কেৰ্কেটুৱা-হেমেন হাজৰিকা

     ধাৰাল দাঁতেৰে
    চিৰাচিৰ কৰি খাই
   বুকুৰ কোমল কঠীয়া।।

   পুৱা -- গধুলি
  সুবিধা পালেই
  সতীত্ব হৰণ কৰে।।

  কল , দৈৰ টেকেলী
  গৈছে বুলি
  দলিয়াই দিয়ে
  বাকলি আৰু 
  এৰেহা টেকেলী।।

   থিতাতে লুকাই
   সেউজীয়াৰ মাজত
  ৰস চুহি খোৱা
  সতীত্ব হৰণ কাৰীৰ জাক।।

 ✍ হেমেন হাজৰিকা
            

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send