আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা ০৫ ~প্ৰবন্ধ - হেমেন হাজৰিকা

  বিভিন্ন যুগৰ সাহিত্যিকসকলৰ ৰচনাত যেনেকৈ জাতীয় বৈশিষ্ট্য পৰিলক্ষিত হয় , তেনেকৈয়ে যুগৰ পিৰভাবো দৃষ্টিগোচৰ হয় | একোটা জাতিৰ জীৱন কেতিয়াবা যেনেকৈ ফুল-তৰা-গান'ৰ সমাবেশত আনন্দমুখৰ হৈ উঠে , কেতিয়াবা আকৌ তেনেকৈয়ে আশাৰ বৰলুইত শুকাই হতাশা নিৰাশাত নিশকতীয়া হৈ পৰে | ঠিক তেনেকৈ কোনটো যুগ , কোনো কোনো সাহিত্যিকৰ মতে --- হয়টো দৃঢ় বিশ্বাস আৰু ৰূঢ় আদৰ্শেৰে সমৃদ্ধ হয় কোনোটো যুগ আকৌ সন্দেহ , সংঘৰ্ষ , হতাশ-অবিশ্বাসেৰে ভৰি পৰে | জাতি একোটাৰ সেই ভিন্ ভিন্ যুগৰ ভিন্ ভিন্ মানসিক অৱস্থা কম বেছি পৰিমাণে সাহিত্যৰ মাজেদি প্ৰকাশ পাই উঠে |
    এটা জাতিৰ সভ্যতা , সংস্কৃতি , ৰীতি-নীতি , আচাৰ-ব্যৱহাৰ সকলো জনাৰ লগতে এটা জাতিৰ লগত আনটো জাতিৰ ঐক্য , সম্প্ৰীতি আৰু সদ্ভাৱ গঢ়ি তোলাৰ মাধ্যমো হৈছে জাতীয় সাহিত্য | ইয়াৰ উপৰি জাতীয় জীৱনত আহি পৰা আত্মক্ষয়ী হিংসা , বিদ্বেষ আৰু শত্ৰুতাৰ প্ৰকৃত কাৰণ উদঘাটন , বিশ্লেষণ , নিঃস্বাৰ্থ আৰু নিৰ্মোহভাৱে সাম্প্ৰতিক সাহিত্যত হ'ব লাগে উগ্ৰ জাতীয়তাবাদৰ নিয়ন্ত্ৰণহীন , অন্ধ আৱেগিকতাত জন্ম পোৱা উগ্ৰবাদ আৰু তাৰ পৰিপ্ৰেক্ষিতত গা কৰি উঠা , হত্যা, হিংসা , আৰু লুণ্ঠনৰ প্ৰকৃত স্বৰূপো সাহিত্যত চিত্ৰিত হ'ব লাগে যাতে সমাজে পৰৱৰ্তী সময়ত তাৰ পৰা সঠিক শিক্ষা লাভ কৰি আত্মশুদ্ধি ব্যৱস্থা কৰিব পাৰে সেয়ে মনস্তাত্ত্বিক জ্ঞানেৰে , সহীনুভূতিশীল অন্তৰেৰে , সাময়িক আৱেগ , অনুভূতি , আনুগত্য আৰু বিদ্বেষ আদি মষিমূৰ কৰি নিৰ্ভীকভাৱে সত্যক প্ৰতিষ্ঠা কৰাত সাহিত্যিকসকল আগ্ৰহী তথা আগৰণুৱা হ'ব লাগিব |
   এটা জাতিৰ জাতীয় অস্তিত্ব ৰক্ষা আৰু তাৰ শ্ৰীবৃদ্ধিত সাহিত্যই তেতিয়াহে বৰঙণি আগবঢ়াব পাৰিব , যেতিয়া জাতীয় সত্বাক সাহিত্যিকসকলে সূক্ষ্ম অন্তৰ্দৃষ্টি আৰু পৰ্যৱেক্ষণ শক্তিৰদ্বাৰা চালি-জাৰি চাই তাৰ প্ৰকৃত ৰূপটো সাহিত্যত প্ৰতিফলিত কৰিবলৈ সক্ষম হ'ব | জাতীয় সত্তাৰ মহৎ আৰু সুন্দৰ ৰূপটো , যিটো সাধাৰণতে অতি সহজে সকলোৰে দৃষ্টিত নপৰে , সেই ৰূপটে তেওঁলোকৰ সৃজনীৰ মাজেদি সৰ্বসাধাৰণৰ দৃষ্টিগোচৰ কৰি তুলিব লাগিব | অন্যথা সত্তাৰ মহত্ব উপলব্ধি কৰিব নজনাৰ ফলত জাতীয় অস্তিত্ব ক্ৰমাৎ সৰ্বনাশী মহাকালৰ গ্ৰাসত যাহ যোৱাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ পৰিব |

 আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send