পৰিশ্ৰমী শৰীৰক ঘামেই প্ৰিয়~অদিতী তাঁতী

0
হাজাৰ বছৰ ধৰি ব্ৰিটিছ চাহাবৰ গোলামী চেহেৰা এতিয়াও আছে আই পিতাইৰ দেহত
চিমনিৰ ধোঁৱা লাগি বৰণ সলোৱা কাপোৰ জোৰৰ গোন্ধই স্পৰ্শ কৰে
জীয়া সপোন বোৰ চুৰমাৰ হ'ল
কুমলীয়া শৰীৰত পৰিশ্ৰমৰ  ঘামৰ টোপাল
সুখ দুখৰ অনুভৱ বোৰ একেটা নলীয়েদি ইফালৰ পৰা সিফাল হ'ল
জীৱনৰ হাঁহি তামাছাৰ দিনবোৰত 
দায়িত্বৰ এচেৰেঙা চাপ 
পিতাইৰ ককাল পৰিল
আইৰ ৰাজহাড় ডাল দুৰ্বল হ'ব ধৰিছে এতিয়া
খামুচি ধৰাৰ ক্ষমতা যেন
ক্ৰমাৎ কমি আহিছে !
পৰিশ্ৰমী শৰীৰক ঘামেই প্ৰিয়
দিন ৰাতিৰ নাম নাই
মূৰত বোজা লৈ হাজাৰ সপোন ৰচা ব্যক্তিজনেই হওঁক বা
হাতত কলম কটাৰী কান্ধত কোৰ লোৱা ব্যক্তিজনেই হওঁক
হাজাৰ বছৰৰ সংগ্ৰাম আজিও প্ৰৱাহিত
চিমনিৰ ধোঁৱাত আৱৰণ সলোৱা
ব্ৰিটিছ চাহাবৰ গোলামী চেহেৰা
আজিও প্ৰতাৰিত চাহ জনগোষ্ঠী।।


    🖋️ অদিতী তাঁতী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)