এইখন টকাৰ বেশ-মিনাক্ষী বৰুৱা সূত

©Admin
0
মই তোমাক 
ভাল পাওঁ বাবেই 
কৰি যাওঁ হাজাৰটা ভুল
তথাপি নাযাওঁ 
টকাৰ কথাত ভোল ।
নাভাবিবা তুমি 
তোমাৰ ধন জন আছে
সেই বাবেই মুকুতামণি।
টকা থাকিলেই হ'ব পাৰে
কোনোবা কাৰোবাৰ আপোন 
টকা আছে যাৰ
সেইজন সকলোৰে আপোন । 
টকা থাকিলেই সকলো কৰিব পাৰে
মৰমো কিনা বেচা আদি ;
কাৰোবাৰ ভুলৰ হিচাপ 
টকাই কৰে
সঁচা অংকৰ উত্তৰ 
চকুত নপৰে ।
এইখন টকাৰ বেশত
বেহা-বেপাৰ চলে
মহান মোৰ দেশ 
প্ৰেমৰ ভগৱান ক'ৰবাত লুকায়
বিশ্বাসৰ পৰিণাম 
বেইমানে টকাৰে
কিনিবলৈ পায়।

✍🏻মিনাক্ষী বৰুৱা সূত
লক্ষীমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)