স্বাধীনতা, সমাজ আৰু নাৰী~প্ৰবন্ধ-জ্যোৎস্না বৰা শইকীয়া

©Admin
0
স্বাধীন বুলি ভাবিও আজিৰ নাৰী স্বাধীন হ’ব পৰা নাই৷ স্ব-অধীন অর্থাৎ নিজেই নিজৰ অধীন৷ নিজে স্বাধীন হ’বলৈ হ’লে পোনতে নিজকে শিক্ষিত কৰি ল’ব লাগিব৷ কেতিয়াবা বিদ্যালয়ৰ শিক্ষাৰে বা কিতাপৰ শিক্ষাৰে শিক্ষিত নোহোৱাকৈও শিক্ষিত হ’ব পাৰি৷ এই শিক্ষা ব্যাৱহাৰিক জীৱনৰ শিক্ষা৷ আধুনিক যুগত নাৰীয়ে স্বাধীনতাৰ কথা অধিক পৰিমাণে উপলব্ধি কৰিবলৈ লৈছে৷ আধুনিক যুগ আৰু নাৰী স্বাধীনতা বুলি ক’লে প্রথমে দুটা শব্দৰ কথা মনলৈ আহে। এটা হৈছে আধুনিক আৰু আনটো হৈছে স্বাধীনতা৷ আধুনিক শব্দটোৱে এটা গতিক বুজায়৷ পুৰণিটোক নতুন দৃষ্টিভংগীৰে গ্রহণ কৰাতে পিন্ধে আধুনিকতাৰ সাজ৷ আধুনিকতাৰ এটা ডাঙৰ বৈশিষ্ট্য হ’ল ইয়াৰ সার্বজনীনতা৷ আনহাতে স্বাধীনতা হৈছে একপ্রকাৰ অধিকাৰ৷ ই জন্মগত অধিকাৰ৷ জীৱন লাভ কৰাৰ লগে লগে আমি স্বাধীনতাও লাভ কৰিছোঁ৷ জনসাধাৰণৰ ব্যক্তিত্বৰ প্রকাশ আৰু প্রতিভাৰ বিকাশৰ কাৰণে দৰকাৰী অৱস্থাটোৱেই স্বাধীনতা৷ স্বাধীনতা অর্জন কৰিবলৈ সক্ষম তেতিয়াহে হ’ব পাৰি, যেতিয়া স্বাধীনতাৰ প্রতি স্পৃহা থাকিব৷ স্বাধীনতা নথকা জীৱন শুকান কাঠৰ দৰেই নীৰস হয়৷স্বাধীনতাৰ বাবে প্ৰথমতে নিজৰ মনটো স্বাধীন কৰি ল’ব পাৰিব লাগিব৷ স্বাধীনতা লাভৰ বাবে দাৰিদ্র্যক বিসর্জন দিব লাগিব, অসুস্থতা আঁতৰ কৰিব লাগিব৷ এই অসুস্থতা শাৰীৰিক অসুস্থতা নহয়, ই হ’ল সামাজিক, পাৰিবাৰিক অসুস্থতা৷ এই অসুস্থতা দূৰ কৰিবলৈ নাৰীসকলে আহৰণ কৰিব লাগিব প্রকৃত জ্ঞান৷
     প্রাচীন কালত নাৰীসকল স্বাধীন নাছিল৷ পুৰুষতান্ত্রিক সমাজখনত পুৰুষৰ কথামতেই নাৰীসকল চলিব লগীয়া হৈছিল৷ মধ্যযুগত নাৰী আৰু এখোজ আগবাঢ়ি আহিল৷ ৰাজনীতি, সমাজনীতি, অর্থনীতি, ৰণক্ষেত্র সকলোতে নাৰীয়ে খোজ পেলালে৷ খোজ পেলোৱাই নহয়, সেই পদচিহুই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হ’ল৷ সেইদৰে
শিক্ষা-সংস্কৃতিতো নাৰী উচ্চ শিখৰত৷ 
      অসমত এনে এটা সময় আছিল যি সময়ত নাৰীয়ে পঢ়াশালিলৈ গৈ শিক্ষা গ্রহণ কৰাতো বাধা আছিল। তেনে অৱস্থাত ধনী পৰিয়ালৰ ছোৱালীয়ে ঘৰুৱা শিক্ষকৰ সহায়ত শিক্ষা গ্ৰহণ কৰিছিল৷ তেনেদৰে শিক্ষা গ্রহণ কৰিয়ে অসমীয়া নাৰীয়ে প্রসিদ্ধ কবি-সাহিত্যিকৰ আসন অধিকাৰ কৰিছিল।স্বৰাজোত্তৰ কালত নাৰীৰ জীৱনৰ প্রসাৰ ঘটিল৷ লাহে লাহে নাৰী আধুনিক হ’ল৷ পাশ্চাত্যৰ আধুনিকতাবাদে সকলো নাৰীকে কম-বেছি পৰিমাণে স্পর্শ কৰিলে৷ ইয়াৰ লগতে নাৰী স্বাধীনতাৰ কথাও সাঙোৰ খাই পৰিল৷ কিন্তু এই স্বাধীনতাৰ প্রকৃত সংজ্ঞাৰ এক প্রহেলিকাময় প্রলেপৰ সৃষ্টি হ’ল৷নিৰাপত্তাহীনতাত ভোগা নাৰীয়ে আজি স্বাধীনভাৱে, মুকলিমুৰীয়াকৈ বাহিৰত ঘুৰিব নোৱৰা হ’ল৷ ঘৰে-বাহিৰে আজি নাৰী নির্যাতন, অপমান, লাঞ্ছনাৰ সন্মুখীন হৈছে৷ এয়া কেৱল অসমতে নহয়, তাৰ বাবে জগৰীয়া কোন? 
    পৰিৱেশ, উশৃংখল মানসিকতা, নে পুৰুষতান্ত্রিক সমাজখনৰ মইবৰ ভাব? প্ৰায়েই ঘটি থকা বলাৎকাৰৰ দৰে ঘটনাবোৰে নাৰীৰ মর্যাদা অৱনমিত কৰিছে, সমাজ কলুষিত কৰি বিকৃত মানসিকতাৰ পৰিচয় দিছে৷ কিন্তু ইয়াৰ প্রকৃত কাৰণ কি? ইয়াৰ অৱসান ঘটোৱাৰ বাবে কি কৰা উচিত সেয়াও এক গুৰুত্বপূর্ণ বিচার্যৰ বিষয়৷ সমাজক বিকৃত পৰিৱেশ আৰু বিকৃত মানসিকতাৰপৰা মুক্ত কৰিবলৈ নাৰী-পুৰুষৰ সমমর্যাদা অতি প্রয়োজন৷ উভয়ে উভয়ক সন্মান কৰিবলৈ শিকিব লাগিব৷           
      এগৰাকী নাৰীৰ উপস্থিতিত যিমানেই উচ্চ পদবীত থকা পুৰুষ নহওঁক কিয়, থিয় হৈ দিয়াটো সৌজন্যৰ নিয়ম বুলি গণ্য কৰা হয়৷ সাধাৰণতে ‘টি চার্কল’ আৰু ‘আর্মি’সকলৰ মাজত দেখিবলৈ পোৱা এনে সৌজন্যসূচক ব্যৱহাৰে মনলৈ আনন্দ কঢ়িয়াই আনে৷ঘৰ এখন ভাগিলেও সদায় নাৰীকে জগৰীয়া কৰা হয়৷ কি কাৰণত ভাগিছে তাৰ কাৰণ জানিবলৈ কাৰোৰে সময় নাথাকে। পুৰুষ জনৰ ভুল হ'লেও কোনেও নকয়। সকলোৱে কেৱল নাৰীকেই দোষী সাব্যস্ত কৰে। 
        যি নাৰীয়ে ঘৰ ৰক্ষা কৰে, সেই নাৰী কেতিয়াও শাখিনী বা ডাইনী হ’ব নোৱাৰে৷ ঘৰ এখনত পুৰুষ আৰু নাৰী উভয়ৰে সমান অধিকাৰ থাকে৷ উভয়ৰে সন্মিলিত ৰূপতহে ঘৰ এখন সুকলমে পৰিচালিত হয়৷ ঘৰ এখনৰ অৱনতিৰ বাবে পুৰুষ-নাৰী উভয়ে দায়ী৷ তেনেস্থলত কেৱল নাৰীগৰাকীক দোষাৰোপ কৰে।তিৰোতাক বশ কৰাটোৱে যেন পুৰুষৰ লক্ষ্য৷ ফকৰা-যোজনায়ো তাৰ পোষকতা কৰিছে৷
প্রাচীন কালৰেপৰা চলি অহা পুৰুষৰ প্রভুত্বৰ বাবেই এনেবোৰ ফকৰা যোজনাৰ প্রচলন৷ কিন্তু এতিয়া সময় সলনি হৈছ়ে, যুগৰ পৰিৱর্তন ঘটিছে৷ মানুহ শিক্ষিত হৈছে৷ সেই শিক্ষিত খিনিয়েই নিৰক্ষৰ মহিলাৰ ওপৰত চলা অত্যাচাৰ ৰোধ কৰি সেইসকল মহিলাক উদ্ধাৰ কৰিব লাগিব৷ পুঁজিবাদী সমাজ ব্যৱস্থাত শ্রমিকসকল সদায় গৰাকীৰ দ্বাৰা অৱদমিত হয়৷ নাৰীসকলো ঘৰখনত, শ্রমিকৰ দৰেই৷ সেয়ে হয়তো পুৰুষে নাৰীৰ ওপৰত অত্যাচাৰ চলায় অথবা নাৰীৰ মর্যাদা লাঘৱ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ কিন্তু কথা হ’ল– নাৰীৰ অৱস্থান জানো শ্রমিকৰ সমতুল্য? পূর্বৰপৰা চলি অহা পুৰুষৰ মানসিকতাই নাৰীক ভীতি প্রদর্শন কৰাৰ পক্ষপাতিত্ব কৰি আহিছে৷ ঘৰৰপৰা উলিয়াই দিয়াৰ ভীতি প্রদর্শনেৰে পুৰুষে নাৰীক হাতৰ মুঠিত ৰাখিছে৷ কিন্তু নাৰীৰ প্রতি অৱজ্ঞাসূচক এই ফকৰা যোজনাবোৰ ওফৰাবলৈ নাৰীসকলে নিজকে শক্তিশালী কৰি তুলিব লাগিব– শৈক্ষিক, অর্থনৈতিক আৰু সাহসিকতাৰ ফালৰ পৰা৷পুৰুষতান্ত্রিক সমাজখনেও মনত ৰখা উচিত যে নাৰীসকলো সমাজৰ এক গুৰুত্বপূর্ণ অংশীদাৰ৷ নাৰীৰ প্রতি থকা নীচাত্মিকা মনোভাব দূৰ নহ’লে সুস্থ সমাজ তথা শক্তিশালী দেশৰ সৃষ্টি হ’ব নোৱাৰে৷ পুৰুষ আৰু মহিলাৰ মাজত সমমর্যাদা সৃষ্টিৰ বাবেও এনে মনোভাব পৰিত্যাগ কৰিব লাগিব৷ সেয়ে প্রাচীন কালৰপৰা চলি অহা বিভেদমূলক, একপক্ষীয় আৰু অৱমাননাসূচক ফকৰা-যোজনাবোৰৰ সত্যতা আমি আটায়ে নুই কৰিব পাৰিব লাগিব৷ পাত, ফল,ফুলেৰে সৃষ্টি হয় এজোপা গছৰ সৌন্দর্য৷ সমাজখনো পুৰুষ আৰু নাৰীৰেহে সৌন্দর্যমণ্ডিত হয়৷ ফল যিমানেই ডাঙৰ হয়, সিমানেই গছজোপাৰ গুণ বৃদ্ধি কৰে৷ ফকৰাত কোৱাৰ দৰে লাও কেতিয়াও পাতৰ তল নহয়৷ সেয়ে নাৰী সম্পর্কীয় এনে ফকৰা-যোজনাবোৰ আমাৰ মানসিকাতৰ পৰা বহিষ্কাৰ কৰাৰ সময় সমাগত৷ আমি বিচাৰোঁ– নাৰীয়েও বলাৎকাৰ, নির্যাতন, লাঞ্জনা আদিৰপৰা মুক্তি পাই স্বাধীন আৰু নিৰাপত্তা সম্বলিত জীৱন যাপন কৰক৷

✍️ জ্যোৎস্না বৰা শইকীয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)