কৌতুক
#লখন বে
ৰাতিপুৱা টেকেলা মাকে টেকেলাক কিতাপ পঢ়াইছে এনেধৰণে।
টেকেলা মাক- বোপা,,, Aফৰ, B ফৰ ,,,,,,একেবাৰে Hফৰ লৈকে যিখিনি জানা সেইখিনি লিখাচোন। মই চাওঁ।
টেকেলা - A4, B4, C4 , D4,. E4,. F4, G4, H4,
টেকেলা মাক - " তোক মই A ফৰ , B ফৰ ,,,একেবাৰে H ফৰ লৈকে লিখিব কৈছোঁ।এইবোৰ কি লিখিছ্,,"
টেকেলা- " মা ,,,কিনো ভুল কৰিলোঁ। তেনেকুৱাই লিখিছোঁ দেখোন,,,"।
টেকেলা মাক- " বাপেৰৰ মূৰটো লিখিছ্,,,,। ভালে ভালে ভালকৈ লিখি দেখুওৱা বুলিছোঁ নহয়,,,,,,"। A মানে কি, B মানে কি,,,,,,,তোক সেইখিনিহে লিখিব কৈছোঁ "। লিখ ,,,।
টেকেলা- " A মানে কি, B মানে কি, C মানে কি, D মানে কি , E মানে কি, F মানে কি, G মানে কি, H মানে কি,,,,,,,,। মা আৰু কিমান লৈকে লিখিব লাগিব।
টেকেলা মাক- H লৈকে লিখিবি,,।
লিখি হ'লত টেকেলাই মাকক দেখুৱালে। মাকে দেখি এইবাৰ চকু কপাঁল উঠিল।
টেকেলা মাক- ",,,,,হে, হৰি,,,,,। হৰলিস্ক, গৰু গাখীৰ এনেই খোৱলোঁ তোক। গোটেই মূৰটোত গোবৰে ভৰি আছে ,,,,"। a মানে আপেল ,b মানে বল, c মানে কেট্, d মানে ডক্,,,,,,। তয় এইখিনিও নেজান্ নে লিখিবলৈ,,?
টেকেলা - নিজে A মানে কি লিখিব কৈছ্ আক্,,, এতিয়া দোষ মোক ধৰিছে,,,,,,।
টেকেলা মাক- " চুপ গাধ,,,,,মাকৰ সৈতে সমানে সমানে ফেৰ মাৰিব আহিছ্। মাৰ পাৱি । মই যি বুজাইছো তেনেকৈ কবি,,। নহ'লে দেখিছ নহয় এইডাল,,,,,।
টেকেলা- আমাৰ ছাৰে A মানে এৰুপ্লেন বুলিছি আক্। আপেল কোৱা নাছিল।
টেকেলা মাক - অ,,অ,,, তেনেকুৱাই কয় বেঙা। তাকে ক,'ব লাগে মানে যিকোনো এটা ক'লে হয়। যেনে B মানে,,,বল, বাস্কেট, বেলুন, ,,মুঠতে আগত B থকাটো লাগে। সেইদৰে c,d,e,,,চব একেই নিয়ম বুজিছ্,,!
টেকেলা - অ,,এতিয়া বুজিছোঁ মা,,।
টেকেলা মাক- মই এতিয়া ওল্টা পুল্টা সুধিম। লিখি যাবি,,,। শেষত মোক দেখাবি।
টেকেলা- হব মা,,,,,,।
টেকেলা মাক- T, K, R, P, M ,,,,,,,এইখিনিয়ে লিখ।
কিছু সময়ৰ পিছত মাকে আহি বহীখন চালে। টেকেলা কাষত নাই। কেতিয়াবাই হাগিব গৈছে।এবাৰ মাকে বহীখন চাই পুৰা হাঁহি দিছে আনবাৰ খংঙো উঠিছে পুতেকৰ ওপৰত। টেকেলাই লিখা বহীখনত এনেধৰণে লিখিছিল :-
RATIPUWA, TERI, MERI,PREM, KAHANI,
সেইদেখি টেকেলা মাকে চিঞৰি মাতিলে পুতেকক " ঐ গৰু, তয় এইবোৰ কি লিখিলি হা,,।
টেকেলাই লেট্ৰিনত হাগি থকাৰ পৰাই টৰপৰাই ক'লে- ওল্টা পুল্টা লিখিছোঁ মা,,,,,,।
টেকেলা মাক- চাল্লা, অথনি পৰা হাগি আছ্ , এতিয়াও হাগি হোৱা নাই তোৰ ,,,ওলাই আহ ভালে ভালে ,,।এইবোৰ কাৰ মূৰাটো লিখিছ্। মজ্জা ওলাব তোৰ পিঠিত এতিয়া,,চাল্লা,,ওলাই আহ,,ভালে ভালে,,এইবুলি কৈ লেট্ৰিনৰ কাষত জাউৰী, জাউৰী গালি দি মাকে দৰ্জাত চেকুনি কোব মাৰিব ধৰিলে ।
তাকে দেখি টেকেলা দেউতাক:- তাক শান্তিৰে হাগিবলৈ দে,,,। নেপাই নহয় মাকজনী তেনেকুৱা কৰিবলৈ,,,।
শুনিছোঁ টেকেলাই বোলে গোটেই দিনটো শান্তিৰে লেট্ৰিনত হাগি আছে😂😂😂😂।
টেকেলা মাক- পাৰিছা সোণ। এইবাৰ মই ফলিত আখৰকেইটা লিখি দিছোঁ। তয় লিখি মোক দেখা। এইবুলি লিখি দিলে মাকে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ