শৰতে অসমৰ বুকুলৈ নামি আহে স্ৰষ্টাৰ শ্যামলিমা ৰূপৰ মাধুৰ্য্য লৈ, পৱিত্ৰতাৰ হৃদয় জুৰুৱা মধুময় আৱেগৰ বাংময়তা লৈ। শৰতে প্ৰকৃতিলৈ আনে সৌন্দৰ্য্যৰ অপাৰ সম্ভাৰৰ মোহনীয়তা। ঋতুৰ ৰাণী শৰতৰ আগমনৰ লগে-লগে চাৰিওদিশে পৰিলক্ষিত হয় এক সুকীয়া পৰিৱেশ। আমাৰ ভাদ মাহ শেষ হোৱা লগে লগে মিঠা শৰতে নতুন ওৰণি লৈ ভূমুকি মাৰে।ভাদ যায়, লগতে যায় বেদনাক্লিষ্ট বাৰিষাৰ বিপৰ্যয় আৰু আতংক। পৃথিৱীয়ে আকোঁৱালি লয় শৰতৰ স্বপ্নময়, ৰূপময়,প্ৰাণ-প্ৰাচুৰ্য্যময় প্ৰকৃতিৰ নৱ ৰূপ।
শৰৎ আহে, কঁহুৱা ফুলে। কঁহুৱা ফুলৰ নতুন সাজ পৰিধান কৰি শৰৎ আহে। লুইতৰ পাৰত শাৰীয়ে শাৰীয়ে কঁহুৱা ফুলে। ৰিব্ ৰিব্ মৃদু মন্দ মলয়াৰ বা-ছাটিৰ লহৰে লহৰে কঁহুৱাই নাচে। আকাশৰ নিৰ্মলতাক কঁহুৱাই অত্যাধিক সৌন্দৰ্য্যময় কৰি তোলে।
শৰৎ সৌন্দৰ্য্যৰ প্ৰতীক। শৰতৰ ৰূপ আৰু বিচিত্ৰতাত যুগে যুগে সন্মোহিত হৈ আহিছে মানৱীয় জীৱন। ফৰকাল আকাশত তুলাৰ দৰে শুকুলা ডাৱৰৰ সমদল, স্নিগ্ধ চন্দ্ৰমাৰ ৰূপাৱলী জ্যোতি, হিয়া শাত পৰা মন্দ মলয় পৱনৰ ধীৰ গতিৰ, চকুৰে ঢুকি নোপোৱা দিগন্ত বিয়পোৱা সদ্য যৌৱনাপ্ৰাপ্ত সেউজীয়া ধাননিৰ মাজত শৰতৰ অপৰূপ শোভা। শৰতত মাধৈমালতী, তগৰ, শেৱালী,আৰবী, পাৰিজাত আদি ফুল ফুলে। ৰাতিটোতে আয়ুষ্মান হয় শেৱালি। শৰতৰ সৈতে যেন শেৱালিৰ আজন্ম সম্পৰ্ক। শেৱালিৰ সুবাসে শৰতৰ মাদকতা দুগুণে বঢ়ায়। জোনাকৰ জেউতিত নিশা শেৱালিয়ে হাঁহিৰে উপচাই পেলায়।
শৰতৰ আগমনে সজীৱ কৰি তোলে দুবৰিবনৰ ললিতা। পুৱাৰ ৰঙা সূৰুযে দুবৰিবনৰ ওপৰত থকা নিয়ৰৰ টোপালক মুকুতাৰে যেন খোপা সজায়। নিয়ৰেও যেন শৰতক আদৰণি জনায়।
শৰৎ এটা শব্দ বা ঋতু নহয়, শৰৎ আনন্দৰ এখন ভৰপূৰ নৈ, সৌন্দৰ্য্যৰ এক মনোৰম মেলা, আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ প্ৰতীক।
🖋️শুভাংশী নেওগ
চাৰিং, শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ