মাজনিশাৰ হুমুনিয়াহ~কবিতা~জহিৰুল ইছলাম

©Admin
0
পৃথিৱীখন এতিয়া গভীৰ নিদ্ৰাত
দূৰণিত ভোকাতুৰ কুকুৰৰ আৰ্তচিৎকাৰত
কঁপি উঠিছে দুখৰ পান্থশাল

এতিয়া বতৰ 
বিবেক বন্দী কৰি আৱেগক মুক্ত কৰাৰ
নহ'লে যে, আৱেগশূণ্য পথাৰত চলিব 
বিবেকৰ বেপৰোৱা কৰ্ষণ
য'ত গজি উঠিব বহু প্ৰশ্ন বহু কথা

সেয়েহে এতিয়া আৱেগৰ মঞ্চত চলিব
ৰাম নতুবা ৰহিমৰ আখ্যান
ক'ৰবাত ৰাম ৰাজ্যৰ স্বপ্ন বিলাস
ক'ৰবাত ৰহিম গাঁথা
সৰ্বোপৰি পণবন্দী জনতা
কাৰণ........
মহাজনৰ প্ৰতিশ্ৰুতি
খৰিদ্দাৰৰ চাহিদা
দৰদামত এক নিমিলা অংক
নাটকৰ শেষ দৃশ্য পট
ভাৱৰীয়াৰ নিপুণ অভিনয়ত মূৰ্খ জনতা।

✍জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)