অসমৰ চাহ জনগোষ্ঠী~প্ৰবন্ধ- পঙ্কজ ৰবিদাস

©Admin
0
         ইয়াণ্ডাবু সন্ধিৰ পিছতেই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বৃটিছ কোম্পানীৰ দালালৰ ফুচলনিত অসমত চাহ গছৰ গুৰি খুচৰি সোণ বোতলাৰ এক ৰঙীন সপোন দেখোৱাই অনা হৈছিল এচাম মেহনতি মাটিৰ মানুহ। এই পৰিশ্ৰমী সহজ সৰল লোক সকলে বৃটিছ বণিকৰ চলনা বুজিব নোৱাৰি এক সুখৰ সন্ধানত আনন্দিত হৈ এইদৰে গাইছিল _"চল মিনি আসাম যাব, দেশে বৰ্ দূখৰে! .........." চাহ বাগিচাত কাম কৰিবলৈ স্হানীয় লোকৰ অনীহাৰ হেতু ব্যৱসায়িক মনোবৃত্তিৰে চাহ শিল্প স্হাপনৰ বাবে বগা বঙালে নানা চল চাতুৰিৰে এই লোকসকলক আনিব লগীয়া হৈছিল। উনবিংশ শতিকাৰ তৃতীয় দশকৰ পৰাই ইংৰাজ সকলে অসমক চাহ খেতিৰ বাবে উপযুক্ত বুলি জানি তেওঁলোকৰ লাভজনক চাহ উদ্যোগৰ স্বপ্নক সাৰ্থক কৰিবলৈ আড়কাঁঠিয়া আৰু গিৰমিটীয়া বনুৱা চালানৰ যোগেদি কেইবালাখ লোকক আমদানি কৰিছিল। অনেক নিৰ্যাতন ভূগি জাহাজেৰে অসমলৈ আহি কুলিদীপোত থাকি পিছলৈ সেউজ খনিকৰৰূপী এই লোকসকলে তেওঁ লোকৰ ঘামেৰে অসমৰ মাটিত সেউজ সোণৰ চাহ বাগিছা গঢ়ি তুলিছিল। আজি সেই বৃটিছ বণিয়া নাই যদিও সেই বৃটিছৰ দিনৰ বাগিছা সমূহৰ সৈতে হাড়ক মাটি কৰি, তেজক পানী কৰি জংঘল কাটি চাহ বাগিছা গঢ় দিয়া এই লোকসকলৰ নাতি- পৰিনাতি সমূহ আজিও আছে। এইসকল লোকৰ ঘামৰ বিনিময়ত চাহ শিল্পই আজিও দেশলৈ প্ৰচুৰ পৰিমাণে বৈদেশিক মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হৈছে। চাহ শিল্পৰ বাবেই অসমৰ নাম বিশ্বৰ দৰবাৰত গৌৰৱৰে উচ্চাৰিত হয়। চাহ উদ্যোগৰ যোগেদি চাহ কোম্পানী আৰু চাহ মালিক সকলে আৰ্থিক দিশত দ্ৰুত উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে যদিও পুৰুষ পুৰুষ ধৰি এই মেহনতি জনতাৰ আজিকোপতি চকুত লগাকৈ বিশেষ একো উন্নতি নহ'ল। সেয়ে হয়তো অসমৰ সঙ্গীতসূৰ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাই নিজৰ গীতৰ মাজেৰে এইদৰেই বৰ্ণনা কৰিছিল আমাৰ চাহ জনগোষ্ঠীটোৰ জীয়া বাস্তৱ। "ঢাক্ ঢাক্.....ঢাকেই বজালি। লাখ্ লাখ্ তহঁত থাকিও একো নাপালি। খাটি খোৱা তহঁতবোৰক দোস্ত কৰি লৈ, কুবুদ্ধিৰে দৈত্য বোৰে তেজ শুহি লয়। যুগে যুগে ঠগ্ খায়ো নুবুজা হ'লি। লাখ্ লাখ্ তহঁত থাকিও একো নাপালি।" এই মেহনতি লোকসকলৰ যিসকল এতিয়াও চাহ বাগিচাত শ্ৰমিক ৰূপে পুৰুষাণুক্ৰমে চাকৰি কৰি আছে, সেইসকলক ইংৰাজী ভাষাত টি গাৰ্ডেন লেবাৰ কমিউনিটি (Tea Garden Labour Community) আৰু সংক্ষিপ্ত ৰূপত টি জি এল (TGL) বুলি জনা যায়। অসমীয়াত চাহ মজদূৰ বা চাহ শ্ৰমিক বা চাহ বাগিচাৰ বনুৱা আদি নামেৰেও জনা যায়। আনহাতে কিবা কাৰণত বাগিচাৰ কাম ত্যাগ কৰি অথবা বাগিচাৰ কাম পচন্দ নকৰি নাইবা বাগিচাত জনসংখ্যা বৃদ্ধিৰ বাবে কাম নাপাই বা যোগ্যতা অনুসাৰে বিকল্প উপাৰ্জনৰ পথ বিচাৰি গাঁৱে-ভূঞে অৰ্থাৎ বস্তিত খেতি-খোলা কৰি বা হালোৱা-হজুৱা কৰি জীৱন নিৰ্বাহ কৰা আৰু বাগিচাৰ পৰা আহি চহৰে-নগৰে আন কিবা কাম কৰি জীৱন অতিবাহিত কৰাসকলক প্ৰাক্তন চাহ মজদূৰ বা এক্স টিজিএল (Ex TGL) বুলি কোৱা হয়। আজিকালি অৱশ্যে এই জনগোষ্ঠীটোক চাহ মজদূৰৰ সলনি চাহ জনজাতি বা চাহ জনগোষ্ঠী আৰু প্ৰাক্তন চাহ মজদূৰৰ সলনি প্ৰাক্তন চাহ জনজাতি বা প্ৰাক্তন চাহ জনগোষ্ঠী বুলি জনা যায়। ৰাজ্য চৰকাৰে এই জনগোষ্ঠীৰ উন্নয়নৰ বাবে চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ সঞ্চালকালয় নামেৰে এটা বিভাগ খুলি থৈছে। জনগোষ্ঠীটোৰ প্ৰভাৱশালী ছাত্ৰ সংগঠনটোৰ নামো পূৰ্বৰ চোটনাগপুৰি ছাত্ৰ সংগঠন, চাহ মজদূৰ ছাত্ৰ সংগঠন আদিৰ পৰা পৰিবৰ্তন হৈ অৱশেষত চাহ জনজাতি ছাত্ৰ সন্থা ৰখা হয়। আসাম টি ট্ৰাইব ষ্টুডেন্ট এচ'চিয়েচন (Assam Tea Tribe Student Association) ৰ সংক্ষিপ্ত ৰূপ আটছা (ATTSA) নামেৰেই সংগঠনটো আজি অসমৰ মানুহৰ মাজত পৰিচিত। ৰাজনৈতিক দল সমূহেও এই জনগোষ্ঠীৰ ভোটৰ অংক কৰি চাহ ও প্ৰাক্তন চাহ জনজাতি কোষ নামেৰে এটা সুকীয়া গোট বা বিভাগ খুলি লৈছে।যাক চমুকৈ চাহ কোষ বা টি চেল (Tea Cell) বুলি জনা যায়। এই জনগোষ্ঠীৰ উন্নয়নৰ বাবেই অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ নামেৰে এটা সুকীয়া স্বতন্ত্ৰ বিভাগো আছে। যাক ইংৰাজীত আসাম টি ইম্প্লইজ ৱেলফাৰ ব'ৰ্ড (Assam Tea Employees Welfare Board) বুলি জনা যায়। এই বিভাগটোৰ শীৰ্ষ পদৱী কল্যাণ আয়ুক্ত বা ৱেলফাৰ কমিছনাৰ ((Welfare Commissioner) আৰু চাহ জনজাতি সঞ্চালকালয়ৰ পৰিচালন সঞ্চালক বা মেনেজিং ডাইৰেক্টৰ (Managing Director) আছে। জানিবলৈ পোৱা মতে এবাৰ প্ৰয়াত হিতেশ্বৰ শইকীয়া মূখ্যমন্ত্ৰী হৈ থকা সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী অসম আগমনৰ সুযোগ গ্ৰহণ কৰি প্ৰাক্তন আটছাৰ কেইজনমান সচেতন ব্যক্তিয়ে চাহ জনগোষ্ঠীৰ সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ততাতৈয়াকৈ মূলতঃ স্মাৰকপত্ৰখন দিয়াৰ উদ্দেশ্য অসম চাহ ও প্ৰাক্তন চাহ জনজাতি যুৱ পৰিষদ নামেৰে এটা সংগঠনৰ জন্ম দিছিল আৰু সেই দাবীৰ ফলস্বৰূপেই চাহ ও প্ৰাক্তন চাহ জনজাতি উন্নয়ন সঞ্চালকালয় পৰৱৰ্তী সময়ত গঠন হয়। চাহ জনজাতি নামেৰে জয়ন্ত কুৰ্মী নামৰ ব্যক্তিৰ প্ৰচেষ্টাত পোনপ্ৰথমে অসম চাহ জনজাতি সাহিত্য সভা নামেৰে এটা সংগঠনৰ জন্ম হোৱা বুলি বাতৰি কাকতত প্ৰকাশ পাইছিল যদিও পিছলৈ প্ৰয়াত সাহিত্যিক গনেশ কুৰ্মীদেৱৰ নেতৃত্বত সৱল ৰূপত অসম চাহ জনগোষ্ঠী সাহিত্য সভা নামেৰে সংগঠনৰ জন্ম হয়। প্ৰসংগক্ৰমে উল্লেখ কৰো যে চাহ জনগোষ্ঠীৰ বেছি ভাগ উপজাতিয়েই আন ৰাজ্যবিলাকত জনজাতিৰ স্বীকৃতি লাভ কৰিছে যদিও অসমত আজি কেৱল ৰাজনৈতিক ইছু (দাবী) হৈয়েই আছে, কাৰ্যক্ষেত্ৰত জনজাতিকৰণ হোৱা নাই। আমোদজনক কথাটো হ'ল যে অসমত জনজাতিৰ মৰ্য্যদা নাপালেও চৰকাৰীভাৱেই এই জনগোষ্ঠীক জনজাতি নাম দি চাহ জনজাতি সঞ্চালকালয় গঠন হৈছে। বেচ কিছুদিন আগেয়ে দৈনিক জনমভূমি কাকতত সাডড়ী ভাষা-সাহিত্য বিকাশ সমিতি নামৰ এক সংগঠনৰ মুকলি চিঠিত প্ৰাক্তন চাহ জনজাতি বা প্ৰাক্তন চাহ জনগোষ্ঠী নামটো ভুল বুলি যুক্তি দাঙি ধৰা হৈছিল। যুক্তি আছিল এটা জনগোষ্ঠী প্ৰাক্তন হ'বই নোৱাৰে। অকল চাহ জনজাতি বা চাহ জনগোষ্ঠী বুলি ক'লেই চাহ মজদূৰ আৰু প্ৰাক্তন চাহ মজদূৰ উভয়কে বুজাব। সমিতিৰ মত প্ৰাক্তন চাহ মজদূৰ হ'ব পাৰে, কিন্তু প্ৰাক্তন চাহ জনজাতি বা প্ৰাক্তন চাহ জনগোষ্ঠী হোৱাৰ প্ৰশ্ন অপ্ৰাসংগিক। এই যুক্তিটো একে এষাৰে উলাই কৰিব নোৱাৰি যদিও বিষয়টো সিমানতে ৰৈ গ'ল। এই নামক লৈ সময়ে সময়ে বিতৰ্ক হৈ আহিছে যদিও আমি অকল নামক লৈ চৰ্চা কৰি সময় অপব্যয় কৰাতকৈ জনগোষ্ঠীটোৰ উন্নয়নমূলক বিষয় সমূহহে চৰ্চা কৰা উচিত যাতে আমি "ফাঁকি দিয়ে আনিল্ আসাম, হে বিদেশী শ্যাম" বুলি যুগ যুগলৈ অনুসূচনাত দগ্ধ হৈ থাকিব লগা নহয়। কিন্তু বৰ্তমান সময়ত আমাৰ মাজতেই বিভাজন ঘটি আদিবাসী আৰু চাহ জনজাতিৰ নামত তৰ্কবাদ কৰি, হায়- কাজিয়া লাগি সময় অপব্যয় কৰাৰ লগতে আনৰ আগত একতাৰ অভাৱৰ পৰিচয় দি আহিছো। আচলতে আমি ভাৰতৰ ভূমিপুত্ৰ বা আদিবাসী হয় আৰু সেই কথাটোটো কাৰো দ্বিমত থকাটো উচিত নহয়। আনহাতে চাহ জনজাতি বা চাহ জনগোষ্ঠী বুলিলেও আমি একেখিনি মানুহকে বুজিম। দীৰ্ঘদিন ধৰি এই নামটোৰ সপক্ষে_ বিপক্ষে এক বিতৰ্ক বা আলোচনা-সমালোচনা চলি আহিছে। এচামৰ মত এটা উদ্যোগ বা খেতিৰ ওপৰত এটা জনগোষ্ঠীৰ নাম হোৱাত আপত্তি আছে। কাৰণ কুঁহিয়াৰ, মৰাপাট আদিৰ খেতিৰ ভিত্তিত কোনো জনগোষ্ঠীৰ নাম হোৱা নাই। আনহাতে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বৰ্তমান সভাপতি তথা প্ৰাক্তন আটছা নেতা তথা দুলিয়াজান সমষ্টিৰ বিধায়ক তেৰশ গুৱলাৰ মতে চাহ জনজাতি বা চাহ জনগোষ্ঠী নামটো ভুল হ'ব নোৱাৰে কাৰণ অতীতৰ পৰাই ভাৰতবৰ্ষত কৰ্মৰ ওপৰত ভিত্তি কৰিয়েই জাতিপ্ৰথাৰ সৃষ্টি হৈছে। তাৰোপৰি এই জনগোষ্ঠীৰ অধিক সংখ্যকে চাহ উদ্যোগৰ যোগেদিয়েই অসমৰ মাটিত বসতি স্থাপন কৰিছিল আৰু তেওঁ লোক কোনো নিৰ্দিষ্ট অঞ্চল বা নিৰ্দিষ্ট জাতি-উপজাতি বা এটা ভাষা-ভাষীৰ লোক নাছিল। সেয়ে চাহ জনজাতি বা চাহ জনগোষ্ঠী নামটোত বিৰুদ্ধ কৰিবলগীয়া একো নাই। চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ ৰ অৱসৰপ্ৰাপ্ত কল্যাণ আয়ুক্ত প্ৰয়াত সাহিত্যিক গনেশ কুৰ্মীদেৱে এবাৰ নিজৰ মত দাঙি ধৰি কৈছিল যে এই জনগোষ্ঠীৰ লোকসকলে যিহেতু সমূহীয়া ভাৱে ব্যৱহাৰ কৰা ভাষাটো সাডড়ী বুলি কোৱা হয় আৰু সেয়ে ভাষাৰ ওপৰত ভিত্তি কৰিয়েই এই জনগোষ্ঠীক সাডড়ী জনগোষ্ঠী বুলি কোৱাৰ থল আছে। কিছুলোকে আজিকালি চাহ জনজাতি আৰু আদিবাসী এই দুয়োটা নামৰ সংঘাত নিৰাময়ৰ কৌশলেৰে আদিবাসী চাহ জনজাতি বুলি কবলৈ লৈছে আৰু এই নামৰ কেইবাটাও সংগঠন বা সমিতিৰ জন্ম হৈছে। চাহ জনজাতিত শতাধিক উপজাতি আছে আৰু এই লোকসকল অসমত তেওঁ লোকতকৈ উন্নত জাতিৰ লোক সকলৰ সৈতে সমানে অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC/MOBC) ৰ লগতে ৰখা হৈছে। জনজাতিকৰণ নহ'লেও আটছাৰ দাবীৰ ভিত্তিত এই লোকসকলে চাহ জনজাতিৰ নামত অসমত কিছু আছুতীয়াকৈ সংৰক্ষণ লাভ কৰিবলৈ সক্ষম হৈছে যদিও ভুৱাকৈ প্ৰমাণ পত্ৰ উলিয়াই কিছু অনা-চাহ জনগোষ্ঠীৰ লোকে এই সুবিধা লাভ কৰাত প্ৰকৃত চাহ জনগোষ্ঠীৰ লোকসকল বঞ্চিত হৈ আহিছে। যায় কি নহওঁক, নামৰ লগত তৰ্কবাদ কৰি থকাতকৈ আমি জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কাম কৰিব লাগে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই "ফাঁকি দিয়ে আনিল্ আসাম" বুলি হুমুনিয়াহ কাঢ়িব লগা নহয়।

✍️পঙ্কজ ৰবিদাস
ৰঙামাটি, দেৰগাঁও, গোলাঘাট 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)