ছৈখোৱা ঘাটৰ বেলি-০২ (ধাৰাবাহিক উপন্যাস)

Rinku Rajowar
0
"মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো 
ৰসময়ী মাগোহো ভকতি...................  "

পাকঘৰৰ পৰা ভকতীয়া প্ৰাৰ্থনা ফাকিৰ সুৰ ভাঁহি আহিল | ৰূপহীৰ মাকে গাইছে | প্ৰাৰ্থনাৰ সুৰৰ কল্লোলিনী আৰু ধূপৰ গোন্ধই পৰিৱেশটো আধ্যাত্মিক কৰি তুলিছে | ৰূপহীৰ মাক টেট শিক্ষয়ত্ৰী | হাঁহখাটিৰ এল. পি.  স্কুলত সহ:শিক্ষয়ত্ৰী ৰূপে কাম কৰা বছৰেক হ'ল | তেখেতে নিতৌ দুই-তিনিখন গাঁও পাৰ হৈ হাঁহখাটি সংৰক্ষিত অৰণ্যৰ সেউজীয়াবোৰ বুকুত সানি স্কুটাৰেৰে স্কুল পায়গৈ | ৰূপহীৰ মাক সেউজী সেউজপ্ৰিয় নাৰী |  নামটোৰ স'তে তেখেতৰ হেঁপাহবোৰৰো যথেষ্ট মিল আছে | স্কুলৰ ল'-ছালীবোৰৰ মাজতো সেউজী বাইদেউ বেছ জনপ্ৰিয় | পাঠ্যপুথিৰ জ্ঞানবোৰৰ উপৰিও তেখেতে ল'-ছালীবোৰৰ মাজত সেউজ সংৰক্ষণ চেতনা জাগ্ৰত হ'বলৈ কিছুমান কথা কয়, কেতিয়াবা সৰু-সৰু তথ্যচিত্ৰ কিছুমান দেখুৱাই অনুপ্ৰাণিত কৰিবলৈ যত্ন কৰে | ৰূপহী ৰূপাইৰ স্কুলত পঢ়ে | জাতীয় বিদ্যালয়ত | ৰূপহীৰো সেউজ চেতনা, বন্যপ্ৰাণীৰ প্ৰতি এক অন্তহীন ভালপোৱা আছে | তাই ভ্ৰমণপিপাসুও | অৱসাৰপ্ৰাপ্ত দ'তাকৰ সৈতে স্কুল বন্ধ থকা দিনবোৰত ফূৰিবলৈ যায় | এদিন দ'তাকৰ সৈতে ওচৰতে থকা  ভাৰতৰ ভাৰতৰ দীৰ্ঘতম নদী দলং  ড০ ভূপেন হাজৰিকা সেতু চাবলৈ ওলাল | দলংত ভৰি দিয়েই দ'তাৰ মুখৰ পৰা ওলাই গ'ল এছোৱা অনুভৱ............

    আশাৰ সেঁতু                     ন-মাইল বাট 
              উজাই আহিবা পাবাগৈ হাট |

ৰূপহীয়ে বৰ ৰঙ পালে | দ'তাকে গাড়ীৰ ভিতৰৰ পৰাই খিৰিকীৰে দূৰলৈ আঙুলি টোৱাই কৈ গ'ল দলং নথকা দিনৰ কথা | মানুহবোৰৰ আলৈ-আথানিৰ কথা .....

  -বুইছ আইজনী, আগতে এই ঠাইবোৰ বিস্তীৰ্ণ উলু খেৰেৰে ভৰি আছিল | এইবোৰ ঠাইৰে আমি ক'তবাৰ শদিয়ালৈ গৈছোঁ ,হিচাপ নাই |বৰ কষ্টকৰ যাত্ৰা | বাৰিষাকালিৰ কথা নকলোৱেইবা | বান্দৰখালত ফেৰী লাগে | কিবা কামত চপাখোৱাৰ কাছাৰীলৈ যাবলৈ হ'লে ফেৰীৰে যাব লাগে | গৈ গৈ পাৰ পোৱা নাযায় | আমনিদায়ক যাত্ৰাত যেনিবা চানাৱালাৰ চানা-বাদামে কিছু সকাহ দিছিল  | লুইতৰ ঢৌবোৰো কেজিয়াবা আমাৰ যাত্ৰাৰ সংগী হৈছিল | এতিয়া অৱশ্যে সেই দিন নাই | ফেৰীঘাট নোহোৱা হ'ল, মাঝি নাওবোৰো অচল হ'ল | সৰু-বৰ বণিকবোৰৰো জীৱিকা সলনি হ'ল | কিবা এটা পাবলৈ কিবা এটা হেৰুৱাব লগীয়া হয় | হ'লেও অতীত সোণসেৰীয়া | বাক্য এটা আছে নহয় - "অতীতক নাযাবা পাহৰি" |
    দ'তাকৰ মুখৰ পৰা অতীতৰ কথাবোৰ শুনি শুনি ৯. ১৫ কি. মি. দৈৰ্ঘ্যৰ সুদীৰ্ঘ দলংখন কেনেকৈ পাৰ হ'ল গমকেই নাপালে | 

-দ'তা, অ' দ'তা আমি দলং পাৰ হ'লো...... 

ৰূপহীয়ে মাত দিলত দ'তাকৰ সম্বিত ঘূৰি আহিল | 

-আগৰ দিনবোৰৰ কথা মনত পৰিলে মনটো ভাল লাগে আইজনী | সেই সময় আৰু এই সময়ৰ মাজত বহুত তফাত বৰ্তমান | মোৰ সৰুটি ভাই শান্তনুকুলনন্দনৰ বুকুতে বিলীন হৈ গুচি গ'ল | তোৰ আবৈয়ে সেয়ে নৈপাৰলৈ যোৱা নাছিল | পুত্ৰশোকত তাই ম্ৰিয়মাণ হৈ পৰিছিল | তোৰ আবৈ আজি নাই | আবৈ থকাহ'লে আৰু কিছু কথা জানিব পাৰিলেহেঁতেন আইজনী | তোৰ আই বৰপথাৰ গাঁৱৰ আছিল | বিষ্ণুৰাভাক লগ পাইছে গাভৰু বয়সত | আবৈয়ে খুব ধুনীয়াকৈ লেছেৰী গাইছিল - "হালালি ঐ, হেমালি ঐ........ " আবৈৰ কন্ঠৰ লেছেৰীৰ সুৰবোৰ আজিও মোৰ কৰ্ণকুহৰত বাজি থাকে আইজনী |

দ'তাকে মন কৰিছে, ৰূপহীৰ চকুজুৰি ক্ৰমশ : চলচলীয়া হৈ পৰিছে | ড্ৰাইভৰ দাইটিয়ে ইংগিত দিলে - আৰু অলপ গ'লে গাড়ী গৈ ইছলামপুৰ পাব ...............
দ'তাকে ড্ৰাইভাৰক কোনোবা চাহৰ দোকানত গাড়ী ৰখাবলৈ ক'লে | দ'তাকে ৰূপহীৰ মূৰত হাত বুলাই ক'লে - দুখ নকৰিবি আইজনী | আবৈয়ে তোক সেই তৰাৰ দেশখনৰ পৰা চাই আছে | দ'তাকে পঞ্জাবী চোলাৰ জেপৰ পৰা ৰুমালখন ওলিয়াই ৰূপহীৰ চকুযুৰি মোহাৰি দিলে | এনেতে গাড়ীখন গৈ মেডিকেল চাৰিআলিৰ চাহৰ দোকানখনৰ আগতৈ ৰ'লগৈ | 

-ব'ল আইজনী, মিঠাই খাওগৈ |

ৰূপহী, দ'তা আৰু ড্ৰাইভৰে একাপকৈ গাখীৰ চাহ আৰু  একোটাকৈ সন্দেশ মিঠাই খালে | চাহকাপ খাই তেওঁলোক ঘৰমূৱা হ'ল | ওভতনি যাত্ৰাত বেছিকৈ আনন্দিত হ'ল ৰূপহী | অস্তমিত সূৰুযৰ হেঙুলী আভাই শান্তনুকুলনন্দনৰ পানীক চুম্বন জনাইছে | গৰখীয়াবোৰে গৰুবোৰ লৈ ঘৰলৈ ওভতিছে |
দুয়োকাষৰ নৈসৰ্গিকতাই বাৰুকৈয়ে মুহিছে ৰূপহীক |  বোকাপথাৰত  ঘাইপথৰ একাষে চেঙমৰা, নেমু ,ঢেঁকীয়া লৈ গ্ৰাহকৰ অপেক্ষাত বহি আছে দুগৰাকী চাহ জনগোষ্ঠীয় মহিলা | 
লুইতৰ ৰূপ -বৰ্ণ, ঘাইপথৰ দুয়োকাষৰ নৈসৰ্গিকতাক বুকুত সানি ঘৰমুৱা ৰূপহীৰ মুখৰ পৰা স্বয়ংক্ৰিয়ভাৱে ওলাই গ'ল - 
   
    "  মা আমি শদিয়ালৈ যামেই 
       মা আমি শতফুল খামেই..... "

বিখ্যাত গানটোৰ একলি গাই ৰৈ গ'ল ৰূপহী | দ'তা সত্ফুল কি?  মোক নকলে কিন্তু আপুনি, মই বেয়া পাইছোঁ | কণমানি ৰূপহীয়ে ওফোন্দ পাতি দ'তাকক কৈছে |
-দ'তা এদিন মোক সকলোবোৰ কথা ক'ব | সত্ফুল ,লেচেৰী বিহু...... | আবৈয়ে গোৱা লেচেৰীবোৰো মোক গাই শুনাব লাগিব দেই! 

-বাৰু আইজনী, এদিন তোক সকলোবোৰ কথা ক'ম | তই হ'লে মনত পেলাই দিবি দেই !
(আগলৈ)

🖋️সুমিত দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)