হোটেল~কবিতা~সোণালী ৰায়

©Admin
0
হোটেলৰ সা- সজ্জাবোৰত
নাই সেই কেঁচা মাটিৰ  
শীতল মনোৰম  সুবাস,
আৰু নাই  মোৰ অমিয়া প্ৰেমৰ 
উত্ৰাৱল উদ্গনি।

য'ত মই বিচাৰিছিলোঁ
তোমাৰ হাতৰ উৎকৃষ্ঠ পৰশ।

কিয়নো ...
তেনে ক্ষনত আছিলোঁ মই 
মানৱীয় প্ৰাণীৰ কৰ্কথনা শুনি।

ক্ৰমাৎ ...
দেহাৰ অংগীকাৰ ব্যয়ত পৰি 
লাঞ্চিত হৈছিল মোৰ 
যৌৱন প্ৰাপ্তি ,
তথাপি বিচাৰিছিলোঁ 
তোমাৰ একাংশ সাহায্য 
যাক লৈ জিনি যাম 
জগতৰ সু-মধুৰ  সমৃদ্ধি ।

✍ সোণালী ৰায়
            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)