হঠাৎ~চুটিগল্প-বৰ্ণালী পাটগিৰি গোহাঁই

©Admin
0
           কাবেৰীৰ ককায়েকৰ ল'ৰাই এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সৰ্ব্বোচ নম্বৰ লাভ কৰি চহৰখনলৈ সুনাম কঢ়িয়াই আনিছে। কাবেৰী, মাক আৰু সৰু ককায়েক গাঁৱৰ ঘৰত থাকে । আজি দুবছৰ আগত সৰু ককায়েকৰ লগত কিবা সম্পত্তি
লগত অৰি‌য়াঅৰি লাগি গাঁৱৰ ঘৰলৈ একেবাৰে নহা হয় । কেতিয়াবা কাবেৰীয়ে ককায়েকৰ ঘৰলৈ যায় । কিন্তু যায় যদিও ককায়েক বৌয়েকে বৰ ভাল নাপায় । তাইক কয়, তহঁতিও মাক-জীয়েক সৰু ককায়েৰৰ ফলিয়াই । কাবেৰীৰ এইবোৰ কথা
শুনি অলপো ভাল নালাগে । কিন্তু একমাত্ৰ ভতিজাটোৰ কাৰণেই যায় ।সিনো এইবোৰ কি বুজি পায়। পেহীয়েক আহিছে বুলি সি কিমান যে
আনন্দ কৰে । পেহী আইতাই মোলৈ কি পিঠা বনাই
দিছে আৰু আমৰ ,বগৰী আচাৰ আনিছা নে ??? উফ্ তাৰ মৰমলগা মুখখন আৰু কথাবোৰ কি যে
ভাল লাগে ! কাবেৰীয়ে মাকক গৈ তাৰ মৰমলগা
সকলো কথাই কয় ৷ মাকেও শুনি বৰ ৰং পায় আৰু দুখ কৰে তেওঁ যদি নিজে এবাৰ যাব পৰা হ'লে ! তাক চুই চাবলৈ মন যায় । কিন্তু কি কৰিব,
পুতেক বোৱাৰীকৰ ওচৰত নিজকে সৰু দেখুৱাব
নোৱাৰি । ছোৱালীজনীকে ইমান কথা শুনায় আৰু
মাকক কি নকৰিব । তেওঁ চকুৰে দুধাৰি লোতক বৈ
আহে । সেয়ে আজি নাতিয়েকৰ ভাল খবৰটো টিভি বাতৰিত শুনি কাবেৰীকে যাবলৈ কয় । কাবেৰীয়েও খৰখেদাকৈ চহৰলৈ যাবলৈ ওলাইছে ।
 মাকে ঘৰৰ কুকুৰা কণী আৰু এটা কুকুৰা লগত
অলপ বনাই থোৱা পিঠাগুৰি ,বৰা চাউলৰ পিঠা
বান্ধি বেগটোত ভৰাই দিছে । বেগটো নিবলৈ একো
কষ্ট নহয় কাৰণ বাছৰ পৰা নামিয়েই বেটাৰি ৰিস্কা পাই যাব আৰু ককায়েকৰ ঘৰৰ সন্মুখতে নমাই দিব। কাবেৰীহঁতৰ ঘৰৰপৰাহে বাছত উঠিবলৈ অলপ দূৰ বাট যাব লাগে। তাইক সৰু ককায়েকে 
চিঞৰিয়ে আছে সোনকালে কৰ মোৰ কাম আছে
তোক বাছত উঠাই থৈ আহো । তাই মাকক মাত 
লগাই ওলাই যায় ককায়েকৰ লগত ।সিহঁত গৈ পাইছিলহে বাছ এখন আহি পালেহি । ককায়েকে
বেগটো বাছত তুলি দি কাবেৰীকো ভাল চিট এটাত
বহিবলৈ ক'লে ।কাবেৰীয়ে সন্মুখৰ খিৰিকী কাষৰে চিট এটা খালী পাই তাতে বহে ।বাচখন চলিবলৈ ধৰে । অলপ দূৰ যোৱা পাছতে হঠাৎ বাছখন ৰৈ যায় কিবা ডাঙৰ শব্দ এটা কৰিলে । কাবেৰী লগতে বাছত উঠি অহা কোনো মানুহে 
বুজিব নোৱাৰিলে । বাছখন গৈ দ' খাৱৈ এটাত সোমাই যায় । তাৰ পিছত কাবেৰীহঁতে একো গমকে নাপালে মৃত্যুৰ কোলাত শুই পৰিল ৷ চিৰ
বিদায় ললে এই পৃথিৱীৰ পৰা । পুলিচে কাবেৰীৰ
নিথৰ দেহটো ঘৰলৈ লৈ আহে ।মাক,সৰু ককায়েকে কান্দোনত ক’ব নোৱাৰা হৈ পৰে ।
হঠাৎ হোৱা ঘটনাটোৱে গাঁৱখনত শোকৰ ছাঁ পৰে ।
টিভি বাতৰি-কাকতে দুৰ্ঘটনাটো প্ৰচাৰ কৰিলে
কিন্তু চহৰৰ ককায়েকে খবৰ এটাও নল'লে ।
হঠাৎ হোৱা ঘটনাটোৱে মাক আৰু সৰু ককায়েকে
আজিও কান্দুৱাই আছে ।

✍️বৰ্ণালী পাটগিৰি গোহাঁই
মোহনবাৰী, ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)