বিশ্বাস~অণুগল্প-অৰুণিমা ভট্টাচাৰ্য্য

অনিতাই দীঘলকৈ লোৱা ওৰণিখন দাঙি মানুহজনীয়ে ক'লে "সাইলাখ গোসাঁনী।"
 তাই মানুহগৰাকীক সেৱা জনাবলৈ লওঁতে তেওঁ বাধা দি কৈ উঠিল, "আজিৰ পৰা তুমি মোৰ ছোৱালী...।"
   আৱেগৰ চকুপানীখিনি কোনোমতে বাধা দি তাই মানুহজনীৰ বহল মনোভাৱক সশ্ৰদ্ধ প্ৰণাম জনালে।
   দ্বিতীয় বাৰৰ বাবে শিৰত আঁকি লোৱা ৰঙীন হেঁপাহখিনি এইবাৰ পূৰ্ণতা পাব বুলি তাইৰ বিশ্বাস জন্মিল।
                               
✍ অৰুণিমা ভট্টাচাৰ্য্য।
 বৰপেটাৰোড, বৰপেটা।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send