অপেক্ষাৰ অন্তত-মফিজুল হক ভূঞা

Rinku Rajowar
0
খিৰিকী খন মেলি বাহিৰলৈ চাই দেখিলে চাৰিওফালে যেন ফৰকাল, চৰাইবোৰে কিৰিলি পাৰি আছে।
সেই মুহূৰ্তটোৰ বাবে মই অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ। মোৰ যেন বুকুৰ পৰা গধুৰ বোজা এটা আঁতৰিল।

মই তেতিয়া দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ আছিলোঁ। মোৰ মনত বহুত হেঁপাহ আছিল জীৱনত সফলতা অৰ্জন কৰিবলৈ। সৰুৰ পৰাই মোৰ মনত এটা আশাই সদায় তোলপাৰ লগাইছিল, এদিন মই উকিল হম আৰু কোৰ্টত বহি মানুহৰ সমস্যা সমাধান  কৰিম। কিন্তু সেই আশা এদিন মৰহি যাব ধৰিছিল। ঠিক সেই সময়তে sweety আহিল মোৰ জীৱনলৈ মোৰ মৰহি যোৱা সপোন জীপাল কৰিবলৈ। মই sweety ক সহজেই আপোন কৰি লৈছিলো।কিন্তু আমাৰ সম্পৰ্ক লাহে লাহে দুৰ্বল হৈ আহিছিল।
          
  Sweety বহুত সৰল মনৰ ছোৱালী আছিল। ভাবিছিলো সকলোবোৰ ঠিকেই আছে কিন্তু তাইৰ অজ্ঞতাৰ মাজতো যে কিবা স্বাৰ্থ থাকিব পাৰে, মিঠা মিঠা কথা কৈ মন জয় কৰা মানুহজনী এতিয়া বেলেগ। লাহে লাহে মই বুজিব পাৰিলো আৰু sweety ক কিছুমান প্ৰশ্ন কৰিবলৈ ধৰিলো। কিন্তু sweety পৰা মোৰ প্ৰশ্নৰ কোনো সঠিক উত্তৰ নাপালোঁ।তেতিয়া মই হতাশ হৈ পৰিছিলো।
বাৰে বাৰে sweety ৰ বিষয়ে মই জানিব চেষ্টা কৰিছিলো। উপায়ন্তৰ হৈ মই sweety ক চিৰ দিনৰ বাবে পাহৰিবলৈ বাধ্য হ'লো।
কাৰণ মই তেতিয়াও সুখী।
মই উকিল আৰু এজন দোকানী হবই লাগিব। তাকে ভাবি মই বহুত কষ্ট কৰি আছো। মাজ বাটত বহুত বাধা পালেও সকলো বাধাকে নেউচি মই কেৱল এটা লক্ষ্যকে আগত ৰাখি আগবাঢ়ি গই আছোঁ। এতিয়া মোৰ চিঞৰি চিঞৰি sweety ক কবলৈ মন যায়, তুমি দিয়া মনোবলৰ বাবে মোৰ হেৰাই যোৱা সপোন পূৰন হ'বলৈ গৈ আছে। প্ৰতিটো দিনাই মোৰ মনত বহুত আনন্দ কিন্তু হৃদয়ৰ এটা চুকত যেন কিবা শূন্যতা অনুভৱ কৰো। মই ওৰেটো নিশা অকলশৰীয়া কৈ শুই শুই চকুলো টুকি টুকি পাৰ কৰো। কিন্তু অতীতৰ কথা যেতিয়া ভাবো তেতিয়াই মই বহুত চকুলো টুকি থাকো।
মই যেন এতিয়া কাৰোবাক সহজতে আপোন কৰিব নোৱাৰা হ'লো।
মোৰ এতিয়া বেলেগ কথা ভাৱিবৰ সময় নাই। গোটেই দিনটো Customer ৰ লগত  ক্ৰয় কৰাতেই ব্যস্ত।
এদিন বস্তু ক্ৰয় কৰাৰ বাবে মোৰ দোকানৰ সন্মুখৰ দোকানত আহিছিল। মই sweety ৰ মুখখন দেখিয়ে চিনি পাইছিলো, কিন্তু sweety মোক চিনি নাপালে। মইও পৰিচয় নিদিলো। মোৰ কবলৈ মন গৈছিল তাইক  অতীতত লগ পোৱা সেই মফিজুল হক ভূঞা টোৱেই মই, যাক লৈ তুমি সপোন দেখিছিলা। মই সেই সপোন জীপাল কৰিবলৈ সংগ্ৰামত নামিছো। কিন্তু তাই নিৰৱ....!!
দোকানটোৰ পৰা বাহিৰ হৈ তাই গুচি যোৱা বাটৰ কাষত থিয় হৈ কেৱল ৰ' লাগি চাই আছিলো.....!!!
                       
 ✍️মফিজুল হক ভূঞা
বি পি চি কলেজ, নগৰবেৰা, কামৰূপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)