এক
পেঞ্চিলৰ ৰং সানি মানুহজনে
আজি চিত্ৰ আঁকিছে,
চিত্ৰ ভোকৰ তৰণি নোপোৱা দিনৰ,
চিত্ৰ মানৱতাৰে অংকিত জীৱনৰ,
চিত্ৰ জীৱনৰ জয় ধ্বনি ভাষণৰ!
চিত্ৰ পথাৰৰ সেউজীয়া গুটি ধানৰ,
চিত্ৰ কুটীৰ পশ্চাদভূমিৰ!
কুটীৰ ছাদ বুলি ক'লে বাঁহ ,বেত আৰু টকৌ পাত,
কুটীৰ জীৱন বুলি ক'লে দুবেলা দুমুঠি আহাৰ।
দুই
সৌ সিদিনালৈকে আলিটো
কেঁচা আছিল
এতিয়া চাগে পকি হ'ল,
ঘাঁহ বননি বোৰ সম্প্ৰতি মৃত নদীৰ ঘাটত
পৰি আছে।
✍কেশৱ চাউ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ