মৰম বিচাৰি~ মানস প্ৰতীম মালী

Rinku Rajowar
0
মৰম দিলেহে মৰম পায় । 
মৰম এনেকুৱা এটা অনুভূতি যাক মাত্ৰ হেৰাই গলেহে উপলব্ধি কৰিব পাৰি । 
মানুহৰ পৰা মৰম পাই থাকিলে মৰমৰ অনুভৱ কৰিব নোৱাৰি , কিন্তু মানুহজন যদি আঁতৰি যায় , তেতিয়াহে তেওঁৰ মৰমবোৰ বুজি পায় ।
        কোনোবা  আপোন মানুহ এজন দুৰলৈ গুচি গলেহে মানুহজনৰ মূল্য বুজিব পাৰি ।  যেতিয়া আপোন মানুহ এজনে শত্ৰুজ্ঞান কৰি আমাৰ পৰা আতঁৰি যায় তেতিয়াহে বুজা যায় , দুখ কি ? 
             মানুহ এজনৰ পৰা আতঁৰি যাবৰ বাবে কাৰণ বহুত থাকিব পাৰে , কিন্তু মানুহজনৰ লগত একলগ হৈ থকাৰ এটা কাৰণ থাকিব নোৱাৰেনে ?
          সকলো একেলগে মৰমৰ বান্ধোনত বান্ধ খাই থাকিলে সকলোৱে সকলো সমস্যা একলগ হৈ সমাধান কৰিব পাৰে , কিন্তু আপোন মানুহবোৰৰ পৰা আতঁৰি গৈ এসময়ত মৰম বিচাৰি হাবাথুৰি খাব লগা হয় । মৰম বিচাৰি থকা মানুহ এজনে কোনোবা আপোন মানুহৰপৰা মৰম পাবলৈ উট্টাৱল 
হৈ থাকে । 
              যেনেকৈ জীৱনত দুখ আহিলেহে সুখৰ উপলব্ধি কৰা যায় , ঠিক তেনেকৈ মৰম অবিহনেহে মৰমৰ মূল্য বুজি পায় । 
            সুখ আৰু মৰম দুয়োটা বেলেগ বেলেগ অনুভূতি , কিন্তু দুয়োটাৰ অবিহনে মানুহ এজনৰ  হৃদয়খন শিলৰ দৰে কঠিন হৈ যায় । সুখ আৰু মৰম অবিহনে মানুহ এজন বলিয়াৰ দৰে হৈ পৰে ।
জীৱনত সুখ শান্তি থাকিলে জীৱনটো ৰঙীন হৈ পৰে । জীৱনটোত যেনেকৈ সকলো সময়তে সুখ উপভোগ কৰিব লাগে , ঠিক তেনেকৈ জীৱনত সকলোকে মৰম দিব লাগে  । আনক মৰম কৰিলেহে নিজেও আনৰপৰা মৰম পায় । তুমি যদি আনক মৰম দিয়া তেন্তে তুমি কেতিয়াও কাৰো পৰা মৰম বিচাৰিব নালাগে ।

🖋️ মানস প্ৰতীম মালী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)