পৃথিৱী~ছাইফুদ্দিন আহমেদ

Rinku Rajowar
1
ধেৎ মইনো কি বিচাৰোঁ
সত্যৰ লগত বুজা-বুজিৰ
মাঁথো এক অলিখিত চুক্তি,
এই পৃথিৱীত পৃথিৱীৰ কাৰণে
মই আলোকিত কৰিব লাগিব
..............................পৃথিৱীখন ৷
মই যুজিঁ যাব লাগিব সদায়ে 
মাত্ৰ এমুঠি অন্নৰ কাৰণে
কেতিয়াও কিন্তু মোৰ সংগ্ৰামে
ভাগৰুৱা অনুভৱ নকৰে......৷

অথচ এতিয়ালৈকে যি ভাল পাওঁ
সকলো পায়ো হেৰাইছোঁ মাত্ৰ
নিৰ্জনতা আৰু কোলাহল মুক্ত পথ ৷

এতিয়া আৰু মোৰ সেই পথৰ ছাঁত
বিশ্ৰাম ল’বলৈ আহৰি নাই ৷

অবিৰাম গতিৰে মোৰ সংগ্ৰাম
চলি আছে আৰু......
চলিও থাকিব !
নিঃশব্দে মই আগুৱাই যাব লাগিব ৷

এদিন মোৰ সংগ্ৰামৰ অন্ত পৰিলেও
পৃথিৱীৰ বুকুত মই মোৰ সংগ্ৰামৰ
 ফচল চপাই থৈ যাব লাগিব। মোৰ
পৰবৰ্তী প্ৰজন্মৰ কাৰণে পৃথিৱীখন 
সংৰক্ষিত মই নকৰিলে কোনে কৰিব ৷

🖋️ছাইফুদ্দিন আহমেদ

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment