আমাৰ ভৱিষ্যত প্ৰজন্মৰ লোক সকলে কাক লৈ উদযাপন কৰিব জীৱন ? সেই বগা বগা বগলীৰ জাকে আমাক বাৰু উপকাৰ নকৰেনে ? আমি বাৰু কিয় তেনে জীৱকুলৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিছোঁ ? কেতিয়া আমাৰ বোধোদয় হ'ব ? আদি কথাবোৰ চিন্তা কৰি থাকোতে হঠাতে বগলীৰ জাকটো উৰি গুচি গ'ল মোৰ মূৰৰ ওপৰেৰে তেনেতে মনত পৰিল এফাঁকি কবিতা .. বগা বগা বগলী উৰি উৰি যায় , বৰ বৰ বিৰিখে ঢুকিকে নাপায় | 
   সেইদিনা মোৰ আৰু প্ৰাতঃভ্ৰমণ কৰা নহ'ল |

   🖋️ হেমেন হাজৰিকা
            মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)