জনজাতিসকলৰ মাজত বিশ্বাস আছে যে ঢেঁকীৰ জৰিয়তে ভৰিৰে চাব দি ধান, পিঠাগুৰি আদি খুন্দিলে লক্ষ্মী আইক অৱমাননা কৰা হয়, সেয়েহে খবলি আকৃতিৰ এই উৰালত ধান অথবা চাউল আদি খুন্দিবলৈ এবিধ হাতেৰে খুন্দা-মাৰি ব্যৱহাৰ কৰা হয়। এই মাৰিডাল সাধাৰণতে টান কাঠৰ। ইয়াক 'ইগি' বুলি কয়। নাহৰ কাঠ 'ইগি'ৰ বাবে উত্তম। 'ইগি'ৰ এটা মূৰত লোহাৰ খাৰুৱা এডাল লগোৱা হয় যাতে দ্ৰব্য সোনকালে খুন্দা হয় আৰু 'ইগি'ডালো নাফাটে। অজনজাতিসকলৰ মাজত এইডাল অৱশ্যে উৰাল-মাৰু ৰুপেই পৰিচিত।
ডিমাছাসকলে উৰালক 'চামথো' আৰু মাৰিডালক 'ৰোমিন', কৃষকসকলে 'থাদৌ', মাৰসকলে 'চাম' বুলি উৰালক নামকৰণ কৰে। 'চাম' বুলি তিৱা আৰু ৰাভাসকলেও কয়। গাৰোসকলে 'এচাম' আৰু বড়োসকলে 'উৱাল' বুলি কয়। অসমৰ উজনি অসমতকৈ নামনি অসমত উৰালৰ ব্যৱহাৰ বেছি।
(সংগ্ৰহ-অসম অভিধান; শাঃ কৌঃ বঃ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ