বসন্তৰ প্ৰথম বৰষুণজাক-ৰুণু দেবী শৰ্মা

ফাগুনীৰ আলি আই লিগাংত বসন্তৰো নৱ যৌৱন
  যেন মন-প্রান তুলি যোৱা
এক উত্তাল নৃত্যৰ লয়লাসত
উপভোগ কৰিলো ফাগুনৰ
প্রথম বৰষুনজাক। 
ফাগুনৰ প্রথম বৰষুণজাকত
তিতিলো। অনুভৱৰ ৰাগ ঐনিতমৰ এক উদ্দাম নৃত্য, 
উজাগৰী মালতী নিশাত 
বলিয়া ফাগুনীৰ উতলা যৌৱন পুৰি ছাই  হোৱা বসন্তৰ উৎসৱ,ইকাটি-সিকাটি
কৰি উপভোগ কৰিলো; সেই 
বৰষুনজাক। ফাগুনৰ প্রথম 
বৰষুণ জাক, হেৰাই যাব ধৰা
মতলীয়া বৰষুণজাক। 
তোৰ যৌৱনৰ বা মাৰলিত
নামি অহা এজাক মাতাল বৰষুণত তিতি বুৰি আধানার্জি
হ'ম যেন লাগিছিল। 

         ৰুনু দেবীশর্মা। 
     গুৱাহাটী 37
   9101036476

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send