মোৰ দেশৰ মাটি-অনন্ত কুমাৰ ভূঞা

©Admin
0
অৰুণ ইয়াতে উদয় হয়
চৰণ চুই ইয়াতে সেৱা লয়,
জোনাকৰ অভিজাত সন্ধ্যা
ইয়াতে উপভোগ হয় ।

অনিৰুদ্ধ গতিৰ মন আছে ,
মধুৰ মাদকতাৰ সোৱাদ আছে ,
আশাৰ পৰিধি ইয়াতে বাঢ়ে
অনুভৱ ইয়াতে সজাল ধৰে।

সাহিত্যৰ ভড়াল সাছে
সাংস্কৃতি লুকাই আছে বৰ পেৰাত ,
জাতিৰ গৌৰৱ জিলিকে আছে
কৃষ্টিৰ নৱ সৃষ্টি ইয়াতে ওপজে ।

সেন্দুৰীয়া আম ইয়াতে পায়
লেটেকু পনিয়ল ইয়াতে লাগে
কেতেকী ফুল ইয়াতে ফুলে
ৰজনীগন্ধাৰ সুবাস বৈ যায়।

স্নেহময়ী ভাৱ ইয়াতে ওপজে
প্ৰেৰণাৰ উৎস ইয়াতে আছে,
চেতনা ইয়াতে জাগে 
মৰমৰ পথাৰ খন ইয়াতে আছে।

জীয়া ইতিহাস ইয়াতে আছে,
স্থাপত্যবিদ্যাৰ চিহ্ন জিলিকি আছে,
সমন্বয়ৰ ভেটি গঢ়ি উঠিছে ,
ঐক্য সংহতিৰ নিৰ্দ্দশন আছে।

✍️অনন্ত কুমাৰ ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)