ভাল পাম তোমাক-সেখ মনিৰুজ জামান ( মুন )

©Admin
1
ভাল পাম তোমাক সেইদিনা ... 
যিদিনা মোৰ চাওঁনিত তোমাৰ মন চাঞ্চল হ'ব,
যিদিনা মোৰ কথাই তোমাক মিঠা আমনি দিব ;
মোৰ কথাবোৰ ভাৱি তোমাৰ দুগাল ৰঙা পৰিব,
শয়নত মোৰে সুগন্ধই তোমাক আলোকিত কৰিব।
যিদিনা মোৰ কবিতাত তোমাৰ স্পন্দন বাঢ়িব
মোৰ সুৰত নিজকে নতুন ৰূপত সজাই পাবা,
মোৰ মুখৰ হাঁহিত তোমাৰ বেদনা পাহৰি যাবা ;
মলিন হ'ব তোমাৰ অশ্ৰু ভগ্ন হৃদয়,
যিদিনা তোমাৰ ভাৱনাৰ সাগৰত কেৱল মোকে পাবা
মোৰ মন দাপোনত তুমি নিজ ছবি দেখা পাবা;
সেইদিনা মই ভাল পাম তোমাক , সেইদিনা ভাল পাম 
সেইদিনাৰ পৰা পুনঃজনমৰ শুভ লগনলৈ ভাল পাম
সেই দিনাৰ লগনত তুমিয়েই হ'বা মোৰ শুভ দৃষ্টি।
সেইদিনাৰ পৰা তুমিয়ে হ'বা মোৰ প্ৰথম আৰু শেষ প্ৰেয়সী।
মই মাত্ৰ তোমাতেই ৰচিম কবিতা , সৃষ্টিম সুৰ 
মই মাত্ৰ তোমাকেই ভাল পাম ! তুমি অবিহনে মই বিলীন,
তোমাৰ প্ৰেমত বলিয়া মই। কৰিছোঁ প্ৰতিজ্ঞা মাত্ৰ তুমিয়ে থাকিবা মোৰ কলমৰ বাণী 
মই মাত্ৰ তোমাকেই ভাল পাম , মোৰ ৰাণী ।


✍️সেখ মনিৰুজ জামান ( মুন ) 
প্ৰথম ষাম্নাসিকৰ পদাৰ্থবিজ্ঞানৰ অধ্যয়নৰত ছাত্ৰ
গোৱালপাৰা কলেজ , গোৱালপাৰা 
 

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বহুত ভাল লাগিছে পঢ়ি ❤️

    ReplyDelete
Post a Comment