ফাগুণৰ এছাটি পছোৱাই
কঁপাই তুলিলে মোৰ মন বিৰিণা,
অনুভূতিবিহীন হৃদয়লৈ বোৱাই আনিলে
সম্প্ৰীতিৰ নিজৰা।।।
আঁতৰাই নিলে কলুষতা
আঁতৰাই নিলে দস্যু-দানৱৰ
মনে গথাঁ গোপন স্মৃতিবোৰ,
ফাগুণী ধৰাত বিৰিখে উপহাৰ দিছিল
শুকাই যোৱা এমুঠি পত্ৰ ।।
নিৰিবিলি বতাহজাঁকে কেৱল
মোক কাণে কাণে কৈছিল,,
উদ্বিগ্ন নহ'বা
প্ৰকৃতিৰ পৰিৱৰ্তনক
হৃদয়ত আলফুলে সাৱটি লৈ
তুমিও উন্মনা হোৱা।।।
আজি ফাগুন যোৱা প্ৰায় দুমাহেই হ'ল
বুকুৰ পকনীয়াত আজিও যেন পাক খাইছে
ফাগুনে নমোৱা সেই পছোৱাছাটি ।।।
✍️অলকেশ কাকতি
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ