দুখে হাজাৰবাৰ আঁচুৰি যায়
তথাপিও শেষ নহয় হেঁপাহৰ আৱেশ ।
সুখী মানুহ হাউলি পৰে
কিন্ত বাগৰি নপৰে ।
জীৱনৰ শিপাই সুখক খামুচি থাকে,
সুখে দুখলৈ মিচিকিয়াই কয়-
তোমাক মই বেয়া নাপাও
থাক লগতে; তই
আছ বাবেইতো মোৰ অস্তিত্ব আছে ।
সুখী মানুহে হাঁহি ভাল পায়,
বিশ্বাস কৰে সুখ বিলাই দিলে বাঢ়ি যায়।
সুখী মানুহে সুখ বিচাৰি নাখাই হাবাথুৰি বুটলি লয় নিজৰ পৰা আনৰ পৰা পৃথিৱী পৰা এধানি এধানি।।
🖋️নিলাশ বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ