জুবিন গাৰ্গক পদ্মশ্ৰী কেতিয়া দিব ?

Rinku Rajowar
0
পদ্মশ্ৰী হ'ল ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান | বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজসেৱাৰ লগতে কলা-সংস্কৃতিৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱাসকলক এই সন্মান আগবঢ়োৱা হয় | ইতিমধ্যে শিল্প-কলাৰ ক্ষেত্ৰত পাৰবীন চুলতানা, ভূপেন হাজৰিকা, প্ৰতিমা বৰুৱা পাণ্ডে, যতীন গোস্বামী, তফজ্জুল আলী আৰু পি পি বৰুৱাই এই বঁটা লাভ কৰিছে | এইবছৰো ইমৰান শ্বাহ, দুলাল মানকি, বীৰুবালা ৰাভাকে ধৰি মুঠ আঠজন অসমীয়াক এই সন্মান প্ৰদান কৰা হৈছে । নিশ্চিতভাৱে এই স্বনামধন্য লোকসকল এই সন্মানৰ প্ৰাপ্য |
        আমি ভাৱো, ওপৰোক্ত ব্যক্তিসকলৰ দৰে আমাৰ মৰমৰ বিশিষ্ট সংগীত শিল্পী, চিত্ৰ পৰিচালক, অভিনেতা জুবিন গাৰ্গকো এই সন্মান দিয়া উচিত |
        নব্বৈ দশকৰ প্ৰাৰম্ভণিতে 'অনামিকা' এলবামৰ জৰিয়তে এক নতুন সম্পৰীক্ষাৰে খোজ পেলাই আমাৰ সংগীত ক্ষেত্ৰখনক এক বিশেষ মাত্ৰা দিছিল জুবিন গাৰ্গে | সেই সময়ত প্ৰচলিত একঘেয়ামী সংগীতৰ প্ৰতি পিঠি দি নতুনসকলে আদৰি লৈছিল বলিউদৰ হিন্দী গীতসমূহ | তেনে এটা চামে হঠাতে জুবিন গাৰ্গৰ সংগীতত এক অনন্য মাদকতা আৱিষ্কাৰ কৰিছিল আৰু অসমীয়া গান শুনা আৰম্ভ কৰি দিছিল | সেয়া আছিল আৰম্ভণি | তাৰ পাছত ইতিহাস সৰ্বজনবিদিত | 
        অসমীয়া সংগীত আৰু বোলছবি ক্ষেত্ৰখন আজি এটা 'উদ্যোগ'লৈ ৰূপান্তৰ হোৱাৰ মূলতে এজনেই মানু্হ-জুবিন গাৰ্গ | এতিয়ালৈকে আশীটাতকৈ অধিক হিন্দী গীতকে ধৰি প্ৰায় আটাইকেইটা ভাৰতীয় ভাষাত সৰ্বমুঠ বিশ হাজাৰতকৈ অধিক গীতত জুবিন গাৰ্গে কণ্ঠ দিছে | ভাৰতীয় বাংলা সংগীত জগতত জুবিন গাৰ্গ এজন ভোটাতৰা | তেওঁৰ সৃষ্টিৰ ধুমুহাজাক এনেদৰে নিৰন্তৰ বলি থাকে যে তেওঁ নিজেও এতিয়া এটা 'উদ্যোগ'ত পৰিণত হৈছে |
         ইফালে অসমীয়া জাতীয় জীৱনলৈ জুবিনৰ অৱদান অনস্বীকাৰ্য | জাতিৰ হকে ভাল কাম কৰাসকলৰ পক্ষত জুবিন গাৰ্গে যিদৰে সদায় থিয় দি আহিছে, সেইদৰে জাতিৰ অস্তিত্ব বিৰোধী সকলো কথাৰ বিৰুদ্ধে জুবিন গাৰ্গে গৰজি উঠিছে |
        এই সমুদায় কৰ্মৰাজি চালি-জাৰি চালে দেখা যায় যে তেওঁক 'পদ্মশ্ৰী'ৰে সন্মান জনোৱাটো যথেষ্ট পলমেই হৈছে | ৰাজ্য চৰকাৰে ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ | অন্যথা আপোনালোকৰ সামান্য সদিচ্ছা আৰু গুৰুত্বৰ অভাৱৰ বাবেই 'শিল্পীক সন্মান জনাব নজনা' বদনামটোৰ ভাৰ সমগ্ৰ অসমীয়া জাতিয়ে আগলৈও কঢ়িয়াই থাকিব লাগিব | 


🖋️অনুপম হাতীমূৰীয়া
বাকচু খেলুৱা গাওঁ, শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)