অচিন বাটেৰে বাট
বুলি থাকোতে ,,,,,,
হঠাৎ এদিন পৰিচিত
হৈছিলো তোমাৰ সৈতে ,,,,
নাজানো সেই পৰিচয়ক
কি নাম দিম ?
প্ৰেম নে বন্ধুত্বৰ ?
প্ৰেমে' নামানে কোনো
জাতি কুল ,
নামানে 'কোনো বয়সৰ সীমা
আবেগ' অনুভৱৰে ভৰা
বাৰেবৰণীয়া , ফুলৰ
মালাৰে লিখিছিলো
বহুতো কবিতা ,,,,,,,
কিজানি তোমাৰ কঠিন
হৃদয় খনি পমি
যোৱাৰ আশাত ,,,,,
তুমিয়েই তো কৈছিলা
তোমাৰ আবেগ , অনুভৱৰে গঢ়া এখনি হৃদয় আছে
কিন্তু ; সকলোবোৰ মিছা ৷
কথাতে ক'য় ! যাচি দিয়া
বস্তুৰ কোনো মূল্য নাই ,
ঠিক ' সেইদৰে উপযাচি
পৰিচিত হোৱা বন্ধুত্বৰো
কোনো আদৰ -সাদৰ নাই ৷
এতিয়া সেই বন্ধুত্বৰ
এনাজৰী ডাল চিঙি গ'ল
তুমি হৈ পৰিলা ,,,,,
এজন অপৰিচয় বিহীন
পথৰ অচিনাকি বাটৰুৱা ৷
------- ০০০০০ -------
🖋️ৰঞ্জু গায়ন ( নামৰূপ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ