বিষাদগ্ৰস্ত প্ৰেম-ছাইফুদ্দিন আহমেদ

©Admin
2
তুমি !
তুমি কোননো ?
মোৰ হৃদয়ৰ ৰম্যভূমিত
ৰাজত্ব কৰিবলৈ আহিছা ক’ৰ পৰা !

তোমাৰ আগতে শত
সহস্ৰাধিক
আহিল আৰু গ’ল ৷

কিন্তু কোনেোৱেই
প্ৰভুত্ব খটোৱাব পৰা নাই
মোৰ সপোনৰ নীলিম আকাশখনিত 

এয়া প্ৰথম
ভয় লাগিছে
কাৰোবাৰ প্ৰেমত পৰি !

যেন মই ভিতৰি ভিতৰি 
দুৰ্বল হৈ পৰিছোঁ ৷

চাৰিওপিনে
যেন মোৰ অন্ধকাৰ !
 বুকুখন দুৰুদুৰুকৈ কঁপি উঠিছে ৷

অবিস্মৰণীয়
পুৰ্ণিমাৰ সেই ৰাতিৰ
তোমাৰ বিপুল সমাদৰ কথা স্মৰণ কৰি ৷

তুমি আৰু মই একে
চোলাৰ ভিতৰত !
উঃফ কি ৰসাল সুমধুৰ ঘ্ৰাণ
তোমাৰ দেহাৰ !

যেন আমাৰ দুয়োৰে
হৃদপিণ্ড ঘড়ীটোৰ
চেকেণ্ডৰ কাটাটোতকৈ দ্বিগুণ গতিত
উঃফ কি যে মধুৰ এটি ক্ষণ !

তোমাৰ মোৰ তিৰবিৰাই থকা
যৌৱনৰ সোঁতত যেন আজি
পৃথিৱীত নতুন প্ৰাণৰ কুঁহিপাত ৷

সেয়ে আজি 
আজি মই বিষাদগ্ৰস্ত !
বিষাদগ্ৰস্ত প্ৰেমিক ৷

তোমাৰ শিৰত সেন্দূৰ লগাই
সকলো দা দায়িত্ব লোৱা
বিষাদগ্ৰস্ত প্ৰেমিক তোমাৰ ৷

লৈছোঁ শপত সংসাৰ সমুদ্ৰৰ পাৰত ৷
আমি দুয়োজনে !
জীৱনে মৰণে দিঠকে সপোনে
আজন্ম প্ৰেমিক হৈ থকাৰ কাৰণে ৷

✍️ছাইফুদ্দিন আহমেদ
আইনৰ ছাত্ৰ 
আলোচনী সম্পাদক, মংগলদৈ আইন মহাবিদ্যালয় ও সদৌ অসম আইন ছাত্ৰ সংন্থা দৰং জিলা সমিতি

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏🙏🙏 মোৰ ক্ষুদ্ৰ প্ৰয়াসক চিক্ৰীতি দিয়া বাবে

    ReplyDelete
  2. অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ 🙏🙏🙏 মোৰ ক্ষুদ্ৰ প্ৰয়াসক চিক্ৰীতি দিয়া বাবে

    ReplyDelete
Post a Comment