পিতাই-ৰমেন চাংমাই

©Admin
0
পিতাই মই তোমাৰ ঔৰসতেই
এই সংসাৰ দেখিলোঁ
তোমাৰ আঙুলিত ধৰিয়েই
চন্দ্ৰকলাৰ দৰে বাঢ়ি আহিলোঁ
মায়া -মোহ ,সুখ- দুখেৰে ভৰা
এই মায়াময় সংসাৰ 

আজি বোলে পিতৃ দিৱস পিতাই
তুমি আমাক কন্দোৱাই গুছি যোৱা
আজি দহটা বসন্ত পাৰ হ’ল 
কেনেকৈ উৎযাপন কৰোঁ পিতৃ দিৱস ?
পিতাই তোমাৰ অবিহনে জীয়াই আছোঁ
বহু উজাগৰি নিশা উচুপি উচুপি

তোমাৰ অবিহনে মোৰ ভাই - ভনীহঁতক
কেনেকৈ ডাঙৰ কৰিলোঁ
আজিও মোৰ বুকু কঁপি উঠে
আজি সিহঁত প্ৰতিস্থিত হ’ল পিতাই
ভনীজনী শিক্ষয়ত্ৰী হ’ল আৰু
ভাইটিটো অধিবক্তা হ’ল
এতিয়া মই সিহঁতক লৈয়ে সুখী 

তোমাৰ কথা ক’লে আইয়ে
সদায় কান্দে অ ’ পিতাই
মই আইক বুজাব নোৱাৰোঁ পিতাই
তুমি থকা হ’লে এই দুখবোৰ নহ’লহেতেন
তথাপিও সময়ৰ সতে খাপ খাই
জীয়াই আছোঁ একবিংশ শতিকাৰ 
মানৱতাহীন এই সংসাৰত

পিতাই তুমি চিন্তা নকৰিবা
আমি এনেদৰেই জীয়াই আছোঁ
হত্যা ,হিংসা,ধৰ্ষণ ,কুৰ্চূত- কপট
আৰু অন্ধবিশ্বাসৰ মাজেৰে
একবিংশ শতিকাৰ যান্ত্ৰিক যুগত 
এনেদৰেই থাকিব লাগিব সদায় 

তুমি য’তেই আছা তাৰে পৰাই
আমাক আশীৰ্বাদ কৰা পিতাই
আমি যাতে সমাজৰ লগত
মিলিজুলি থাকিব পাৰোঁ
অহিংসাত থাকিব পৰোঁ
উন্নতিৰ জখলাত আগবাঢ়িব পাৰোঁ ৷

✍️ৰমেন চাংমাই  
    চাচনী 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)