প্ৰেমত পৰি ইমান দুৰ্বল নহবা নহ'লে তোমাৰ প্ৰেমে তোমাক কন্দোৱাব, যিয়ে তোমাক কন্দোৱাইছে সেইজনক যাবলৈ দিয়া , আজি তুমি কাকতি মিনতি কৰিছা কালতে আকৌ তোমাৰ জীৱনলৈ ঘুৰি আহিব, এদিন আকৌ তোমাক এৰি যাব কাৰণ সি তোমাক প্ৰকৃত ভাল পোৱা নাছিল আৰু পাব নোৱাৰে । তোমাৰ প্ৰেমৰ অনুভৱক যি জনে নুবুজে সেইজনৰ বাবে তুমি কেতিয়াও চকুপানী নুটুকিবা, তুমি এনে এজন মানুহক হেৰুৱাইছা যি জনে তোমাক ভাল নাপায় , আৰু সেইজনে এনে এজনক হেৰুৱাইছে যি জনে আঁতৰি যোৱাৰ পিছত ও তেওঁক মনত পেলায় আছে । সেয়েহে অতীতক পাহৰি বৰ্তমানৰ কথা ভাবা হয়তো বৰ্তমানত কোনোবা ৰৈ আছে তোমাৰ চকুলোমোহাৰি তোমাৰ দুটি ওঁঠত হাঁহি বিৰিঙাবলৈ।
🖋️বিষ্ণু পণ্ডিত
বিশ্বনাথ চাৰিআলি
Dhuniya likhisa ,vall lagil xasa kothai koisa..
ReplyDelete