জোনাক নিশাৰ কথোপকথন - মীনা পামে গাম

©Admin
0
জীৱনৰ ৰংবােৰ 
গালে মুখে সনা আছিল ।

জীৱন-জোনাকত 
তৰা আৰু জোনৰ দৰেই আছিলোঁ ।

প্ৰতিটো দিনেই যেন
মধুময় আছিল ।

সুখবােৰ জোনাকত লিখি থৈ
তৰাৰ স'তে কথা পাতিছিলোঁ ।

আজিতো সেই দিন নাই
আকাশী ডাৱৰৰ মাজে মাজে
মাথোঁ ছটিয়াই থৈ গ'লা 
দুখভৰা কথাৰ পৃষ্ঠাবােৰ ।

জীৱনতো এটা প্ৰশ্ন 
হৈ ৰ'ল --
আহিবনে পুনৰ
সুখৰ পৃষ্ঠাবােৰ ?

দুখবােৰ যেন
আকাশৰ তৰা
অগণন অগণন ।

জীৱন-জোনাক
আৰু আহিবনে
অযুত প্ৰশ্নৰ মাজত মই !!!!

✍️মীনা পামে গাম 
চিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)